Written by sdblogs2011 10:44 am Articles

দাগ অচ্ছে হ্যেঁ

 পদ্মজা বৰুৱা মহন


:  কাপোৰকেইটা চাফাকৈ ধুব নজানে এইচৱে৷ গোটেই দাগসোপা দাগভাগেই থাকিল৷ কাপোৰখিনি চপাই নিওঁতে ভোৰভোৰাই বৌৱেকে তাইক শুনাই শুনাই বকিলে৷

এটা দীঘল হুমুনিয়াহ সৰি পৰিল লখিমীৰ ওঁঠেদি৷ 

বে’ডকভাৰখনত কিহৰ জানো দাগ লাগিল, ধোওঁতে তাই খুউব চেষ্টা কৰিছিল ঘঁহি ঘঁহি গুচাবলৈ৷ কিন্তু সম্পূৰ্ণকৈ নগ’ল দাগটো৷ তাকেই লৈ এই বকনি৷

এৰা,  কিছুমান দাগ হাজাৰ চেষ্টা কৰিলেও গুচাব পৰা নাযায়৷  যেনেকৈ তাইৰ শৰীৰৰ ন-কৈ বহিব ধৰা বগা বগা দাগবোৰ৷ চিকিৎসা কৰাইছে৷ চৰ্মৰোগ বিশেষজ্ঞকো দেখুৱাইছে৷ কিন্তু ৰং সলনি হোৱাৰ কোনো উমঘামেই নাই৷  আগতকৈ বাঢ়িছেছে৷ বাঢ়ি গৈছে বৌৱেকৰ ঠেল গেঠেল৷ বাঢ়ি গৈছে তাইক চাবলৈ আহি নাকচ কৰা মানুহৰ সংখ্যা৷ 

কেতিয়া আৰম্ভ হৈছিল এই দাগডোখৰ….সঠিককৈ মনত নাই তাইৰ৷ খুউব সম্ভৱ মেট্ৰিক পৰীক্ষা দিয়া বছৰতেই, প্ৰথমতে হাতৰ আঙুলিত, নখৰ ওচৰত দেখিছিল অলপ অলপ বগা দাগ৷ তাই তেতিয়া সিমান চিন্তা কৰা নাছিল৷ সিহঁতৰ বংশত কস্মিন কালেও নোহোৱা বেমাৰটো যে তাইৰ শৰীৰত হ’বহি সেইটোও একেবাৰে ভবা নাছিল৷ নভবাকৈ থাকিয়েই তাই মেট্ৰিক পাছ কৰিলে আৰু কলেজত নামো লগালে৷ প্ৰথম বৰ্ষ শেষ কৰি দ্বিতীয় বৰ্ষত সোমাইছে কি নোসোমাইছে, হঠাতে এদিন আইনাখন চাওঁতে দেখিলে চকুৰ পতাৰ ওপৰত সামান্য এটা দাগ৷ ফুট এটাৰ সমান৷ তাইৰ সন্দেহ হ’ল৷ মাকক দেখুৱালে৷

মাকৰো মুখৰ ৰং সলনি হ’ল দাগটো দেখি৷

তাই সদায় লক্ষ্য কৰে দাগডোখৰ৷ লাহে লাহে বাঢ়ি যোৱা যেন লাগে৷ অহৰহ সেই চিন্তাই খাই মাৰে তাইক৷ খোৱা-শোৱা-পঢ়া সকলো সময়তে দাগডোখৰৰ চিন্তা৷

টকা-পইচা দুটামান গোটাই এদিন ডাক্তৰৰ ওচৰলৈও গ’ল মাকৰ লগত৷

: এয়া ভিটিলিগ’৷ আপোনালোক একো চিন্তা নকৰিব৷ ঔষধ দিছোঁ৷ খাব, মলম লগাব৷ ভাল হৈ যাব৷ খোৱা-বোৱাবোৰ ঠিকে ৰাখিব৷ আশ্বাস দিয়ে ডাক্তৰে৷

