Written by sdblogs2011 5:41 am Poems

দুটা কবিতা

বিশাল অনুৰাগ

শীত

তুমি এৰাসুঁতি এটা হ’লে 

মই কহুঁৱা হৈ কুৱঁলীত বুৰ যাওঁ

আৰু ৰ’দলৈ বাট চাওঁ 

বালিৰ ধোঁৱাত পানী-ধোঁৱা হৈ ভ্ৰমিবলৈ 

মইতো নহ’লো পানী-মকৰা 

পৰালৈকে পাৰতে থাকিম 

তোমাৰ চেঁচা কঁপনিক নিচুকাই 

গঁৰাৰ স’তে এনেয়োতো খহিম বাৰিষাত 

পূৰ্ণিমা 

আজি নিজৰেই প্ৰেমত পৰিব জোন

কলংকিত তুলসীক পোহৰেৰে ঢাকি

কোলাত তুলি ল’ব মৃগৰ যৌৱন  ।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close