Written by sdblogs2011 3:17 am Articles

দাৰ্জিলিঙৰ আপেলমুখীয়া ছোৱালীজনী

অংগনা চৌধুৰী

একা-বেঁকা পথ, ঠাণ্ডা বতাহ, সেউজ বিৰিখ, বাটত ৰৈ লোৱা গৰম কফি আৰু ম’ম’ৰ সোৱাদ৷ দাৰ্জিলিংখনতকৈ বেছি প্ৰিয় মোৰ দাৰ্জিলিঙলৈ গৈ থকা বাটটোহে৷ মেট্ৰিক পৰীক্ষা দি উঠি মা-দেউতাৰ সৈতে প্ৰথমবাৰ দাৰ্জিলিঙলৈ অহাৰ কথা মোৰ মনত পৰি পৰি গৈ থাকিল৷ অত বছৰৰ মূৰত পুনৰ আহিছোঁ স্বামী আৰু পুত্ৰৰ সৈতে। হোটেলত বয়-বস্তু থৈ কিছু সময় জিৰণি লৈ খোজ কাঢ়ি কাঢ়ি মূল বজাৰখনলৈ ওলাই আহিলোঁ৷ ওপৰা-উপৰিকৈ থকা দোকানবোৰ, ঠেক গলি, বজাৰৰ অ’ত-ত’ত পেলনীয়া বস্তুৰ দ’ম— সকলো একেই আছে৷ অৱশ্যে নতুনকৈ হোৱা শ্বপিং মল, ৰেষ্ট্যুৰেণ্ট অদিও চকুত পৰিল৷ কিন্তু সেয়াতো আৰু সৌন্দৰ্যবৰ্ধক নহয়৷ তাৰ অগতে ভিতৰুৱা বাট-পথবোৰ যদি উন্নত কৰা গ’লহেঁতেন তেতিয়াহ’লে পৰ্যটকৰ বাবে বেছি সুবিধাজনক আৰু আকৰ্ষণীয় হ’লহেঁতেন কিজানি! সি যি নহওক, বাহিৰতে ৰাতিৰ আহাৰ কৰি আমি হোটেললৈ উভতিলোঁ৷ আমাৰ কোঠাটোৰ খিৰিকীয়েদিয়েই কাঞ্চনজংঘা দেখা যায়৷ পুৱা সূৰুয উঠাৰ দৃশ্যৰ ফট’ খিৰিকীৰ কাষত বহিয়েই তুলিব পৰা যাব বুলি কেমেৰাৰ বেটাৰি‍ চাৰ্জত দি শুই পৰিলোঁ৷

পখীৰ কাকলিত পুৱা যেতিয়া সাৰ পালোঁ, বিছনাৰ পৰাই দেখা পালোঁ বৰফেৰে আবৃত চিৰশুভ্ৰ কাঞ্চনজংঘাৰ মাজেৰে সূৰুয উঠাৰ দৃশ্য৷ লগে লগে কেমেৰা হাতত লৈ ধৰি থ’লোঁ তাক … ক্লিক্‌, ক্লিক্‌, ক্লিক্‌৷ মনত পৰিল প্ৰথমবাৰ আহোঁতে সূৰ্য উদয় চাবলৈ ৰাতি দুই-আঢ়ৈ বজাতেই কঁপি কঁপি উঠি টাইগাৰ হিল্‌ছলৈ বুলি টেক্সিত উঠা, তাতে টুৰিষ্টৰ ভিৰৰ মাজত কফি খাই খাই পুৱা হোৱালৈ বাট চোৱাৰ কথা৷ সেই আমেজ কিন্তু বেলেগ আছিল৷