এসোপা দৰৱ, মলম আৰু খাবলগীয়া দিহা দি পুনৰ এমাহৰ পাছত ডাক্তৰে মাতি পঠিয়ালে সিহঁতক৷

কিন্তু মাতি পঠিয়ালেই যাব পাৰি জানো! দেউতাক বুঢ়া হৈছে৷ আগৰ দৰে কাম কৰি টকা ঘটিব নোৱাৰে৷ ককায়েকে অ’ত ত’ত মিস্ত্ৰী কাম কৰি দুই-এটকা ঘটে যদিও কোনোমতে ঘৰখন চলিবলৈ হয়হে৷

গতিকে ডাক্তৰে মতা দিনটোত যোৱা নহয়গৈ তাহাঁতৰ৷ যাম যাম বুলি ভাবি থাকোঁতে দাগচকলো বাঢ়ি গৈ থাকে৷

এনেতে ককায়েকে ছোৱালী এজনী পলুৱাই আনিলে৷ প্ৰথম অৱস্থাত ঠিকেই আছিল৷ বৌৱেকৰ আদৰ-যত্ন৷ লাহে লাহে তাইৰ চকুৰ পতাৰ বগা দাগচকল বাঢ়ি যাবলৈ ধৰিলে, বৌৱেকৰ মৰম কমি যাবলৈ ধৰিলে৷ কাৰণ…

কাৰণ তাইক চাবলৈ অহা কে’বাযোৰা মানুহে তাইক দাগডোখৰৰ কাৰণেই এৰি থৈ গৈছিল৷ কোনোবাই খবৰ দিম বুলি দিয়া নাছিল,  কোনোবাই মুখৰ আগতে কৈ থৈ গৈছিল এনেকুৱা দাগ লগা ছোৱালী কিয় নিম বুলি৷

লখিমীৰ চুলিটাৰি কিচকিচীয়া ক’লা, কঁকাললৈকে বৈ পৰা৷ গাটোও সুগঢ়ী৷ ওখ বুকুখন, খামুচীয়া কঁকাল৷ ৰংটোও ধুনীয়া, মিঠা বৰণীয়া৷ সকলো মিলাই তাই এজনী ধুনীয়া ছোৱালী৷ হিচাপ মতে যিকোনো ল’ৰাই প্ৰথম দৃষ্টিতেই তাইক পচন্দ কৰিব লাগে৷ কিন্তু চকুৰ পতাত ক্ৰমাৎ বাঢ়ি যোৱা দাগটোৰ পৰাই তাই এলাগী হৈ পৰে৷ মিঠাবৰণীয়া শৰীৰত বগা দাগ, বৰ কুৎসিত দেখে তাই নিজে নিজক৷

এৰা,  লুকুৱাই থওঁ বুলিও থ’ব নোৱৰা বগা দাগডোখৰ ক্ৰমান্বয়ে বহলি গৈ থাকিল আৰু ভিতৰি তাই সংকুচিত হৈ গৈ থাকিল৷ 

হায়াৰ ছেকেণ্ডাৰী তাই ভালকৈ পাছ কৰিলে যদিও বি. এ. পঢ়া নহ’ল তাইৰ৷ এৰা, পিতাকে কোনফালে জোৰা মাৰিব ? ককায়েকৰ উপাৰ্জন বৌৱেকলৈ কোনোমতে হয়হে৷ তাই পঢ়িবলৈ নাপালে যদিও আক্ষেপ নকৰিলে৷ গাঁৱৰ মূৰত তিনিআলিটোত থকা চিলাই দোকানখনতে চিলাই শিকিবলৈ আৰম্ভ কৰিলে৷

দাগ অচ্ছে হ্যেঁ…

ভিতৰৰ কোঠাৰ টিভিৰ পৰা চাৰ্ফ এক্সেলৰ বিজ্ঞাপনৰ মাত ভাহি আহিছে৷ যোৱা মাহত ককায়েকে আনিছে টিভিটো৷ দিনৰ বেছিভাগ সময় বৌৱেকে টিভি চায়েই কটায়৷ তাই বা মাকৰ প্ৰৱেশ নিষিদ্ধ সেই কোঠাত৷ মাকে যেনিবা এনেয়েও টিভি নাচায়৷ তাইৰ অৱশ্যে চাবলৈ মন যায়৷ কিন্তু বৌৱেকৰ গোমোঠা মুখখন দেখিলে সেইটো কোঠালৈযাবলৈ সাহ নহয়৷ কাৰণ, তাইৰ দাগটো৷

