মিণ্টুল হাজৰিকা
মই নজনাখিনিত
সিহঁতে প্ৰায়ে নিমখ এচালি বাকে
আৰু চাকে
সেইখিনিত সিঁহতে ৰুকি ৰুকি সোধে
আৰু মই
হাঁহি এটা মাৰি নজনাখিনিক মূৰ দোৱাই সামৰি-সুতৰি লওঁ
মই সিহঁতক নেদেখুৱাও
মোক দিয়া যন্ত্ৰণাক কেনেদৰে মলম সানি সানি নিজকে টোপনি নিয়াওঁ
অনবৰতে
এনে কিছুমান ঘটনা ঘটিয়ে থাকে…
সমগ্ৰ দেহ পিঞ্জৰা দখল কৰি
সি ডুখৰীয়া পীৰা পাৰি বহে
আৰু চক্ৰবেহু ৰচে
তাত মই বামুণবড়ীৰ বৰ আমজোপাৰ শেষ দশা হওঁ
আকাশৰ পৰা নামি অহা জুইৰ হাত দুখনে
সাবটি বুকুৰ মাজত চালি-জাৰি সুমুৱাই থয়
যৌৱনৰ শ্যামল মুদ্ৰা
প্ৰতিদিনে আৱিষ্কাৰ কৰোঁ
নতুনকৈ আৰু এটা নজনা কথা
বামুণবড়ীৰ অৱশিষ্ট গছকেইজোপাত
যি লমালমে লাগি আছে
‘অভাৱে আৱিষ্কাৰৰ মূল’
ধুমুহাৰ প্ৰান্ততো শান্ত-গধুৰ মন্ত্ৰ
তীক্ষ্ণ চাকুখনে সহজে ৰুকিব পৰাকৈ
মই খুলি থওঁ বুকুৰ বুটাম
আয়ে বিহুৱে-তিথিয়ে
যেন ৰুকিবলৈ বাকলি গুচাই থোৱা নাৰিকল এযোৰ
আমাৰ কান্দিব পৰাকৈ পানীৰ এখন সাগৰ থাকিলেও
চকুলৈ নামি আহে মৰুভূমিৰ বেলাড সন্ধ্যা
গঞাৰ অভিসন্ধিত পৰি নজনাখিনিয়ে
এদিন ৰোকনী এখন পিটি আনি
কমাৰৰ বাঃ বাঃ ল’লে
গঞাই তাক সভা-সমিতিলৈ আলহী কৰি মাতি নিয়ে
পুষ্পসম্ভাৰেৰে আপ্যায়ন কৰে
আৰু তাৰ গৰাকীক ৰুকিবলৈ দিয়ে
‘গৃহস্থ মৰক, মোৰ পেটটো ভৰক’ বুলি
সি নটী যেন বিড়াল পদ্য মাতে
আৰু ৰোকে
লোহাই কমাৰে মিলি চাপৰি বজায়
আৰু দিহাদিহি ওভতে …
মই কঠোৰ পিতৃ শাসক নহয়
যে বংশ মৰ্যাদা হানি কৰা সন্তানক
ঘৰত সোমাবলৈ নিদি
পহৰা দি থাকিম জপনামুখত
আৰু এইটোও ঠিক যে, মইনো কোন কূটা ?
সি মোক যন্ত্ৰণাৰ পাহাৰ এটা উপহাৰ দিলেও
তাক মই লালন কৰি থাকোঁ উশাহত
আৰু ধূসৰ পাহাৰটোলৈ চাই চাই
ঘঁহি থাকোঁ মোৰ ভোটা মগজুক !
***
ভ্ৰাম্যভাষ : ৮৬৩৮২৫৯০৭৩
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