ব্ৰেকফাষ্ট কৰি উঠি ৰক্‌ গাৰ্ডেনলৈ বুলি ওলালোঁ টেক্সি এখন লৈ৷ ইমান ঠেক পাহাৰীয়া ভাঁজৰ কেঁকুৰিবোৰত তাৰ টেক্সি ড্ৰাইভাৰে কেনেকৈ যে ইমান বেগত টাৰ্নিং লৈ তললৈ নমাই নিয়ে… দেখি বুকু কঁপি যায়৷ তেওঁলোকে এই কামত পাকৈত যদিও মই মাজে মাজে কৈ উঠোঁ – ‘‘ধীৰে চলাঅ’ ভাইয়া’’৷ তাৰ নাম হ’ল ৰাজু৷ সি মোৰ মাত নুশুনে, কাৰণ গাড়ীত তেতিয়া ফুল ভলিউমত নেপালী গীতৰ তোলপাৰ৷ ৰক্‌ গাৰ্ডেন পোৱাৰ আগে আগে এটা কেঁকুৰিত সি গাড়ীখন ৰখালে৷ হঠাতে বাটৰ দাঁতিত অপেক্ষাৰতা দীঘল ফুলাম ফ্ৰক পিন্ধা আপেলৰ দৰে ৰঙা গালৰ গাভৰু ছোৱালী এজনী দেখোন আমাৰ গাড়ীত পুতুক্‌কৈ উঠি সমুখৰ আসনত বহি ল’লে৷ আমি কিবা কোৱাৰ আগতেই ৰাজুৱে ক’লে— ‘‘মেৰা পেহচান কা হেঁ৷ থোৰা আগে উতৰ জায়েগী৷ ড’ণ্ট মাইণ্ড হাঁ ছাৰ, মেডাম৷’’ আমি একো নক’লোঁ, কাৰণ ৰক্ গাৰ্ডেন প্ৰায় পাবৰে হৈছিল৷ পাৰ্কিঙত গাড়ী ৰখোৱাৰ লগে লগে আমি নামি গ’লোঁ৷ ছোৱালীজনী আগছিটতে বহি থাকিল৷ ভাবিলোঁ লাহে-ধীৰে পইচা-পাতি দি কথা-বতৰা পাতি নামি যাব বোধহয়৷ গাৰ্ডেনত ঘূৰোঁতে-পকোঁতে কিমান সময় পাৰ হয় ধৰিবই নোৱাৰি৷ বৰ ভাল লাগে তাৰ পৰিৱেশ৷ আৰু টিলা এটাৰ ওপৰত যে জিৰণি লোৱা বেঞ্চ এখন আছে, যাৰ পিছফালে জলপ্ৰপাত আৰু আগফালে ফুলনি; ইছ্‌… সঁচাকৈয়ে সৰগ যেন লাগে৷

ৰক্‌ গাৰ্ডেনৰ পৰা আমাৰ চাহৰ বাগিচা চাবলৈ যোৱাৰ কথা৷ সেয়ে বেছি দেৰি আৰু তাত বহি নাথাকি বাহিৰলৈ আহিলোঁ৷ দূৰৈৰ পৰা দেখিলোঁ আমাৰ টেক্সিৰ ভিতৰত আপেলমুখীয়া ছোৱালীজনী আছেই বহি আৰু মাজে মাজে ৰাজুৰ আউল-বাউল চুলিখিনি ঠিক কৰি দিছে৷ সিও দেখোন নিজৰ টিফিন বক্সৰ পৰা কিবা উলিয়াই তাইক খুৱাই দিছে৷ অ’ কথা তাৰমানে বেলেগ! আমি গৈ টেক্সিৰ ওচৰ পোৱাত সিহঁতে থত্‌মত্‌ খাই চিধা হৈ বহিল৷ পৰিৱেশটো সহজ কৰিবলৈ ৰাজুৱে জোখতকৈ অলপ বেছি ডাঙৰকৈ হাঁহি মাৰি সুধিলে— ‘‘অৰে ছাৰ, মেডাম, কেইচা লগা গাৰ্ডেন? চলিয়ে, অব হম আপকো টি গাৰ্ডেন দিখায়েগা৷’’

আমি পিছৰ ছিটত বহিলোঁ৷ মই সৰুৰে পৰা চাহ বাগিচাৰ পৰিৱেশতেই ডাঙৰ হোৱা৷ দেউতা যিহেতু চাহ বাগিচাৰ অফিচত কৰ্মৰত আছিল, মোৰ বাবে এয়া কোনো নতুন দৃশ্য নাছিল৷ কিন্তু দাৰ্জিলিঙৰ পাহাৰত হোৱা এঢলীয়া চাহ বাগিচাৰ সৌন্দৰ্য অইনতকৈ বেলেগ আৰু মনোমোহা৷

