মিনাৰা হুছেইন
অত্যাধুনিক পৰীক্ষাগাৰত সকলো ব্যস্ত। চি চি আৰ ফাইভ CC নামৰ জিনটোৰ ওপৰত শেষ পৰ্যায়ৰ পৰীক্ষা চলাই থকা হৈছে। এইচ্ছ আই ভি পজিটিভ শুক্ৰাণু আৰু ডিম্বাণু দুটাৰ মিলন ঘটাই সৃষ্টি কৰা ভ্ৰুণৰ ওপৰত পৰীক্ষা চলি আছে। এইচ্ছ আই ভি পজিটিভ্ মাক-দেউতাকৰ পৰা সন্তানলৈ যাতে এইটো ৰোগ সংক্ৰমণ নহয়, তাৰ বাবে চলি থকা এই যুঁজত জয়ী হ’লে পৃথিৱী ৰোগমক্ত হৈ উঠিব। ৰোগমুক্ত পৃথিৱীখনৰ প্ৰতি বাৰু কাৰ আকাংক্ষা নাথাকে ?
যদি…
মানৱ জাতি জন্মৰে পৰা অতিমানৱ হৈ উঠে!
পৃথিৱীৰ পোহৰ দেখাৰ আগতেই যদি ৰোগমুক্ত হৈ জন্মে!
চীনৰ ছেনজেন প্ৰদেশৰ ছাউদাৰ্ন ইউনিভাৰ্ছিটি অফ ছায়েঞ্চ এণ্ড টেকন’ল’জিৰ গৱেষক জু হিউৱানৰ গৱেষণাই অৱশেষত সফলতাৰ মুখ দেখিবলৈ সক্ষম হ’ল। পৃথিৱীখন ৰোগমুক্ত কৰিবলৈ কৰা সামান্য প্ৰয়াসৰ এক ক্ষুদ্ৰতম সাফল্যই গোটেই মানৱ জাতিক আশাৰ ৰেঙণি দেখুৱাবলৈ সক্ষম হোৱা জু হিউৱানৰ মনত এক নতুন চিন্তাই আলোড়নৰ সৃষ্টি কৰিছে।
যদি…। হ’বলগীয়া সন্তানটি যদি সৰ্বগুণসম্পন্ন হৈ জন্মে!
মানে অলৰাউণ্ডাৰ!
দিনে-নিশাই নিজৰ বিজ্ঞানাগাৰত পৰীক্ষা-নিৰীক্ষাত ব্যস্ত থাকি জু হিউৱানে সকলো পৰিকল্পনা কৰিবলৈ ধৰিলে। কেতিয়াবা সেই অৱস্থাত অতিষ্ঠ হৈ পৰে, আকৌ কেতিয়াবা অসহায়, কেতিয়াবা নিজৰ লগতে বুজাবুজিত নামি পৰে। অত্যধিক মেধাসম্পন্ন এই বিজ্ঞানীগৰাকীৰ মনৰ ভিতৰত চলি থকা এই পৰিকল্পনাৰ ৰূপায়ণে ইতিমধ্যে শেষ পৰ্যায় পাইছে। তেওঁ ভ্ৰুণ আৰু জিনৰ সংশোধন কৰি পৃথিৱীৰ সৰ্বপ্ৰথম ছুপাৰবেবী এটি সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছিল। মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ ধৰি চলা কঠোৰ সাধনা। সমগ্ৰ পৃথিৱীৰ পৰা বাছি বাছি নিজৰ টিমটো ৰেডি কৰিছিল।
চিকিৎসা বিজ্ঞানৰ গৱেষক…
