Written by sdblogs2011 9:11 am Poems

নাৰ্চিচাছ

হৰেকৃষ্ণ ডেকা

আৰ্চিৰ সমুখত থিয় হৈ

আপুনিও এজন নাৰ্চিচাছ।

কেৱল আপুনি ৰূপান্তৰিত নহয়।

মাগ্ৰিতে এই ছবিখন ওলোটা কৰি দিলে

যাতে আপুনি আপোনাৰ পিঠিখনহে দেখা পায়।

ভাবি চাওকচোন!

যদি আৰ্চিৰ ভিতৰৰ প্ৰতিজনেই

ক্ৰমান্বয়ে

কেৱল নিজৰ প্ৰতিবিম্বৰ পিঠিহে দেখা পায়

আৰু অতীত মুহূৰ্তলৈ গৈ গৈ গৈ গৈ

আৰম্ভৰ এটা বিন্দু পায়গৈ,

তাৰ আগত আৰু একো নাই।

ধৰি লওক

তাৰ পৰাই আৰম্ভ হ’ল

এক নতুন জীৱন

নতুন নিয়ম

নতুন ক্ৰীড়া!

কি উদ্ভট!

এই খেল অসম্ভৱ।

আপুনি আপোনাৰ পিঠি কাহানিও নেদেখে ।

সকলো আৰ্চিৰ সমুখত আপুনি

কেৱল হব পাৰে নাৰ্চিচাছ।

প্ৰসঙ্গ: মাগ্ৰিতৰ ছবি Not to be Reproduced.

Visited 2 times, 1 visit(s) today
Website |  + posts
Close