একা-বেঁকা পথেৰে আমি পুনৰ আগ বাঢ়িলোঁ৷ চাহ বাগিচা চোৱাৰ ভিউ পইণ্টত যেতিয়া আমি নামিলোঁ, তেতিয়াও গাড়ীত আপেলমুখীয়া ছোৱালীজনী বহিয়েই থাকিল৷ মোৰ চকুৱে চকুৱে পৰাত তাই লাজ লাজকৈ তলমূৰ কৰিলে৷ আমি সেউজ চাহ বাগিচাৰ মাজে মাজে গৈ ফট’ তুলিলোঁ, তাতে থকা সৰু সৰু টি-ষ্টলত লোকেল টি খালোঁ, ‘দাৰ্জিলিং টি’-ৰ পেকেট কিনিলোঁ আৰু এই সকলো কৰি যেতিয়া ঘূৰি আহোঁ, দেখোঁ যে গাড়ীত অথনিৰ দৰেই দুয়ো প্ৰেমালাপত ব্যস্ত৷ আমাৰ অৱশ্যে খং উঠাতকৈ হাঁহিহে উঠিল৷ ৰাজুৱে তাৰ মানে বুদ্ধি কৰি ভাড়াও মাৰিছে লগতে ডেটিঙো চলাইছে৷ আমাৰ এওঁ ডাঙৰকৈ কাহ এটা মাৰি আগজাননী দিলে যে আমি আহি পালোঁহি৷ সিহঁতে তৎক্ষণাৎ কিছু আঁতৰি বহিল৷ আমি বহাৰ পাছত ৰাজুৱে সেমেনা-সেমেনিকৈ এওঁক ক’লে— ‘‘ছাৰ আই এম ভেৰী ছ’ৰী৷ আপলোগো নে পাৰ্ছনেল গাড়ী মংগৱায়া থা, পৰ হমনে দুচৰা পেচেঞ্জাৰ ভী উঠা লিয়া৷ পৰ য়ে না দুচৰা ষ্টপ্ মে উতৰ জায়েগী, ড’ণ্ট ৱৰী৷’’

এইবাৰ মই মাত লগালোঁ— ‘‘পেছেঞ্জাৰ ক্যিউ বোল ৰহে হো? য়ে তো তুম্‌হাৰা ৱ’ হেঁ না? মতলব গৰ্লফ্ৰেণ্ড হেঁ না?’

সি লাজত ৰঙা-ক’লা পৰিলে৷ এইবাৰ আপেলমুখীয়া ছোৱালীজনীয়ে কওঁ-নকওঁকৈ ক’লে — ‘‘হাঁ, য়ে তো দিন-ৰাত টেক্সী চলাতা হেঁ৷ টাইম হী নহী মিলতা কহী ৰেস্তোৰাঁ য়া দুচৰা জগহ বেঠনে কে লিয়ে৷ ইচিলিয়ে … ছ’ৰী মেডাম…৷’’

মই মিচিকিয়াই ক’লোঁ— ‘‘আৰে কোয়ী বাত নেহী৷ অব চলো ৰাজু, নেক্সট্‌ কাহাঁ জানা হেঁ৷’

আমাৰ অভয় প্ৰদানত দুয়ো যেন সকাহ পালে৷ ৰাজুৱে টেক্সিৰ মিউজিক ছিষ্টেমত পুনৰ উচ্চগ্ৰামত নেপালী গীত লগাই দিলে৷ ভাষা বুজি নাপালেও অনুধাৱন কৰিলোঁ, হয়তো সেয়া আছিল প্ৰেমৰেই গীত৷

মৎস্য লালসা :

পুৰীৰ সাগৰ তীৰত যে ঢৌবোৰৰ অহা-যোৱা চাই কিমান সময় বহি আছিলোঁ গমকে নাপাওঁ৷ এইকেইদিন আহি পোৱাৰে পৰা জগন্নাথ মন্দিৰ, কোনাৰ্কৰ সূৰ্য মন্দিৰ, চিলিকা হ্ৰদ, আন আন বিচ্চ্‌সমূহ ভ্ৰমণ কৰি আজিহে আজৰি হৈ এনেকৈ অলসভাৱে বহিছোঁ৷ সাগৰৰ ঢৌৰ গৰ্জন শুনি বহি থাকিলে মোৰ দৈনন্দিন জীৱনৰ একো কথাই ভাবিবলৈ মন নাযায়৷ অকল এই বিশাল আকাশ, বিশাল সাগৰ আৰু অন্তহীন সৌৰজগতৰ ৰহস্যময়তাৰ কথাহে মনলৈ আহে৷