জেনেটিক ইঞ্জিনীয়াৰিঙৰ গৱেষক…
বায়’ ইনফোমেটিক্ছৰ গৱেষক…
চাইট’জেনেটিক্ছৰ গৱেষক…
মানৱজাতিক সৃষ্টিতেই অতিমানৱ কৰি গঢ়ি তুলিবলৈ যি কাৰখানা সৃষ্টি কৰা হৈছিল, তাতে স্থান পাইছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ক্ষেত্ৰৰ পৰা জনপ্ৰিয় গৱেষকসকলে। CAS 9 নামৰ টেকন’ল’জিত খ্যাতি অৰ্জন কৰা বিখ্যাত গৱেষিকা অসম সন্তান ড° এনিশা বৰাই কেইবা তৰপীয়া ইণ্টৰভিউৰ পাছত ছিলেক্ট হৈছিল। লগতে তেওঁৰ চিকিৎসক স্বামী তথা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলম্বিয়া ইনষ্টিটিউটৰ গৱেষক ড০ পৰাণ হাজৰিকাও চুক্তিবদ্ধ হৈছিল চীনৰ বিজ্ঞানী জু হিউৱানৰ লগত। লগতে আছিল কেলফ’ৰ্নিয়াৰ জেনেটিক ইঞ্জিনীয়াৰিঙৰ গৱেষিকা ছাত্ৰী জেনিফাৰ আৰু অষ্ট্ৰেলিয়াৰ চাইট’ ইনফ’ৰ্মেটিক্ছৰ গৱেষক ছাত্ৰ মাইকেল।
সময় ৰাতি দহ বাজিছে। উৎকণ্ঠা আৰু দুঃচিন্তাত সকলোৱে চাই আছে পৰীক্ষাগাৰৰ মুখ্য দুৱাৰৰ ফালে। এটা চিঞৰ মাৰি ছাৰ জু ওলাই আহিছিল।
“য়ে য়ে … হিয়েৰ ৱি ৱিন…”
ছাৰ জুৱে আহি আটাইকেইজনকে সাবটি ধৰিলেহি। হলটোৰ মিউজিক প্লেয়াৰটো বাজি উঠিল। নিশা হৈ উঠিল ৰঙীন। এক ৰঙীন স্বপ্নৰ আৰম্ভণি। আৰু পৰাণৰ বাবে?
“এনিশা … চোৱাঁ … আকৌ এবাৰ ভাৱি চোৱাঁ। CRISPR-ৰ ছাক্ছেছ ৰে’ট তুমিও জানা, ময়ো জানো। আৰু আমাকনো ডিজাইনাৰ বেবী কিয় লাগে ? তোমাৰ আৰু মোৰ সন্তান বেয়া হ’ব পাৰে জানো হাঁ?”
পৰাণে এনিশাক বুকুৰ ওচৰলৈ চপাই আনি ক’লে। পৰাণে ভবাৰ দৰেই সাংঘাতিক এক বেপেৰোৱা ভংগীত এনিশাই ৰিয়েক্ট কৰিলে।
“সিদ্ধান্ত ইতিমধ্যে লোৱা হ’ল ৱিথ য়’ৰ কনছেণ্ট্। তুমি নুবুজা কিয়? মই নিজে থাকিম গোটেই প্ৰক্ৰিয়াটোত। ৱৰ্ল্ড ফেমাছ ছায়েণ্টিষ্টৰ দল আছে আমাৰ লগত। আৰু এবাৰ ছাকছেছফুল্লি ভ্ৰুণটো সৃষ্টি হৈ গ’লেই চিন্তামুক্ত হৈ যাম ন?”
