Written by sdblogs2011 11:32 am Poems

দুপৰৰ গণিত

 হিল্লোলজ্যোতি সিংহ

ভৰ দুপৰীয়া

ৰাজপথৰ কিনাৰত

থিয় হৈ আছে

এজন বুঢ়া মানুহ

মাটিত পৰা নাই

তেওঁৰ ছাঁ

পিন্ধনত আঁঠুমূৰীয়া আংচা*

আৰু ফটা চোলা

সমুখত এটা গাখীৰৰ বটল

বিকিলে আশী টকা

দৰৱ কিনিব

নাতিয়েককেইটাৰ বাবে

এপেকেট বিস্কুট

ৰাস্তাৰ সিটো পাৰে

বিলাতী মদৰ দোকানখনত

গ্ৰাহকৰ ভিৰ

ইপাৰলৈ আহিবলৈ

যানজঁট বৰ

ভূমিৰ লগত সমকোণ কৰি

লম্ব বুঢ়া মানুহজন

চুইছেগৈ সূৰ্য

তেওঁৰ সন্নিহিত কোণত

মদৰ দোকানখন

পৰস্পৰ বিপৰীত

সমান্তৰাল বিন্দু দুটাৰ মাজেৰে

গাড়ী চলাই নিওঁতে

আহিত নহ’লোঁ মই

গাখীৰ বেচিবলৈ তেওঁৰ

কিউ আৰ ক’ড নাই

*আংচা : ৰাজবংশী পুৰুষে পিন্ধা দীঘল গামোচাৰ দৰে সাজ

Visited 2 times, 1 visit(s) today
Website |  + posts
Close