Written by sdblogs2011 8:28 pm Poems

তৰমুজৰ দৰে

 নিৰু দত্ত

চৰাইৰ কিচিৰ-মিচিৰ আৰু স্তুতিগীতত

সাৰপোৱা ফেঁহুজালি এটা বুকুত জীয়ন দি থ’লোঁ ।

কথাবোৰে খলখলাই বাট নোপোৱা দিনবোৰত

তৰমুজৰ ভিতৰত মনটো ভৰাই 

উদং হৈ  চৰাই হ’লোঁ।

ৰজা চৰাই এটাই নিলিখা কিতাপখন মেলি ধৰে

“মুকলি-মূৰীয়া চৰাই বিনন্দীয়া তথাপি লাগিব  বান্ধোন”

কিচিৰ-মিচিৰবোৰ বাঢ়ি বাঢ়ি ঢৌ নৌ হওঁতে

নিলিখা কিতাপখনত লিখা হ’ল

চৰাই-সংবিধান ।

মোলান পৰা চৰাইৰ ৰংবোৰ

আবেলিৰ আকাশে সাঁচি থয়

তৰমুজে ৰঙাখিনি ধাৰণ কৰে বুকুত ।

ঠিকনা :

সৰুপথাৰ – ৭৮৫৬০১

গোলাঘাট

ভ্ৰাম্যভাষ : ৭০০২২৪১১৪৫ 

Visited 2 times, 1 visit(s) today
Website |  + posts
Close