“ষ্টিল… এইটো প্ৰক্ৰিয়াত অনিশ্চয়তাৰ ভয় পদে পদে খেদি ফুৰিব…।”
“চোৱাঁ পৰাণ… ভ্ৰুণটো সৃষ্টি হোৱাৰ পাছত এজ এ ডক্টৰ তুমিয়েইতো চোৱা-চিতা কৰিবা। ছ’ ড’ণ্ট্ টেক টেনশ্যন। এভ্ৰিথিং ৱিল বি অলৰাইট্।”
কথাখিনি কৈ নিমিশাই লাইট অফ কৰি শুই পৰিল। আৰু পৰাণ? সি কোনোপধ্যেই শুব নোৱাৰে। মানুহ সাধাৰণতে পৰিস্থিতিৰ দাস। কিন্তু কেতিয়াবা পৰিস্থিতি আৰু অনুভূতি দুয়োটাৰে দাসত্ব স্বীকাৰ কৰিবলৈ বাধ্য হ’বলগীয়া হয়। এনিশাৰ প্ৰতি থকা অফুৰন্ত মৰম আৰু অগাধ বিশ্বাসৰে বলি হ’ল পৰাণ। কৰ্মক্ষেত্ৰ আমেৰিকা এৰি চীনলৈ অহাৰ বাবে বাউলী হৈ পৰা এনিশাৰ সপোনটোৰ সন্মুখত ঢাল হৈ থিয় হৈছিল পৰাণ। একো ভালদৰে নপঢ়াকৈ চহী কৰিছিল যাৱতীয় নথিপত্ৰত। যেতিয়া জানিব পাৰিছিল এনিশাৰ প্ৰকৃত উদ্দেশ্য, তেতিয়া সৰা শুকান পাত এখিলাৰ দৰে নিশ্চুপ হৈ পৰিছিল পৰাণ। সংযম কি সৰুৰে পৰা নিজৰ আয়ত্তলৈ অনা পৰাণে এনিশাক বুজাইছিল। প্ৰকৃতিৰ নিয়মৰ ওপৰত আন কোনো তিষ্ঠি থাকিব নোৱাৰে। সকলো বস্তুৰে এটা ভাৰসাম্য মিলাই প্ৰকৃতি বোলা অদৃশ্য শক্তিয়ে পৃথিৱীখন চলাই আছে। প্ৰতিটো জীৱ, অণুজীৱ, পৰজীৱ সকলো প্ৰকৃতিৰেই সৃষ্টি। নিয়তি বৰ নিষ্ঠুৰ। আৰু যদি প্ৰকৃতিৰ বিপক্ষে যাবলৈ চেষ্টা কৰোঁ, সেইটো হয়তো আৰু বেছি ক্ষতি কৰিব। বহুত বুজাইছিল পৰাণে। এনিশাক।
কিন্তু নিজৰ মতত অটল হৈ ৰৈছিল এনিশা।
এনিশাক লাগে এটা ছুপাৰ বেবী!
অলৰাউণ্ডাৰ সন্তান!
এনিশাই কল্পনাত সজাই তোলা তাইৰ মানস সন্তানটো বাৰু তাই ভবাৰ দৰেই ছুপাৰ বেবী হ’বনে ? নে প্ৰকৃতিয়ে কিবা বেলেগ ৰূপ দেখুৱাব? এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ গৈ পৰাণৰ অন্তৰাত্মাই হাহাকাৰ কৰি উঠে। কিন্তু কোনে শুনিব পৰাণৰ বিননি? আজিকালি ৰাতি ৰাতি বেছিভাগ সময় পৰাণ সাৰ পাই থাকে। উজাগৰী নিশা ডিম লাইটৰ পোহৰত শুই থকা এনিশালৈ চাই ৰয় পৰাণে। টোপনিৰ যে কি নিচা! সিহঁত মানুহ নে? নে মানুহৰূপী দানৱ? নে আন কিবা? মানুহৰ জন্ম-মৃত্যু নিয়ন্ত্ৰণ কৰিবলৈ গৈ পাছত থৰকাছুটি হেৰুৱাবলৈ বাৰু গৈ আছে নেকি সিহঁত? কিন্তু পৰাণে সকলো জানি-বুজিও একোকে কৰিব পৰা নাই। বিজ্ঞানী হিচাপে পৰাণহঁত আগুৱাই গৈ আছে। কিন্তু মানুহ হিচাপে ক্ৰমশঃ পিছুৱাই গৈ আছে, পিছফালে শূন্যতা, মাথোঁ সীমাহীন শূন্যতা।