এৰা,  চাৰ্ফ এক্সেলৰ বিজ্ঞাপনটোত কোৱাৰ দৰে লখিমীকো যদি মানুহ বোৰে ক’লেহেঁতেন দাগ অচ্ছে হ্যেঁ বুলি৷

মাকে যদি ক’লেহেঁতেন নাইবা বৌৱেকেও যদি ক’লেহেঁতেন৷

ওচৰ-চুবুৰীয়া নাইবা মিতিৰ কুটুমেও যদি ক’লেহেঁতেন দাগ অচ্ছে হ্যেঁ বুলি৷

তেতিয়াহ’লে… তেতিয়াহ’লে চাগৈ সঁচাকৈয়ে ভাল হ’লহেঁতেন দাগবোৰ৷

আৰু দাগবোৰ ভাল হোৱাহ’লে এই পৃথিৱীখন কিমান ভাল হ’লহেঁতেন… 

সঁচাকৈ দাগবোৰ যদি ভাল হলহেঁতেন… হুমুনিয়াহ এটা সৰি চকু দুটা চলচলীয়া হৈ পৰিল তাইৰ৷ 

যিমানেই তাইৰ বয়স বাঢ়ি গৈ আছে, যিমানেই তাইৰ দাগডোখৰ বাঢ়ি গৈ আছে সিমানেই তাইৰ প্ৰতি মানুহ বোৰৰ ঘৃণা,  খং বিৰক্তি বাঢ়ি গৈ আছে‌ যেন৷

:  বিয়া হোৱাৰ আশাতো দূৰৰ কথা আমাৰ ল’ৰা-ছোৱালীৰ বাবেও চিন্তাহে হ’ব এতিয়া৷

সিদিনা বৌৱেকে ককায়েকৰ আগত কৈ থকা শুনিছিল তাই৷ 

: এনেকুৱা দাগ লগা ছোৱালী থকা মানুহৰ ঘৰৰ লগত কোনে সম্পৰ্ক কৰিব? মই বুলিহে আহিলোঁ৷ তেওঁ তিতকাৰি মাৰে ককায়েকক৷

তাইৰ শৰীৰৰ ৰংহে সলনি হৈছে, কিন্তু মানুহবিলাকেচোন তেওঁলোকৰ আচল ৰং দেখুৱাবলৈয়ে আৰম্ভ কৰিলে৷ 

হুমুনিয়াহ এৰে লখিমীয়ে৷

: এতিয়া গোটেই জীৱন এইখন ঘৰতে খুৱাই পিন্ধাই ৰাখিব লাগিব৷

অসন্তুষ্টিত ওন্দোলি উঠে বৌৱেকৰ মুখ৷ মাকেও বকে তাইকে৷

: ফুটা কপালী তই৷ বংশত কোনোকালেও কাৰো গাত নোহোৱা বেমাৰটো তোৰ গাতহে হ’বলৈ পালে৷

ককায়েকে বিনা কাৰণতে জেঙেৰা মাৰি উঠে কেতিয়াবা তাইক৷

কেতিয়াবা চিঞৰি চিঞৰি ক’বলৈ মন যায় লখিমীৰ৷ তোমালোকে নীলা আকাশত শুকুলা মেঘ ভাল পোৱা, তোমালোকে পখিলাৰ ৰং-বিৰঙী পাখি দেখি মুগ্ধ হোৱা, আৰু যেতিয়া আকাশৰ সাতোৰঙী ৰামধেনু ওলায় তেতিয়া পেখম ধৰা ময়ূৰৰ লগত ৰিজনি কৰি ৰ লাগি চোৱাঁ৷ তেতিয়াহ’লে তোমালোকে মোক কিয় এৰাই চলাঁ, মোক কুৰূপা বুলি ঘৃণাৰ দৃষ্টিৰে চোৱাঁ? মোৰ ছালত দাগ পৰিছে, কিন্তু মোৰ হৃদয়খন চোৱাঁচোন কিমান নিকা হৈ আছে, মৰমেৰে ভৰি আছে৷ মোৰো সপোন আছে, আশা আছে৷ কেৱল এই বগা দাগডোখৰৰ বাবেই কিয় মোক বৈষম্যমূলক আচৰণ কৰাঁ… 