এনেবোৰ কথা ভাবি থাকোঁতেই অনুভৱ হ’ল যে মোৰ ভোক লাগিছে৷ তাৰ পাছত অনুভৱ হ’ল যে ভোক আচলতে মোৰ এনেয়ে লগা নাই৷ সমুদ্ৰতীৰৰ পুৰাতন বতাহত ক’ৰবাৰ পৰা উটি অহা ভজা মাছৰ গোন্ধ নাকত লগাতহে পেটটো কলমলাইছে৷ এইটি ভোক নহৈ লোভো হ’ব পাৰে৷

আচলতে চৌদিশে চালি লগোৱা ঠেলাগাড়ীবোৰত ষ্ট’ভ লৈ লৈ বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে সাগৰীয় মাছ ভাজি আছে৷ ওপৰত ছটিয়াই দিয়া হৈছে চাট্ ‌মচলা৷ মই হিপ্ন’টাইজ হোৱা মানুহৰ দৰে তেনে এখন দোকানৰ ওচৰলৈ উঠি গ’লোঁ৷ দোকানখনত ঘৈণীয়েকে মাছবোৰ বেচনত লেটিয়াই গৈছে, গিৰিয়েকে ভাজিছে আৰু পুতেকে কাগজৰ প্লেটত গ্ৰাহকক দি গৈছে৷

মই মিছামাছখিনিলৈ আঙুলি টোঁৱালোঁ৷ অকণমান সময় অপেক্ষা কৰিব লাগিব বুলি কৈ তেওঁলোকে মোক প্লাষ্টিকৰ চকী এখন বহিবলৈ বুলি ইঙ্গিতেৰে দেখুৱাই দিলে৷ তাতে বহি মই মানুহবোৰৰ আলেখ-লেখ চাবলৈ ধৰিলোঁ৷ তেনেতে‍ চাৎকৈ শব্দ কৰি মই খাবলগীয়া মিছামাছকেইটা কেৰাহীৰ গৰম তেলত পৰিল৷ কাষতে এখন এলুমিনিয়ামৰ প্লেটত বেলেগ মাছ কেইটুকুৰামান ভাজি থোৱা আছে৷ ল’ৰাটোৱে ইফালে-সিফালে চাই মোৰ বাহিৰে অন্য কোনো গ্ৰাহকক নেদেখি তাৰে এটুকুৰা মাছ খাবলৈ বুলি হাতখন আগ বঢ়ালে৷ হঠাৎ কেনেকৈনো জানো মাকৰ চকু পৰিল, চিলনীয়ে থাপ মৰাৰ দৰে খপ্‌কৈ ধৰি পেলালে নহয় তাৰ গোপনে আগ বাঢ়ি যোৱা  হাতখন৷ সি থত্‌মত্ খালে৷ মই মাকৰ মুখলৈ চালোঁ৷ যদিও তেওঁ মুখেৰে পুতেকক ধমক্ দিয়া নাই, চকুকেইটা কিন্তু একদম অমৰাগুটীয়া কৰি টেলেকা-টেলেক চাৱনিৰে যেনেকৈহে চালে, তাতে সি তাপ মাৰিলে৷ দৃশ্যটো দেখি মোৰ নিজৰ শৈশৱলৈ মনত পৰিল৷ সৰুতে আলহী আহিলে মায়ে চাহৰ লগত খাবলৈ মাজতে এখন বহল প্লেটত কেক্, মিঠাই, বিস্কুট, পিঠা আদি সমূহীয়াকৈ যেতিয়া উলিয়াই দিয়ে, তেতিয়া ময়ো আগে-ভাগে ল’বলৈ এনেকৈ হাত মেলিলে মায়ে টেলেকা-টেলেককৈ চাইছিল৷ তাৰ অৰ্থ এইটোৱেই আছিল যে আগতে আলহীক খাবলৈ দেচোন, তাৰ পাছত ঘৰৰকেইটাই ল’বি৷ কিন্তু এওঁলোকৰ পৰিস্থিতি আৰু অলপ বেলেগ৷ এওঁলোকে গ্ৰাহকক বিক্ৰী কৰিবলৈ সেয়া সাজু কৰিছে, ঘৰৰ ল’ৰা-ছোৱালীয়ে খাই থৈ দিলে ব্যৱসায় চলিব কেনেকৈ!