অত্যন্ত ব্যয়বহুল এই প্ৰক্ৰিয়াটোত চীনৰ ‘এমে’জ ৱৰ্ল্ড’ নামৰ প্ৰতিষ্ঠানে ধন-টকা-পইচা ইনভেষ্ট কৰিছিল। এবাৰ সফলতাৰ মুখ দেখিলেই পেটেণ্টৰ স্বত্বৰ এক বুজন অংশ সেই প্ৰতিষ্ঠানে পাব। এই নতুন কনচেপ্টটোক লৈ অৱশ্যে চীনৰ কমিউনিষ্ট চৰকাৰখনে বিশেষ আলোচনা কৰা নাই। বৰ্তমান সময়ত সকলো ব্যস্ত অকল ক’ৰ’না ভাইৰাছৰ উপদ্ৰৱক লৈ। এই সুযোগতে জু হিউৱান আৰু তেওঁৰ টিমে নিজৰ কল্পনাক বাস্তৱিত কৰাৰ পথত আগ বাঢ়িছে।
মুঠ ছটা পৰ্যায়ত সম্পন্ন হ’বলগীয়া প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ৰ বাবে কৰা পৰীক্ষাৰ অন্তত এনিশা আৰু পৰাণক মানসিকভাৱে প্ৰস্তুত কৰা হৈ আছে। PGD-প্ৰি ইমপ্লিমেণ্টেশ্যন জেনেটিক ডায়োগন’ছিছৰ দ্বাৰা পৰাণ আৰু এনিশাৰ জিনবোৰ ছিলেক্ট্ কৰা হৈছে। উচ্চতাৰ জিনটো ছয় ফুট ওখ পৰাণৰ পৰা লোৱা হৈছে। ছালৰ বৰণৰ জিনটো লোৱা হৈছে এনিশাৰ পৰা। কাৰণ এনিশাই বিচাৰে তাইৰ সন্তান তাইৰ দৰে বগা হওক। মেধাৰ ক্ষেত্ৰত এনিশাৰ জিনটোক অগ্ৰাধিকাৰ দিয়া হৈছে। আৰু সাহস, ধৈৰ্য আদি মানৱীয় গুণবোৰৰ জিনটো লোৱা হৈছে পৰাণৰ পৰা। মুঠতে ডিজাইনাৰ বেবীটোৰ বাবে বাছি বাছি সকলো ভাল গুণ লগ লগাই ভ্ৰুণটো সৃষ্টি কৰা হৈছে। পৰীক্ষাগাৰতে দিন-ৰাতি কটাই থকা এনিশাক “এমে’জ ৱৰ্ল্ড”-ৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।
ভ্ৰুণটো সফলতাৰে এনিশাৰ দেহত স্থাপন কৰা হ’ল। সৰ্বমুঠ ন মাহ কাল এনিশা হস্পিটেলত থাকিব লাগিব চিকিৎসকৰ তত্ত্বাৱধানত। এনিশাৰ প্ৰতিটো মুহূৰ্ত নিৰীক্ষণ কৰি থাকিব লাগিব বিজ্ঞানী পৰাণে, এনিশাৰ স্বামী পৰাণে নহয়।
“কংগ্ৰেশ্বুলেশ্যন…কংগ্ৰেশ্বুলেশ্যন…”
সকলোৱে আহি এনিশাক আৰু পৰাণক অভিনন্দন জনালেহি। সুখবোৰ এনিশাৰ চকুৱে-মুখে ফুটি উঠিছে। পৰাণে সৌজন্যৰ খাতিৰত ‘থেংক য়ু’ বুলি কৈ আছে যদিও আজি পৰাণে অজ্ঞাত কাৰণত নিজকে খুব অকলশৰীয়া যেন অনুভৱ কৰিছে। অসমৰ ভিতৰুৱা গাঁৱৰ ঘৰত থকা মাকলৈ মনত পৰিছে পৰাণৰ।
নাতিয়েকৰ আগমনৰ বতৰা শুনি নিশ্চয় কিমান সুখী হ’লহেঁতেন তাৰ সৰলা মাকজনী। ঈশ্বৰপ্ৰদত্ত এটি সন্তানে পৰাণক “দে’তা, দে’তা” বুলি মাতিলেহেঁতেন। পৰাণৰ চকুৰে দুটোপাল চকুলো সৰি পৰিল। এনিশা আৰু তাৰ অন্তৰংগ মুহূৰ্তবোৰত সি অনুভৱ কৰিছিল এনিশাৰ প্ৰেমক। এনিশাৰ দেহৰ প্ৰতিডাল সিৰা-উপসিৰাৰে বৈ যোৱা অজান শিহৰণক সি দেখিছিল। সেই মুহূৰ্তৰ এবুকু মৰমৰ উমেৰে জন্ম দিব বিচৰা তাৰ মানস সন্তানটিক এনিশাই গ্ৰহণ কৰা নাছিল। কাৰণ এনিশাই বিচাৰিছিল ছামথিঙ এক্ছেপশ্যনেল! ভেৰি এক্ছেপশ্যনেল!