কিন্তু কোৱা নহয়৷ বৌৱেকৰ ঠেকেচ্ নেকেচ্, মাকৰ গুৱাল-গালি, ককায়েকৰ অহেতুক খং- সকলো সহ্য কৰি নীৰৱে থাকে তাই৷ আৰু নহ’লে তাইৰ উপায় আছেই বা কি.. 

কেতিয়াবা তাইৰ আত্মহত্যা কৰাৰ প্ৰচণ্ড ইচ্ছা জাগে৷ কেইবাদিনো হাতত চূৰ্ণীখন লৈও আকৌ ৰৈ গৈছে৷ সাহস নহয় মৰিবলৈ৷ এই ধুনীয়া পৃথিৱীখন এৰি যাবলৈ মনো নাযায় তাইৰ৷

ইয়াতকৈ কত ডাঙৰ ডাঙৰ অসুখত ভুগিও মানুহ জীয়াই আছে, মই সাধাৰণ এই বগা দাগটোৰ বাবে মৰিমনে… ভাবে তাই৷ গুচি আহে নৈৰ পাৰৰ পৰা৷ দলিয়াই পেলাই হাতৰ দোপাট্টা৷

আজিকালি আইনাখন যেন সেই দাগটো চাবলৈহে চাই তাই৷ আজিও পিছফালে বহি আইনাখনকে চাই আছিল তাই৷

: লখিমী, এনেয়ে আছ যদি যাচোন দোকানৰপৰা চাবোন এডোখৰ আনগৈ৷ কাপোৰকিটা আওদালিবলৈ চাবোনেই নাই৷ -মাকৰ মাতত আইনা সামৰি থ’লে তাই৷

আজিকালি বৌৱেকে চাবোন বেলেগে ঘঁহে৷ বগা দাগ সুঁচৰিব বুলি তাইক বৌৱেকৰ চাবোন, ক্ৰীম চুবলৈকে নিদিয়ে৷ লখিমীয়ে নিজৰ চাবোন-তেল নিজেই আনি ল’বলগীয়া হয়৷  

মাকে আগবঢ়াই দিয়া টকাকেইটা লৈ তাই দোকানৰ ফালে আগবাঢ়িল৷

:  হেই, এইজনী লখিমী নহয়নে৷ ক’ত যাৱ৷ কি কৰি আছ এতিয়া তই… 

কাৰোবাৰ উচ্ছ্বাস ভৰা মাতত চমকি উঠিল লখিমী৷ এইজনী পৰী৷ সিহঁতৰ গাঁৱৰে ছোৱালী৷ যোৱা  দুবছৰমানৰ পৰা গুৱাহাটীত থাকে৷ কিবা পাৰ্লাৰত নে দোকানত চাকৰি কৰে হেনো৷

: পৰী বাইদেউ কেহানি আহিলা৷ লখিমী আগবাঢ়ি গ’ল৷

: কালি পালোঁহি৷ গাঁওখন এপাক ঘূৰোঁ বোলোঁ৷ আহ নহ’লে মোৰ লগত, অলপ আলিমূৰলৈকে খোজ কাঢ়োঁ৷

লখিমীয়ে আপত্তি নকৰিলে৷ খোজ কাঢ়ি গৈ থাকোঁতে সিহঁতে বহুত কথাকে পাতিলে৷

দুদিন পাছত৷

আজি লখিমী গুৱাহাটীলৈ যাবগৈ৷ পৰীৰ লগত৷ পৰীয়ে এখন বুটিক্ আৰম্ভ কৰিছে বোলে৷ তাতে কাপোৰবোৰ চিলোৱা-মেলা কৰিবলৈ ছোৱালী এজনী লাগে৷ লখিমীয়ে কাপোৰ চিলাব জানে৷ তাই পাৰিব৷ পৰীৰ লগতে থকা-মেলা, খোৱা-বোৱা কৰিব৷

