Written by sdblogs2011 7:58 am Articles

দিক পৰিৱর্তন


মূল (বাংলা) : মানিক বন্দ্যোপাধ্যায়

অসমীয়া অনুবাদ : বাসুদেব দাস

মনোহৰৰ ইমান খ্যাতি যে ৰোগীবোৰ যেন তেওঁৰ হাতত মৰিবলৈও ভাল পায়।মনোহৰৰ প্রকাণ্ড তিনিতলা ঘৰৰ দ্বিতীয় আৰু তৃতীয় মহলাদুটা থকাৰ বাবে, তলৰ মহলাত ডাঙৰ ডিছপেনছাৰি আৰু ঔষধৰ কাৰখানা। মনোহৰৰ আৱিষ্কৃত কেইবাটাও পেটেণ্ট ঔষধ আছে। কিছুমান ৰোগৰ বাবে উপকাৰী সকলোৰে জনা সাধাৰণ কিছুমান ঔষধৰ লগত আৰু কিছুমান মানুহৰ পেট, তেজ, স্নায়ু আদিৰ বাবে উপকাৰী ঔষধ মিহলাই যিবোৰ পেটেণ্ট ঔষধ সাধাৰণভাৱে তৈয়াৰ হয় আৰু অসংখ্য বিজ্ঞাপনৰ জৰিয়তে অসংখ্য ৰোগীৰ উদৰত প্রৱেশ কৰে, মনোহৰৰ ঔষধবোৰ সাধাৰণতে তেনে ধৰণৰ নহয়। তেওঁৰ ঔষধত যিখিনি প্রকৃ্ত গুণ আছে আৰু সেই ঔষধ খাই ৰোগীৰ যিখিনি উপকাৰ হয় সেয়া মনোহৰৰ বহুদিনৰ চিন্তা,পৰিশ্রম আৰু পৰীক্ষাৰ ফল।

গতিকে মনোহৰৰ পেটেণ্ট ঔষধ অলপ কম বিক্রী হয়। তথাপি তেওঁৰ অভাৱ বুলিবলৈ একো নাই। তেওঁৰ নিজা স্বাস্থ্য আৰু চেহেৰা বেয়া নহয় আৰু চৰিত্রও ভাল!তেওঁৰ পত্নী যথেষ্ট শকত-আৱত আৰু সুন্দৰী। লৰা-ছোৱালী দুটাও দেখিবলৈ ভাল।পৰিচাৰিকা, চাকৰ, দাৰোৱান, কম্পাউণ্ডাৰেৰে তেওঁৰ ঘৰ পৰিপূর্ণ।

সেই যে পৰিচাৰিকাজনী, তাইৰ নাম সখি। সখিৰ বয়স নিচেই কম আৰু তাই বিধৱা।তাইৰ গৰাকী আছে কিন্তু কোনো মালিক নাই।

কিন্তু তিৰোতাৰ – বিশেষকৈ সখিৰ নিচিনা  বয়সৰ- আইনসঙ্গত মালিকৰ আসনখন শূন্য হৈ থাকিলে আইন অসঙ্গতভাৱে সেই শূন্য আসনখন দখল কৰাৰ বাবে চেষ্টা চলোৱা মানুহৰ মুঠেও অভাৱ নহয়। চাকৰ, ঠাকুৰ, দাৰোৱানৰ পৰা আৰম্ভ কৰি ডিছপেনছাৰিৰ কম্পাউণ্ডাৰলৈ সখিৰ সম্পর্কত আটাইৰে মনৰ বিকাৰ।

ধর্ম থাকে মন্দিৰত, চার্চত, মছজিদত- বিৱেক থাকে হৃদয়ত। নীতিজ্ঞান সকলো ঠাইত বিয়পিয়ে আছে। তথাপি যে মানুহৰ, বিশেষকৈ মাইকী মানুহৰ নীতিজ্ঞানক অকলে জ্ঞানৰ ক্ষেত্রতেই বহুঠাইত সীমাৱদ্ধ কৰি ৰখা দেখা যায় কিয়নো এজন মানুহক জ্ঞানতেই হওক বা অজ্ঞানতেই হওক, আন এজন মানুহৰ নৈতিক জীৱনৰ চাৰিসীমাত গঁথা দেৱালখনক থিয় কৰাই ৰাখিব লগীয়া হয়। ‘কিবা এটাৰ’ কাৰণে নহয়, আদমৰ আপেল খোৱাৰ দিনৰ পৰাই ‘কাৰোবাৰ’ বাবে আমি ভাল নাইবা বেয়া অথবা মধ্যবিত্ত হৈ আছোঁ।