ইতিমধ্যে চীনত ক’ৰ’না মহামাৰীয়ে মাৰাত্মক ৰূপ ধাৰণ কৰিছে। চৌদিশে মৃত্যুৰ বিভীষিকাময় পৰিস্থিতি। ছাৰ জুৱে এনিশাৰ বাবে বিশেষ ব্যৱস্থা কিছুমান কৰিছিল। চাৰ্ছ ক’ভিড-১৯-ৰ ভাইৰাছে যাতে এই প্ৰক্ৰিয়াটোত বাধাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে সকলো সদা সজাগ হৈ আছিল।
কিন্তু নিয়তিক কোনে ৰুধিব ? ছাৰ জুৱে বিজ্ঞানাগাৰত ব্যস্ত থকা সময়তে কাহি কাহি ঢলি পৰিল। সেই সময়তে তাতে কৰ্মৰত অৱস্থাত থকাসকলে তেওঁক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰালে। হস্পিটেলত বিছনাৰ নাটনি, অক্সিজেনৰ নাটনি। শাৰী শাৰীকৈ শোৱাই থোৱা মৃতদেহবোৰে আকৌ এবাৰ সোঁৱৰাই দিছিল প্ৰকৃতিৰ অস্তিত্বৰ কথা। ছাৰ জু ক’ভিড পজিটিভ। হাঁওফাঁওৰ ইনফেকশ্যন। ইফালে বিজ্ঞানাগাৰত ছাৰ জুৰ অনুপস্থিতিত বহুতো কাম পিছ পৰি গৈছে। অৱশেষত আনাকাংক্ষিত সংবাদটো আহিল। ছাৰ জুৱে ক’ৰ’নাৰ যুঁজত পৰাজয় বৰণ কৰিলে।
ছাৰ জুৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰই সকলো বিভাগীয় কাম-কাজ চাবলৈ বুলি মান্তি হ’ল। বাকী সকলো গৱেষকে আগৰ দৰেই গৱেষণা চলাই যাব বুলি প্ৰতিজ্ঞাবদ্ধ হ’ল। মৃত্যুৰ দৰে জীৱনৰ ৰুঢ় বাস্তৱ এটাও সকলোৱে ইমান সহজভাৱে মানি লৈছে, সেইমতে পৰিকল্পনাও কৰিছে। ইস্পাতৰ তীক্ষ্ণ কাঁড় এডাল যেন পৰাণৰ হৃদয় ফালি ওলাই গৈছে। ফটফটীয়া জোনাক নিশাৰ অপাৰ্থিৱ পোহৰৰ বেহু ফালি পৰাণে চাই ৰ’ল শুই থকা এনিশাৰ মুখলৈ। দুৰ্বিসহ এবুকু বেদনাই দখল কৰা পৰাণৰ হিয়া এতিয়াও হাহাকাৰ কৰি উঠে তেওঁৰ প্ৰথম প্ৰেম এনিশাৰ বাবে। এনিশাক ভাল পায় তেওঁ, খুব ভাল পায়।
ছাৰ জুৰ পৰীক্ষাগাৰত এক অভাৱনীয় পৰিস্থিতি। মুখ্য গৱেষকৰ মৃত্যুৰ পাছত এনিশাৰ দেহৰ ওপৰত ডি. এন. এ’ ম’ডিফাই কৰি এটা বিশেষ জিন ৰিম’ভ কৰিবলৈ CAS9 টেকন’লজিৰ ব্যৱহাৰ কৰিবলৈ লৈ সকলো অসহায় হৈ পৰিছে। কাৰণ এই দিশটো ছাৰ জুৱে নিজেই চোৱাচিতা কৰিছিল। এই সময়তে এনিশাৰ শৰীৰত দেখা দিলে হৰম’নৰ বিসংগতিয়ে। সকলোৰে লগত পৰামৰ্শ কৰি জেনেটিক ইনফ’ৰ্মেটিকছৰ বিশেষজ্ঞ এনিশাই নিজেই ড’জটো ফাইনেল কৰিলে। এইটো পৰ্যায়ো সুখ্যাতিৰে পাৰ হ’ল। সকলোৰে মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙিল।
