Written by sdblogs2011 1:13 pm Poems

দৃশ্যান্তৰ

(ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ পিছৰ পৰ্ব)

দাদুল ভূঞা

যুদ্ধত উঁৱলি যোৱা চহৰখনলৈ

যেতিয়া শৰণাৰ্থীসকল উভতি আহিছিল

তেওঁলোকে নিজকে চিনি পোৱা নাছিল

কান্দিব জনা নাছিল, হাঁহিবলৈ পাহৰিছিল

শাৰীপাতি থৈ দিয়া মৃতদেহবোৰ

চিনি পোৱা নাছিল

(যদিও সেই শবোৰৰ মাজতে থৈ দিয়া হৈছিল

তেওঁলোকৰেই আপোন মানুহ)

উঁৱলি যোৱা ঘৰবোৰত

ফেঁচাৰ কিৰিলি

মুখমণ্ডলত লাগি ৰৈছিল এটা গভীৰ ৰাতি

ভাব আৰু ভাষাহীন হৈ পৰা মানুহৰ চকুত

এটা তীৰ্যক প্ৰশ্নবোধক

ভুল কাৰ?

— ৰজাৰ নে প্ৰজাৰ?

ৰাতিৰ আকাশ দুছেও কৰি

এন্ধাৰৰ মেহফিল সাজি আগ বাঢ়ি যোৱা আৰ্তনাদত

কঁপিছিল জন্মভূমি স্বৰ্গাদপি গৰীয়সী

বেদনাৰ উল্কাপিণ্ডত মৃত সময়

মৃত আকাশৰ শুকুলা মেঘ

ধোঁৱা, ছাই, মাটি, নৈ

কেঁচা তেজৰ কোবাল সুঁতি

তেজলগা মাটিত পৰাজয়ৰ গ্লানি

কংক্ৰিটৰ দেৱালত

প্ৰচণ্ড ক্ষোভৰ জ্বালামুখী

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পিছৰ পৰ্বত

আমি পুনৰ লগ হ’ব পাৰিমনে সখী 

দৃশ্যান্তৰৰ পট-পৰিৱৰ্তনেৰে

এচেৰেঙা ৰদ, সেউজীয়া বৰষুণ

খেয়ালি কবি-মনত

প্ৰশ্নবোধক

প্ৰশ্নবোধক

***

ঠিকনা :

গাঁও : মাগনি, গহপুৰ

জিলা :বিশ্বনাথ

ডাক : মাগনি

পিন : ৭৮৪১৬৮

ভ্ৰাম্যভাষ : ৯৮৫৯২৮৯৩২৫

ই.মেইল : dadul.bhuyan@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close