সকলোৱে প্রলোভন দেখুৱায় কিন্তু মনোহৰক সখিয়ে ইমান ভক্তি আৰু শ্রদ্ধা কৰে যে তেওঁৰ দৰমহা খোৱা চাকৰৰ প্রলোভন তাই সহজেই জয় কৰি চলে। কম্পাউণ্ডাৰেও এদিন এখন পাঁচ টকীয়া নোট সখিৰ আঁচলত বান্ধি দিবলৈ গৈছিল, নোৱাৰিলে।

অথচ পাঁচ টকা সখিৰ এটা মাহৰ উপার্জন।

এনেকৈ দিন পাৰ হৈ যায়। মনোহৰ মনোযোগেৰে ৰোগী চায়, কম্পাউণ্ডাৰ ঔষধ তৈয়াৰ কৰে, চাকৰ প্রতিদিনৰ বজাৰৰ পৰা চান কাঢ়ি ৰখা পইচাৰে ধনী হৈ উঠে, ঠাকুৰে দুই সাঁজ ভাত ৰান্ধে, দাৰোৱান নিয়মীয়াকৈ গেটত পহৰা দিয়ে আৰু সখিয়ে বাচন ধোৱে, কাপোৰ ধোৱে, মনোহৰৰ পত্নীৰ নিৰ্দেশ পালন কৰে। মনোহৰৰ পত্নী গাড়ীত উঠি ঘূৰি ফুৰে আৰু শকত হয়।

তাৰ পাছত এদিন মনোহৰ দুপৰীয়া ‘কল’ৰপৰা উভতি আহিছিল, গোটেই দিনটো ৰোগী চাই চাই বেচেৰাৰ মূৰটো বেয়া হৈ গৈছে; সখিয়ে তেতিয়া কলৰ পাৰত গা ধুই আছিল। ৰান্ধনিশালৰ দুৱাৰৰ কাযত থিয় হৈ চাকৰে বিড়ী হুপি আছিল, মনোহৰক দেখি সি আতঁৰি গল।

সখিৰ ফালে চাই মনোহৰ উচপ খাই উঠিল। তেওঁৰ যেতিয়া বাহিৰৰ ৰ’দত ঘূৰি ফুৰি অসহ্য লাগে তেতিয়া তেওঁৰ ঘৰত চোতালৰ শীতল ছায়াত সখিয়ে চুলি খুলি মুৰত ঠাণ্ডা পানী ঢালি দিয়ে। কথাটো মনোহৰৰ বাবে অসঙ্গত যেন লাগিল। তেওঁৰ ইমান পিয়াহ লাগিল যে সখিৰ চুলিত সনা সস্তীয়া নাৰিকল তেল ধুই যি পানী তাইৰ গাৰে বাগৰি পৰিছে সেইখিনিকে পান কৰি তেওঁ দেখোন সহজেই পিয়াহ গুচাব পাৰে।

মনোহৰে অতি চিন্তিতভাৱে আৰু অন্যমনস্কতাৰে গা-পা ধুই খোৱা-বোৱা কৰিলে।আবেলি আৰু ৰোগী চাবলৈ নগ’ল। সন্ধিয়া পৰত ঘৈণীয়েক আৰু ল’ৰা-ছোৱালীহঁতক চিনেমা চাবলৈ পঠিয়াই দি সখিক নিজৰ কোঠালৈ মাতি পঠিয়ালে। ক’লে, ‘মোক এগিলাছ পানী দি যোৱাঁ সখি।’

পানী? পানীৰে কি মানুহৰ পিয়াহ দূৰ হয়?

পাছদিনা দুপৰীয়া সখিয়ে বাঢ়নীৰে ডিছপেনছাৰি পৰিষ্কাৰ কৰি আছিল। কম্পাউণ্ডাৰে আহি তাইৰ হাত ধৰি প্রথমতে নিজৰ ফালে তাৰ পাছত ডিছপেনছাৰিৰ কাষতে থকা নিজা কোঠাৰ ফালে আকর্ষণ কৰিলে। সখিয়ে আপত্তি নকৰিলে। অকলে হাত পাতি মিচিকি হাঁহি কলে ‘ট’কা?’