‘‘মেডাম, আপকা অৰ্ডাৰ ৰেডি৷’’— মাতষাৰত মোৰ সম্বিৎ আহিল৷ কাগজৰ প্লেটত গৰম গৰম মিছামাছ আহি গ’ল৷ মই হাত বাউল দি ল’ৰাটোক পুনৰ ওচৰলৈ মাতিলোঁ৷ ভাবিলোঁ একেলগে ভগাই খোৱা যাওক৷ 

পুৰীৰ সাগৰৰ মনত থাকক নাথাকক, মোৰ মনত থাকি যাব এনেকৈ ভগাই খোৱাৰ সুখ৷

কাঠমাণ্ডুত কাঠচিতীয়া : 

কাঠমাণ্ডুত পশুপতিনাথ মন্দিৰৰ গাতে লাগি বৈ আছে বাগমতী নদী৷ অগণন ভ্ৰমণকাৰীৰ আহ-যাহ৷ বেছিভাগেই বিদেশী পৰ্বতাৰোহী৷ হিমালয়ৰ পাদদেশত থকা এই ধুনীয়া ঠাইখনে চুম্বকৰ দৰে আকৰ্ষণ কৰে সৌন্দৰ্যপিপাসুৰ মন৷ তাৰ পৰা বৌদ্ধস্তূপ, গাৰ্ডেন অৱ ড্ৰিম্‌ছ আৰু বজাৰ-সমাৰ কৰি ঘূৰি ফুৰি গধূলি পৰতহে হোটেলত সোমালোঁহি৷ ভাগৰে জুমুৰি দি ধৰাত ভাবিলোঁ ৰাতিৰ সাঁজ সোনকালে খাই বিছনাত বাগৰ দিম৷ হোটেলৰ কোঠাৰ সৈতে সংলগ্ন বেলকনিৰ পৰা চৌহদৰ ফুলনিখন আৰু বহাৰ বাবে ৰখা আৰামদায়ক ব্যৱস্থাৰ চকী আৰু ছাতিবোৰ দেখা যায়৷ আমাৰ কাষত কেইবাটাও কোঠা অধিকাৰ কৰি বহুজনীয়া পৰিয়াল এটি আছেহি৷ অৰ্থাৎ খুড়াক, বৰদেউতাক, পেহীয়েকৰ পৰিয়াল সকলো দল বান্ধি আহিছে৷ প্ৰায় গোটেই ফাৰ্ষ্ট ফ্ল’ৰটো তেওঁলোকৰ কব্জাত বুলিয়েই ক’ব পাৰি৷ সেয়ে হয়তো মাজে মাজে আমাৰ দৰে নিমাখিত প্ৰাণীও যে এটা কোঠাত আছোঁ, সেই কথাটো পাহৰিয়েই যায় তেওঁলোকে৷ ফলত একেবাৰে ঘৰত কৰাৰ দৰেই হৈ-হুলস্থূল চলিব ধৰিছে৷ সৰুবোৰৰ ধুপ-ধাপকৈ দৌৰা-দৌৰি লগতে আকৌ ডাঙৰবোৰৰ চিঞৰি চিঞৰি আড্ডা৷  মাজে মাজে কিবা কথাত খুব জমিলে মাৰিছে অট্টহাস্য৷ 

হয়, একেলগে দলে-বলে আহিলে খুব স্ফূৰ্তি হয় আৰু হোৱা উচিতো৷ কিন্তু অলপ আনৰ সুবিধা-অসুবিধাৰ প্ৰতিও নজৰ ৰাখিলে ভাল৷

সি যি কি নহওক, ৰাতিৰ সাঁজ খাই লোৱাৰ উদ্দেশ্যে আমি ডাইনিং হললৈ গ’লোঁ৷ বিশেষ ব্যঞ্জন একো অৰ্ডাৰ নিদি সাধাৰণ দাইল-ভাত আৰু চিকেন্ কাৰীৰ অৰ্ডাৰ দিলোঁ৷ ৰাতি অলপ পাতলকৈ খালে গাটো ভাল লাগি থাকে৷ অৰ্ডাৰৰ খাদ্য আহে মানে আমি চকীতে হেলান দি পাছদিনাৰ কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰিবলৈ ধৰিলোঁ৷ হেন সময়তে ডাইনিং হললৈ সদলবলে সেই বৃহৎ পৰিয়ালটি সোমাই আহিল আৰু আহিয়েই চাৰি-পাঁচখন মেজ লগ লগাই দীঘল কৰি দিবলৈ ৱেইটাৰক অৰ্ডাৰ দিলে৷ সেইমতে কৰি দিয়াত তেওঁলোক বহিল আৰু কেইবাখনো মেনু খুজিলে৷ মেনুকেইখন ভালেখিনি সময় হাতে হাতে সোঁফালৰ পৰা বাঁওফাল অৰু বাঁওফালৰ পৰা সোঁফাললৈ ঘূৰিব ধৰিলে৷ প্ৰায় প্ৰতিপদ খাদ্যবস্তুকেই তেওঁলোকে বহুত দাম, বহুত দাম বুলি নাকচ কৰা শুনা গ’ল৷ যিকেইপদ বাকী থাকিল সেই কেইপদ আকৌ পেহীয়েক, বৰমাক আদি কোনো কোনোৰ অপ্ৰিয়৷ মুঠতে এখন সাংঘাতিক পয়মাল৷ মই নিজেই মেনুখন ঘূৰাই-পকাই চালোঁ৷ দেখো ক’তোতো একো উদ্ভট দাম লেখা নাই৷ 