পৰাণে সকলো দুখ কাটি কৰি এনিশাৰ যত্ন লৈ আছে। এনিশাৰ ৰুটিন টেষ্ট কিছুমানৰ ৰিপ’ৰ্ট আহিল। ৰিপ’ৰ্টৰ ক’পিকেইটা পৰাণে কেইবাবাৰো পঢ়িলে। এইটো কেনেদৰে সম্ভৱ? নিশ্চয় কিবা ভুল হৈছে। এনিশাক আকৌ এবাৰ টেষ্ট কৰাবলৈ কোৱাত এনিশাই সকলো জানিব বিচাৰিলে।
“নাই, নাই এইটো হ’বই নোৱাৰে।”
এনিশায়ো বিশ্বাস কৰিব নোৱাৰিলে। এবাৰ দুবাৰ নহয়, পাঁচবাৰ কৰোৱাৰ পাছতো একেটাই ৰিপ’ৰ্ট আহিছে।
এনিশাক টীমৰ সকলোৱে বুজাবলৈ যত্ন কৰিছে। কিন্তু তাই নুবুজে। কেনেদৰে মানি ল’ব। ডি. এন. এ’. মডিফাই কৰি এটা এটা বিশেষ জিন ছিলেক্ট কৰিহে ভ্ৰুণটোৰ সৃষ্টি কৰা হৈছিল। হৰম’নেল ইমবেলেঞ্চৰ চিকিৎসাও দেখোন কৰাই হৈছিল। তেনে স্থলত?
“ইট্ছ নট প’ছিব্ল”
এনিশা হুকহুকাই কান্দি উঠিল।
এনিশাই বিচাৰিছে এবৰছন কৰাবলৈ । কিন্তু এই সময়ত তাইৰ স্বাস্থ্যই তেনে কৰাত মুঠেই সন্মতি নিদিয়ে।
“যি হয় দেখা যাব।”
পৰাণে এনিশাৰ সাহস হৈ লগ দি আছে।
ছটা পৰ্যায় অতিক্ৰম কৰি আহি আহি পৰীক্ষাটোৱে আজি অন্তিম পৰ্যায় পাইছেহি। এনিশাক অ. টি.- লৈ লৈ যোৱা হ’ল। এক উৎকণ্ঠাৰ সময় পাৰ হৈ গ’ল। ছিষ্টাৰ এগৰাকীয়ে এটি দেৱশিশু আনি পৰাণৰ হাতত তুলি দিলে।
পৰাণৰ চকুৰ তপত লুণীয়াৰ দুটোপাল বেবীৰ গুলপীয়া সাজত পৰিল।
“মোৰ মন …” বুলি গালে-মুখে চুমা খাই দিলে। পাঁচ দিনৰ অন্ততঃ এনিশাক ঘৰলৈ লৈ যাবলৈ দিয়া হ’ল।
বেবীৰ সকলো কাম পৰাণে কৰিছে। এনিশাই যেন কিবা এক অচিন ভাবতহে বিভোৰ হৈ আছে। পৰাণেও বুজি পায়— এই সময়ত মাকগৰাকীৰ প’ষ্টপাৰটাম ডিপ্ৰে’ছনৰ অৱস্থা। হ’লেও কেচুৱাকণক বুকুৰ গাখীৰটোপালৰ পৰা বঞ্চিত কৰি থকাটো পৰাণৰ ভাল লগা নাই।
এনিশাৰ কাষতে পৰাণে বেবী মনক শুৱাই দিলে। কিন্তু এনিশা বেবীক বিছনাতে এৰি উঠি গৈছে।
“এনিশা… বেবীৰ ভোক লাগিছে৷”
“ছ’ হোৱাট কেন আই ডু…?”