ৰাতি তাইৰ বন্ধ দুৱাৰৰ বাহিৰত কাকূতি-মিনতি কৰোঁতেই তাই চাকৰক দুৱাৰ খুলি দিলে। ফুচফুচাই ক’লে, ‘বাবুৱে গম পালে তোক গুলী কৰি মাৰিব।’

মছলা পিহি থকাৰপৰা ঠাকুৰে আহি ফুচফুচাই ক’লে, ‘এটা ঘৰ ঠিক কৰি আহিছোঁ।সদায় এবাৰ কৰি যাবি।’

পৰিচাৰিকাই মুৰ দুপিয়াই সম্মতি জনালে। মুখেৰে কলে, ‘যাম।’  

ঘৰৰ কোনো তেতিয়া উঠা নাই। পিৰালিত বহি চুলি খুলি দি সখিয়ে মনে মনে কান্দি আছিল। দাৰোৱানে তেতিয়া অকল অন্তর্বাস পিন্ধি ব্যায়াম কৰিবলৈ গৈ আখৰাত আছিল।ভিতৰলৈ আহি সি সখিক সাবটি ধৰিলে।

সখিয়ে ক্লান্ত কণ্ঠে ক’লে, ‘বাহিৰৰ দুৱাৰখন বন্ধ কৰি আহাঁ ছট্টু সিং।কোনোবা আহি যাব পাৰে।’

ছয় মাহ পাছত মনোহৰৰ পত্নীয়ে তাইক ঘৰৰপৰা আঁতৰালে। সখিৰ ল’ৰা হ’ব।

ভদ্র পৰিয়ালত এনে অনাচাৰ চলিব নোৱাৰে।

মনোহৰে লুকুৱাই সখিৰ হাতত এশ মান টকা দি ক’লে, ‘যিটো ঘৰ ঠিক কৰি দিছোঁ তাতেই থাকিবা। লৰাটোক যতন কৰিবা, প্রতি মাহত টকা দি আহিম।’

সখিয়ে ক’লে, ‘পঠিয়াই দিবা নে নিজেই যাবা?’    

মনোহৰে অলপ দ্বিধাৰ সৈতে ক’লে, ‘ঠিক আছে নিজেই যাম।’

‘সঁচা?’- কৈ আঁৰ হৈ সখিয়ে চকু মচিলে।  
      মনোহৰৰ মনটো কেইদিনৰ বাবে বেয়া হৈ থাকিল। যিমানেই নহওক কিয়, সখি যে তেওঁৰে লৰাৰ মাক!

কম্পাউণ্ডাৰৰ লৰা-ছোৱালী হোৱা নাই, ঘৈণীয়েক বাঁজী। সি ভাবিলে, আহা সখি যদি মোৰ তিৰোতা হ’লহেঁতেন! দুদিন পাছত তাই মোৰ সন্তানৰ মাক হ’ব কিন্তু সেই সন্তানৰ লগত মোৰ কোনো সম্পর্ক নাথাকিব!

ঠাকুৰে ভাবিলে, ইস, বৰ অন্যায় হৈ গ’ল! বংশত এটা দাগ থাকি গ’ল। হে ভগৱান ল’ৰাটোৰ যেন পেটৰ ভিতৰতেই মৃত্যু হয়!

চাকৰে ক’ৰবাৰ পৰা ঔষধৰ এটা পুৰিয়া লৈ আহি ক’লে,’এইটো খাই পেলা । ল’ৰাটো দি তই কিনো কৰিবি?’

পৰিচাৰিকাই তাৰ হাতৰ পৰা পুৰিয়াটো লৈ নর্দমাত পেলাই দিলে।

দাৰোৱানে দীঘল এটা উশাহ লৈ ভাবিলে, ‘কোনে জানে বঙালনীৰ গর্ভত তেওঁৰ ল’ৰা কেনে কিম্ভূতকিমাকাৰ হ’ব। সি দেখাত ইমান ধুনীয়া, ল’ৰাটো হয়তো তেওঁৰ গৌৰবর্ণৰ অলপো নাপাব।

ছট্টু সিং এটা ভজন আৰম্ভ কৰিলে।


লেখক পৰিচিতি— বাংলা সাহিত্যৰ এজন অন্যতম লেখক মানিক বন্দ্যোপাধ্যায়ে ১৯০৮ চনত জন্মগ্রহণ কৰিছিল। তেওঁৰ প্রকৃ্ত নাম প্রবোধকুমাৰ বন্দ্যোপাধ্যায়। তেওঁ চল্লিছখন উপন্যাস আৰু  তিনিশ চুটি গল্পৰ ৰচয়িতা।‘পুতুলনাচেৰ ইতিকথা’, ‘দিবাৰাত্রিৰ কাব্য’, ‘পদ্মানদীৰ মাঝি’ তেওঁৰ বিখ্যাত উপন্যাস  আৰু ‘প্রাগতৈহাসিক’, ‘অতসী মামী’,‘ছোট বকুলপুরের যাত্রী’ আদি বিখ্যাত চুটিগল্প সঙ্কলন। ১৯৫৬ চনত লেখকৰ মৃত্যু হয়।

Visited 2 times, 1 visit(s) today
Website |  + posts
Close