তেনেতে পৰিয়ালটোৰ বৰমূৰীয়াজনে ৱেইটাৰক ওচৰলৈ মাতিলে আৰু গহীনাই সুধিলে— ‘‘আচ্ছা, য়হাঁপে খিচ্‌ৰী মিলেগা ক্যা?’’

— ‘‘নহী মিলেগা৷’’ ৱেইটাৰজনৰ মুখমণ্ডল কঠিন হ’ল৷

— ‘‘হম চবলোগোঁ কে লিয়ে খিচ্‌ৰী বনা চক্‌তা হেঁ ক্যা৷’’

— ‘‘নহী, মেনু মে জো আইটেম হেঁ ৱহী চব মিলেগা৷’’

— ‘‘মেনু কা আইটেম হমে পছন্দ নেহী হেঁ৷ খিচ্‌ৰী বনানে মে ক্যা মুচকিল হেঁ?  চিৰ্ফ চাৱল অউৰ দালহিতো একচাথ পকানা হেঁ!’’

—    ‘‘নহী হোগা।’’ ৱেইটাৰজন নাচোৰবান্দা৷

কথা-বাৰ্তাবোৰ উচ্চস্বৰত হোৱাত হোটেলৰ মেনেজাৰ আহি উপস্থিত হ’ল আৰু অমায়িকভাৱে ক’লে যে মেনুত থকাৰ বাহিৰে অন্য খাদ্য বনোৱা নহ’ব৷ পৰিয়ালটোৰ সকলোৱে বিতৃষ্ণাত এনে ধৰণে মুখকেইখন ভেঙুচালে যে মোৰ ভাব হ’ল তেওঁলোকে যেন মনতে কৈছে, ‘‘এই হোটেলখনৰ কৰ্মচাৰীসকলৰ দৰে কাঠচিতীয়া মানুহ কাহানিও দেখা নাই দেই৷ সাধাৰণ খিচিৰীকণকে বনাই খুৱাব নোৱাৰে!’’

ইতিমধ্যে আমাৰ মেজলৈ খাদ্য আহিল আৰু গৰমে গৰমে আমি সেই তৃপ্তিদায়ক ভাত-তৰকাৰী খাবলৈ ধৰিলোঁ৷ 

এটা কথা, হিচাপী হোৱাটো নিশ্চয় ভাল স্বভাৱ, কিন্তু কৃপণ হোৱাটো ভাল নহয়৷ ভ্ৰমণকালত অতিৰিক্ত কৃপণালি কৰিলে বহু সুন্দৰ অভিজ্ঞতাৰ পৰা বঞ্চিত হোৱা যায়৷ তদুপৰি তেনে লোকে এইটোত ইমান টকা গ’ল, সেইটোত সিমান টকা গ’ল ভাবোঁতে ভাবোঁতে সময়খিনিৰ সৌন্দৰ্য আৰু সৌৰভ একোকে উপভোগ কৰিব নোৱাৰে৷ হিচাপী আৰু কৃপণালি দুটা বেলেগ বেলেগ স্বভাৱ৷ এবিধে সহায় কৰে আৰু আনবিধে লগায় পয়মাল৷

খাই-বৈ উঠি আমি নিজৰ কোঠালৈ যাবলৈ ওলালোঁ৷ তেতিয়াও বৃহৎ পৰিয়ালটোৰ হাত বাগৰি বাগৰি মেনুকাৰ্ডখন ঘূৰিয়েই আছিল৷ 

Visited 2 times, 1 visit(s) today
Website |  + posts
Close