Written by sdblogs2011 11:37 am Poems

দেও

গুণাৰাম শইকীয়া

ইমানবোৰ দেও-পিশাঁচৰ গল্প বাটে-ঘাটে

চৰুৰ চাউল নিসিজা হ’ল, সন্ধিয়াতে নুমায় দুখৰ লণ্ঠন

পাতিচাইকেল এখনো বাটলৈ নোলোৱা হ’ল

নিমখৰ দাম বাঢ়ি বাঢ়ি – আয়’ডিন কমি যোৱা আইৰ চকুত

বিষণ্ণ হালধীয়া কাহ এটাৰ অস্বস্তি

গোটৈই গাঁওখনতে জ্বৰ – চাৰিওখন এম্বুলেঞ্চতে অক্সিজেন নাই

মাইকণৰ মাকৰ চিঞৰ – বাপকটো ঢুকাব দুমাহ হৈছিল হে’ বিধি

ছিৰিলি- ছিৰিলিকৈ ফলা কেঁচাখৰি- কােনোপধ্যে নজ্বলে িচতাৰ জুই

নৈৰ সিপাৰৰ বাইলুঙে আহি তালফাল লগাইছে

হেনো কোনোবা দেও-ভূত চাপিছে

বিহলঙনীৰ আগ ৰঙা পৰি শুকাই লেৰেলিল

তথাপি বাপুকণৰ নাড়িৰ বিষ নকমিল

বিপন্ন দিনক পোহপাল দিওঁতে দিওঁতে শেষৰ দিনা সি

লঘোণে আছিল

কি দেও চাপিছে  কি দেও চাপিছে

উজাগৰী গঞাৰ চকুলৈ নামিছে কাল ঘুমটি 

——- 

Visited 2 times, 1 visit(s) today
Website |  + posts
Close