Written by sdblogs2011 7:49 am Poems

নম্বৰ দিয়া গছবোৰৰ কথা

মানস প্ৰতিম দত্ত

পদপথৰ কাষত হালিজালি নাচি থকা

মই এজোপা সোণাৰু

মোৰ কাষে কাষে সৌৱা

আজাৰ, গমাৰি, কদম

মোৰ হালধীয়া ফুলবোৰ

আজাৰৰ বেঙুনীয়াবোৰ, কদমৰ বগা-হালধীয়া সপোনবোৰে

অনবৰতে আপোনাৰেই কথা ভাবে

পাতবোৰ অথবা ডালবোৰে

লৰে, কঁপে, ছাঁ দিয়ে

কিজানিবা আপোনাৰ শৰীৰে দুখত হুমুনিয়াহ কাঢ়েই

ক’ৰবাৰ পৰা উৰি আহে

টুনি, টোকোৰা অথবা এটা বিশাল ৰজা শগুন

চুবুৰীয়া শিমলুজোপাৰ দেহত ভৰ দি

ঘৰ সাজে বগাপিঠীয়া অথবা ৰজা শগুনে

যেন তাৰ চুলিত বন্ধা এডাল বেণী

এতিয়া আপোনালোকে মোৰ বুকুত বহুৱাই দিছে

একোটা নম্বৰ

এয়া পৰিচয়ৰ নম্বৰ নহয়

এয়া কৃতজ্ঞতাৰ নম্বৰ নহয়

এয়া

এয়া মোৰ মৃত্যুৰ নম্বৰ

বিনিময়ত আপুনি হেনো বহল পথেৰে

চলাব পাৰিব গাড়ী, মটৰ অথবা ভাগৰুৱা ভৰিৰ খোজ

কেৱল, বাটবোৰত জিৰাবলৈ

বাটবোৰত বহিবলৈ মই নাথাকিম

নাথাকিব নম্বৰ দিয়া

আজাৰ, সোণাৰু অথবা শিমলুৰ মুকলি দুহাত৷

Visited 2 times, 1 visit(s) today
Website |  + posts
Close