Written by sdblogs2011 4:53 am Poems

দুটা কথাৰ কবিতা

প্ৰাণজিৎ মহন্ত

(১)

কথাবিলাকনো আৰু কি

তুমি কাষত আছা যেতিয়া কথাই নাই

আৰম্ভ কৰোঁ বুলি ভাবিলে

এই আৰম্ভ কৰিব পাৰি

আৰু শেষ কৰোঁ বুলি ভাবিলেও পাৰি

কৰিব শেষ তৎক্ষণাত

কাৰণ মোৰ সকলো কথাৰ

শেষ আৰু আৰম্ভণীতো তুমিয়েই

(২)

সকলো কথাই কথা নহয়

সেইবাবে সকলো কথাক

আমি নাভাৱো কথা বুলি

তোমাৰ কথাই কওঁ

তুমি কথা বুলি ভৱাবোৰত

যদি মোৰ কথা নাথাকে অলপো

তুমি জানো ভাবা

শেই কথাক কথা বুলি

ভ্ৰাম্যভাষ: ৮০১১৩০১৩২৩

Visited 1 times, 1 visit(s) today
Website |  + posts
Close