Written by sdblogs2011 12:32 pm Poems

নদীবোৰ শুকাই যোৱাৰ আগতে

( নীলমণি ফুকন ছাৰৰ জ্ঞানপীঠ প্ৰাপ্তিত)

গায়ত্ৰী দেৱী বৰঠাকুৰ

   বাখ্যেয় পংক্তি-

নদীবোৰ শুকাই যোৱাৰ  আগতে

প্ৰসংগ-

নদীবোৰ শুকাই যোৱাৰ আগতে

ব’লা আমি

এপলক জী আঁহোঁ

পাহাৰৰ  হৰিৎ* বুকুত

সংগতি-

সভ্যতাৰ শুকান বালিত

অশ্বাৰোহী সৈনিক এজনে

তেজে- তুমৰলি

বৰ্ণমালাক নিচুকাই কৈছিলে

কালিলৈ বেলিটো

হালধীয়া হ’ব

 ব্যাখ্যা-

 আমাৰ

সূৰ্যমুখী  হৃদয়ত

ফুলিব হাজাৰপাহ

 শব্দময় সুকোমল  ফুল

 স্বৰ আৰু ব্যঞ্জনৰ শস্য- শ্যামল

 পোহৰত

জিকিমিকাই উঠিব

অযুত তৰাৰ সপোন

ধী আৰু শ্ৰীৰ সঞ্জীৱনী সঞ্চাৰ

জ্বলি উঠিব হাজাৰ গচি  স্বৰ্ণালী বন্তি

 শুনা অ’মোৰ বুকুৰ সুহৃদ 

 সুজলা – সুফলা দেশ

আমি  পূৰ্ণাংগ নাগৰিক

অন্য একো অভিজ্ঞান

 নালাগে

আমাক

নিজৰ পোহৰত নিজেই  

জিলিকি উঠিম আমি

আমাৰ কপট নিন্দ্ৰা  ভাঙি

আকাশ অভিমুখে

যাত্ৰা কৰিম

নক্ষত্ৰপুঞ্জ আমি

দাপোণত আমাক চাম

বিজয়ৰ নিচান উৰুৱাই

আজুৰি আনিম অলকানন্দা

আমাৰ আকুল আহ্বানত

সূৰ্য নামি আহিব এই নদীয়েদি

সিৰা- উপসিৰাত বাজে  চোৱা  এইয়া

 কিনো সুমধুৰ-আকুল মঙ্গল-মুৰুলী

( আশাৰ কুসুমে জীয়াই ৰাখিব বাজিনৱতী * সৰস্বতী৷ আমি ৰ’ লাগি শুনিম নদী আৰু কবিৰ কাহিনী।)

* সেউজীয়া।

* শস্যময়।

Visited 2 times, 1 visit(s) today
Website |  + posts
Close