Written by sdblogs2011 7:23 pm Poems

নাঃ বগা ৰং নালাগে

 মনালিছা শৰ্মা

ৰংহীনতাই বগা

বগাত তুলি দিব পাৰি সমস্ত ৰং

এপাহ তেজৰ গোলাপ

সূৰুযমুখী ফুলৰ নৃত্যৰতা পৃথিৱী

অথবা পৰ্বতৰ ভংগীল সেউজীয়া

সকলো ৰঙেই জীৱনৰ

ৰংবোৰে লগত লৈ ফুৰে

গাঁৱৰ নিৰ্জনতা

আৰু নগৰৰ কোলাহল

ৰংবোৰ অৰণ্যৰ বসন্ত

বাঁহনিৰ বাজি থকা বাঁহী

ৰংবোৰ শৈশৱ

বকুল তলৰ লুকাভাকু

ৰংবোৰ শালত বছা বুটা

আইৰ কপালৰ দগমগীয়া ফোঁটা

ৰংবোৰ প্ৰেম আৰু বিশ্বাস

সমস্ত ধুনীয়াৰে আলোকিত হোৱা ৰংবোৰ চৰাই

ৰংবোৰে লুকুৱাই থয় শ্বেতাংগৰ দাসত্বত শৰাশায়ী হোৱা

ক’লা বৰণীয়া সাধুৰ ইতিবৃত্ত

ৰংবোৰ বিপ্লৱ আৰু স্বাধীনতা

ৰংবোৰ কিতাপৰ পাতত ভাঁজ কৰি থোৱা মানচিত্ৰ।

নাঃ বগা ৰং নালাগে

মৃতকৰ কফনখনৰ দৰে

বিস্মৃতিৰ বৰফো বগা।

ৰংবোৰেই থাকক বিশ্বস্ত হৈ

কেঁচুৱাৰ প্ৰথমটো কান্দোনৰ দৰে

চুমা আৰু গানৰ দৰে_

ৰংবোৰেই তৰ্জমা কৰি থাকক

অন্ধত্বৰ অন্ধকাৰ আৰু

মৌনতাৰ বেৰত ওলমি থকা জীৱনৰ

বোবা কেনভাছ।

Visited 2 times, 1 visit(s) today
Website |  + posts
Close