লখিমীৰ ঘৰত যি ক’ব লাগে বুজাব লাগে পৰীয়েই বুজালে৷ মাকে আপত্তি কৰিছিল, ঘৰৰ ছোৱালী ঘৰত থাক বুলি৷ পৰীয়ে চম্ভালিলে৷ বৌৱেকক কিন্তু খুবেই আনন্দিত হোৱা যেন লাগিল৷

পৰীৰ লগত যাবলৈ, তাইৰ দৰকাৰী বস্তুবিলাক ভৰাই নিবলৈ এটা বেগ লাগে৷ আৰু কিবাকিবি সৰুসুৰা বস্তু লাগে৷ তাকে নিবলৈ বুলি লখিমী টাউনলৈ আহিছে৷ নতুন চিলাই মেচিন এটা কিনিবলৈ বুলি বৰ কষ্টৰে গোটাইছিল টকা কেইটামান৷ তাকে লৈ আহিছে৷ ডাঙৰ ভি আইপি বেগ এটা,  পিন্ধা আৰু ঘঁহা-পিহা বস্তু কেইটামান কিনি লৈ ঘৰলৈ যাবলৈ বুলি এয়া মেজিক ষ্টেণ্ডৰ কাষৰ গছজোপাৰ তলতে ৰৈ আছে তাই৷

:  লখিমী৷

কাৰোবাৰ মাতত ঘূৰি চালে তাই৷ নীলিম৷ তাইক দেখি আগবাঢ়ি আহিল সি৷

: অহ্ নীলিমদা৷ ক’লৈ আহিছিল? নে ক’ৰবাত যায়হে? – সুধিলে তাই৷ নীলিম সিহঁতৰ গাঁৱৰ সিটো চুবুৰীৰ ল’ৰা৷

: মই ইয়ালৈকে আহিছিলোঁ৷ দোকানৰ বস্তু অলপ নিবলৈ৷ তই …

: ময়ো ইয়ালৈকে আহিছিলোঁ৷ যামiw এতিয়া৷ মেজিকলৈ ৰৈ আছোঁ৷ – তাই ক’লে৷

: তই নহ’লে মোৰ লগতে যাব পাৰিবি৷ ময়ো যামেই এতিয়া৷

: অ’ হয় নেকি… ? – এপলক ভাবিলে তাই৷ এই গৰমত মেজিক SKvত মানুহৰ ঠেলা-হেঁচাত যোৱাতকৈ নীলিমৰ গাড়ীতে যোৱাও বেয়া নহ’ব৷

: ভয় কৰিব নeলাগে৷ আহ৷ – ডি আইখনৰ দুৱাৰখন খুলি মাতিলে সি৷ নিমাতে লখিমী গৈ তাৰ কাষত বহিলগৈ৷

: কচোন বাকী খবৰ৷ শুনিছোঁ গুৱাহাটীলৈ যাবলৈ ওলাইছ হেনো৷ টাউনৰ ব্যস্ততাপূৰ্ণ পথছোৱা একান্ত মনে গাড়ী চলোৱাৰ পাছত মুকলি ৰাস্তা পাই তাইৰ ফালে চাই সুধিলে তেওঁ৷

: ওঁ নীলিম দা৷ কোনে ক’লে আপোনাক? -আচৰিত হ’ল লখিমী৷ তাই গুৱাহাটীলৈ যাব বুলি নীলিমে কেনেকৈ গম পালে ? 

