Written by sdblogs2011 8:26 pm Poems

নদীৰ মোহত বন্দী গাভৰুজাক

লক্ষীপ্ৰসাদ ৰেগন

পাৰতে গাগৰি এৰি

নামিছে গাভৰুজাক বোঁৱতী নদীত

পানী কাউৰীৰ দৰে শুভ্ৰ বুকু তিয়াই

আৰম্ভ হ’ল খিলখিল হাঁহি

তাৰে মাজৰ কোনোবাজনী যেন ৰাধাহে

সকলোৱে বিভোৰ এতিয়া যমুনা তীৰত

পাৰৰ গাগৰি অতিষ্ঠ হৈ

পাৰতে লুটি-বাগৰ মাৰিছে

এতিয়া গাভৰুজাকৰ মৌন ওঁঠে ওঁঠে

অইনিঃতমৰ কলি

নদীৰ সোঁতে সোঁতে বৈ যায়

নৈপৰীয়া গাভৰুজাকৰ

মিঠা অইনিঃতমৰ গুণগুণনি

ফটিক পানীত মুখ গুঁজি

আপোন পাহৰা হয় ঘাটৰ ৰমণী

ভ্ৰাম্যভাষ : ৮৪৮৬৭৭৩২০২

Visited 3 times, 1 visit(s) today
Website |  + posts
Close