Written by sdblogs2011 12:58 pm Articles

দোৰোণৰ প্ৰতিপাল

নিৰু দত্ত 

সোণমইনা নিচেই কেঁচুৱা

উঠিল তমোময় জ্বৰ,

চকু ঢেল খায় নুঘূৰে উশাহ

মায়ে খালে থৰমৰ৷

আইতা আছিল তামোল চোবাই

ওঁঠত সেলেঙি বোৱাই,

থাওকতে উঠি মেলিলে ঢাপলি 

চাদৰখন নিলে চোঁচৰাই।

লোদোৰ-পোদোৰ দোৰোণৰ আগ

এটি আনিলে ছি‍ঙি,

মৌৰ লগত হাতেৰে মোহাৰি

চেপিলে আৰকখিনি।

আঙুলিৰ আগেৰে জিভাত চেলেকালে

সোণমইনাই টপালি খালে,

জ্বৰো নামিলে গাটোও ঘামিলে

বেলা দুপৰলৈ শুলে।

আঘোণ মহীয়া নিয়ৰত তিতি

মোৰো হ’ল পানী লগা,

কুহুৰ্-কুহুৰ্ কাহ মাৰি মাৰি

খালোঁ যমৰ যাতনা।

আইতাই ক’লে ব’ল বাৰীলৈ

নকৰি পলম এতিয়াই,

দোৰোণ-ফুল চুহি খাই ভাল পাবি

কাহো পলাব ভিৰাই।

হেজাৰ-বিজাৰ বগা দোৰোণ-ফুল

শাকনিত আছে ফুলি,

লাই লফা চুকা ধনিয়াই হাঁহিছে

পখিলা আছেহি উৰি।

আইতা আমাৰ কবিৰাজ ডাক্তৰ 

থিতাতে বেমাৰ চিনে,

টেকেলিপেটীয়াৰ পেলু উলিয়াবলে

দোৰোণ শাক ভাজি দিয়ে।

তৰ্জনী বুঢ়াৰে টিপা মাৰি নাক

তপককে এগৰাহ গিলোঁ,

দোৰোণ শাকৰ ইমান মহিমা 

আটাইকে জনাই থ’লোঁ।

ঠিকনা :

সৰুপথাৰ-৭৮৫৬০১

গোলাঘাট

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close