: পৰীয়ে কৈছিল, কালি দোকানত লগ পাই৷

: ভাবিছোঁ নহয়৷ যাম, আজিয়েই৷ ৰাতিৰ বাছত৷ -ক’লে তাই৷

: পৰীয়ে গুৱাহাটীত কি কৰে কি নকৰে সঠিককৈ কোনেও নেজানে৷ শুনিছোঁ তাই বোলে কিবাকিবি ধান্দাবাজি কামতহে জড়িত৷ তাইৰ চাল-চলন, কথা-বতৰাবোৰতে জানো গম নাপাৱ? তইনো কি সাহসত যাবলৈ ওলাইছ তাইৰ লগত? সমুখৰ ৰাস্তাত চকু থৈ একান্তমনে গাড়ী চলাই থাকি ক’লে তেওঁ৷

: ইয়াতনো কাৰ সাহসত থাকোঁ৷ সকলোৱেচোন মোক এৰাই চলিবলৈ বিচাৰে আজিকালি৷

: কিয় …কিয় এৰাই চলে তোক…

লখিমীয়ে কৈ গ’ল তাইৰ শৰীৰত অভাৱনীয়ভাৱে দেখা দিয়া আৰু ক্ৰমান্বয়ে বাঢ়ি যোৱা দাগডোখৰৰ কথা, তাকে লৈ ঘৰৰ বৌৱেকৰ দৈনিক কাট মৰা কথা শুনিবলৈ পোৱাৰ কথা, ওচৰ-চুবুৰীয়া, মিতিৰ-কুটুমৰ পুতৌভৰা দৃষ্টিৰে কথা৷

অবাক হ’ল নীলিম৷

: বগা দাগক লৈ ইমান ঘিণাবলগীয়া কথা কি আছে লখিমী? এয়া সাধাৰণ ঘটনা৷ আৰু ইয়াতকৈ কত গভীৰ,  মচিব নোৱাৰা দাগ থাকে মানুহৰ জীৱনত৷

ৰাস্তাৰ কাষৰ হোটেল এখনৰ সন্মুখত হঠাতে তেওঁ গাড়ীখন ৰখালে৷

: নীলিম দা… প্ৰশ্নবোধক দৃষ্টিৰে চালে নীলিমলৈ লখিমীয়ে৷

: ওঁ৷ ব’ল চাহ একাপ খাওঁগৈ‌৷ পটাপট আহিবলৈহে চালোঁ৷ একো খোৱাই নহ’ল নহয়৷ আহ৷

তেওঁ নামি গ’লেই৷ উপায়ান্তৰ হৈ লখিমীও নামি গ’ল৷

চাহ দুকাপৰ লগতে দুটা মিঠাইৰ অৰ্ডাৰ দি তেৱোঁ তাইৰ মুখামুখিকৈ বহিল৷

: লখিমী, কথা এটা কওঁ৷

: ওঁ৷

: সৰুৰে পৰা তোক দেখি আহিছোঁ, জানি আহিছোঁ৷ তোৰ গাৰ ছালখনত এই অকণ দুকণ দাগ বহিলেও তোৰ অন্তৰখন যে একেবাৰে নিকা আৰু সৎ মই জানো৷ আৰু শৰীৰৰ ৰঙৰ দ্বাৰা মানুহ চিনাকি নহয় নহয়৷ স্বভাৱ আৰু কৰ্মৰ দ্বাৰাহে পৰিচিত হয়৷  

: নীলিম দা…

: মই ভাবোঁ ৰং দেখি মানুহৰ ভেদভাব কৰাতকৈ ব্যক্তিত্ব আৰু সামৰ্থ্যক লৈহে মানুহক জুখিব লাগে৷

