Written by sdblogs2011 4:54 am Poems

দুল

জয়ন্ত দত্ত

গান এটাই চকটো কপাই থাকে
পুতৌৰ হাতবোৰে হুমুনিয়াহ কাঢ়ে
চকুৰ আন্ধাৰ নেওচি উজলে মাতৰ সোণ-ৰূপ
কণ্ঠ ফাটি নিগৰা তেজে সেই অন্ধত্বৰ সিপাৰৰ
ট ট দুহালি চকুৰ ভোগ মচে….

সেই গানৰ কঁপনিৰ তলেৰে
দুলৰ প্ৰতিদিনেই অহা-যোৱা
যোগ্যতাৰ শিখৰত উঠিও প্ৰতিবাৰেই
সি ৰৈ যায়….
বিয়াগোম টেবুলত সজাই থোৱা
ঘোছৰ লোলুপ ফুলদানিবোৰৰ সিয়াৰে মূৰ জ্বলাই…

সি অজানিতে চকটো কঁপোৱা গান এটা গোৱাৰ
আখৰা কৰে…
নিষেধ কৰাৰ কথা ভাবে নখাল পোহৰক

তাৰ শেৱালি নামৰ এটা অতীত আছিল
শেৱালিৰ দীঘল হাতৰ বাপেকে প্ৰাপ্তিৰ সমস্ত
ৰঙে‍ৰে আঁকি তাইক টিক্‌টিকিয়া কৰিছিল

আৰু এদিন তাই উঠি গৈছিল ভোগৰ চূড়া এটাৰ মনিব নোৱৰা ওখলৈ…
দুলো ওখ হ’ব খুজিছিল নমাবলৈ তাইক

পিছে শেৱালি শেৱালি হৈ নাই
ঠগ খাই বেলিৰ মুখ নাচাওঁ বুলি
আন্ধাৰতে সৰা শেৱালিফুলৰ দৰে
তাই আজি এটা কাহিনী

ঠিকনা :দ গাঁও নলনি খাতডাক— গৰখীয়া দ’লযোৰহাট— ৭৮৫০১৫ভ্ৰাম্যভাষ— ৯৩৬৫৪৫৭৭৫১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close