“এনিশা … নাপায়, বেবীক অৱহেলা নকৰিবা। চোৱাচোন কেনেকৈ চাই আছে। এবাৰ মৰম কৰানা…”
“নোৱাৰোঁ পৰাণ… নোৱাৰোঁ… ই অমংগলীয়া… এটা ইণ্টাৰছেক্স্ বেবীক মই নিজৰ বুলি একচেপ্ট কৰিব নোৱাৰোঁ… মানুহে কি ক’ব… আই কাণ্ট্ একচেপ্ট…”
“ৱাহ এনিশা ৱাহ! তোমাৰ শৰীৰত CAS 9 কোনে কৰিছিল? অগাধ বিশ্বাস নাছিলনে তোমাৰ নিজৰ ওপৰত। তাৰে এচিকুটমান বিশ্বাসো যদি ভগৱানৰ ওপৰত ৰাখিলাহেঁতেন, প্ৰকৃতিৰ ওপৰত যদি বিশ্বাস ৰাখিলাহেঁতেন, তেন্তে আজি নিশ্চয় তুমি বিচৰা ধৰণে এটা পুত্ৰ সন্তানৰ মাতৃ হ’লাহেঁতেন। কিন্তু প্ৰকৃতিৰ সৃষ্টিতকৈ তুমি নিজৰ মস্তিষ্কপ্ৰসূত সৃষ্টিক বেছি গুৰুত্ব দিলা। মোৰো প্ৰথমতে বে’বীলৈ মৰম উপজা নাছিল। কিয়নো বে’বীটো মোৰ আৱেগৰ সৃষ্টি নহয়। মোৰ শুক্ৰাণুক মোৰ মতৰ বিৰুদ্ধে নি তোমাৰ ডিম্বাণুৰ লগত পৰীক্ষাগাৰত মিলন কৰোৱা হৈছিল।
হায় ৰে’ বিজ্ঞান! ধিক্কাৰ!
কিন্তু এতিয়া মোৰ মনক, মোৰ বে’বীক মই বহুত ভাল পাওঁ। কাৰণ তাৰ কোনো দোষ নাই। তাক পৃথিৱীলৈ আমিয়েই আনিছোঁ। কিন্তু তুমি এই কথাটোকে নুবুজাঁ৷”
কথাখিনি কৈ পৰাণে দুৱাৰখন খুলি বেলকনিলৈ ওলাই আহিল। বাহিৰত ঘিটমিটীয়া আন্ধাৰ। এক ধৰণৰ জোনাকী পৰুৱাৰ মাতে নিৰ্জনতা ভঙা গভীৰ নিশাৰ ধূসৰ আলোকত নাচি থকা প্ৰকৃতি, এজাক শীতল বতাহে পৰাণক চুই গ’ল। পিছফালে কাৰোবাৰ পদধ্বনি। অলপ সময়ৰ নিস্তব্ধতা। এনিশাই আহি পৰাণক সাবটি ধৰিলেহি। জীৱনৰ এই অধ্যায়টো বৰ গুৰুত্বপূৰ্ণ।
বেলকনিখন সাক্ষী হৈ ৰ’ল বহু অব্যক্ত গল্পৰ।
এনিশাৰ দুচকু ভৰি অহা লোতকজাকে পৰাণৰ বুকু তিয়াই দিছে। দুয়ো ভিতৰলৈ সোমাই গ’ল। এনিশা শুই থকা মনৰ ওচৰতে বহিল। মনক বুকুৰ মাজত সুমুৱাই ল’লে তাই।
“মোৰ বুকুত থিতাপি লোৱা এই দেৱশিশুটিয়ে মোৰ ভুল ভাঙিলে। ফৰগিভ্ মি মাই বে’বী, মাই মন। জীৱনত প্ৰথম বাৰৰ বাবে আৱিষ্কাৰ কৰিছোঁ এই মোহ। এই মোহ আদিম। এই মোহ মাতৃত্বৰ। এই মোহৰ উপমা নাই, তুলনা নাই। আই লাভ ইউ মন, মাই বে’বী”
পৰাণ এনিশাৰ ওচৰলৈ আহি গাৰ সমস্ত জোৰেৰে এনিশাক সাবটি ধৰিলে।
ঠিকনা :
নগাঁও,
ভ্ৰাম্যভাষ: ৯৪৩৫৭৬০৫১৮
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