:  কিন্তু নীলিম দা…

: ওঁ৷ প্ৰত্যেকটো চেহেৰাতেই দাগ থাকে অ’, কিন্তু প্ৰতিটো দাগ চেহেৰাত ধৰা নপৰে৷

হোটেলৰ খিৰিকীৰে বাহিৰলৈ চাই গভীৰভাৱে কোৱা কথাত চিন্তাত পৰিল লখিমী৷ 

 নীলিমহঁতৰ লগত সিহঁতৰ বৰকৈ আহ-যাহ নাই যদিও তেওঁক এজন সৎ আৰু ভদ্ৰ যুৱক বুলিয়েই সকলোৱে জানে৷ গাঁৱৰ আলিমূৰত এখন ডাঙৰ দোকান আছে৷ তাত গেলামালৰ পৰা অন্য বহুতো লাগতীয়াল বয়-বস্তু পায় ৷ এবাৰ শুনিবলৈ পাইছিল তাই, নীলিমে প্ৰাণতকৈ ভাল পোৱা ইখন গাঁৱৰ কোনোবা ছোৱালী এজনীয়ে হেনো সামান্য অজুহাততে তেওঁক এৰি আনলৈ বিয়া হৈ গুচি গৈছিল৷ বৰকৈ ভাগি পৰিছিল নীলিম৷ সেই ছোৱালীজনীৰ লগত বহুত খৰচো কৰিছিল বোলে৷ তাৰ পিছত বহুদিন তেওঁ গুম হৈ পৰিছিল৷ এতিয়া দুবছৰমানহে হৈছে আকৌ ঠন ধৰি উঠিছে তেওঁ, ঠন ধৰি উঠিছে তেওঁৰ দোকান,  ব্যৱসায়। 

দাগৰ কথা ক’লে যে , সেই ছোৱালীজনীক লৈয়ে ক’লে নেকি… ভাবি ওৰ নেপালে লখিমীয়ে৷  কি কওঁ কি নকওঁ কৈ ঠাইতে লৰচৰ কৰি বহিল তাই৷

: বাদ দে  গুৱাহাটীলৈ যাবলৈ৷  মোৰ লগত ব’ল৷  আমাৰ ঘৰলৈ,  মোৰ জীৱন সজাবলৈ৷

: নীলিম দা… 

বিস্ফাৰিত দুচকু মেলি তাই নীলিমলৈ চালে৷  কি কৈছে এয়া নীলিমে…! ধেমালি কৰিছে নে সঁচাই কৈছে…!

: সঁচাকৈ কৈছোঁ লখিমী৷ জোনতো দাগ আছে। কিন্তু তথাপি জোন জানো ধুনীয়া নহয়? তোৰ শৰীৰত দেখা পোৱাকৈ দাগ এটা বহিছে, কিন্তু মোৰ বুকুত যে এজনীয়ে কিমান গভীৰ দাগ বহুৱাই থৈ গ’ল৷ নামী দামী চিকিৎসকৰ চিকিৎসায়ো ভাল কৰিব নোৱাৰা দাগ৷ মই ডাক্তৰৰ ওচৰত চিকিৎসা কৰি তোৰ বগা দাগ ভাল কৰিম আৰু তই  মৰম চেনেহেৰে মোৰ অন্তৰৰ দাগ ভাল কৰিবি…

আস্…..নীলিমৰ কথাত কি কৰোঁ কি নকৰোঁকৈ উচপিচাই উঠোঁতেই অকস্মাতে তাইৰ হাত লাগি চাহৰ কাপটো বাগৰি পৰিল৷

টেবুলত বাগৰি পৰা কাপৰ পৰা ওলাই অহা চাহে তাইৰ কূৰ্তিটো বোৱাই পেলালে৷ জাঁপ মাৰি উঠি পৰিল তাই চকীৰ পৰা৷

সমান্তৰালভাৱে নীলিমো উঠিল৷

: ছেঃ,  তোৰ কূৰ্তিটো  দাগ লাগি নষ্ট হ’ব এতিয়া৷ -নীলিমে  ইচইচাই ক’লে৷

: একো নাই নীলিম দা৷ য়্যে দাগ অচ্ছে হ্যেয়…

তাই  নীলিমৰ চকুত চকু থৈ হাঁহি মাৰি ক’লে৷ নীলিমে তাইৰ চকুলৈ চালে৷ অপাৰ আনন্দ যেন বিয়পি পৰিল তাৰ চকুৱে-মুখে৷

অলপ পাছত দুয়োটাকে হাতত ধৰাধৰিকৈ ওলাই অহা দেখা গ’ল হোটেলখনৰপৰা৷  

ভ্ৰাম্যভাষ : ৮৬৩৮৩৮৩৯২৫

ইমেইল : padmajaborah2019@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close