Written by sdblogs2011 7:11 pm Poems

তেজৰ দৰে ডোঙা বান্ধি হাহাকাৰবোৰ…

ধ্ৰুৱজ্যোতি দাস

বৰ লাজ লাগিব জানা,

যুদ্ধৰ বিষেৰে জন্ম পোৱা অপুৰঠ শিশুহঁতে 

এদিন যেতিয়া তোমাৰ কথা পঢ়িব

সিহঁতৰ পাঠ্যপুথিত

লিখিব স্কুলৰ ডেক্সত…

বৰ লাজ লাগিব৷ 

বৰকৈ লাজ লাগিব জানা,

গোলা-বাৰুদৰ ধোঁৱাবোৰ পি পি 

গৰ্ভৱতী গছবোৰে যেতিয়া

সেউজীয়া পাত মেলিব নোৱৰা হ’ব

ক’লা-ধোঁৱাৰঙী পাতেৰে ভৰি পৰিব 

অৰণ্যৰ উপনিষদ –

বৰকৈ লাজ লাগিব৷

বৰকৈ লাজ লাগিব জানা,  

নিচুক উদৰত যুঁজৰ দীঘল ঠোঁট 

পখলাৰ পিচত 

ত্ৰাসৰ ঘোলা বতাহত ঘূৰি থাকিব মাকহঁত –

ঘেঁহুৰ পথাৰবোৰৰ

গোমধানৰ পথাৰবোৰৰ 

বতাহ ফালিবলৈ,

পণিয়লী পোণাৰ শৰীৰ ল’বলৈ

তিৰোহঁতে যেতিয়া যুগলৈকে আৰু 

প্ৰসৱ কৰিব নোৱাৰিব শিশু শৰীৰৰ শিশু…

বৰ লাজ লাগিব৷

বৰকৈ লাজ লাগিব জানা,

তোমাৰ বাবেই যেতিয়া ঠিক তেজৰ 

দৰে ডোঙা বান্ধি থাকিব হাহাকাৰবোৰ

আৰু তোমাৰ বাবেই তেজৰ 

ডোঙাৰ তলত এখন দেশৰ মানচিত্ৰ… 

বৰ লাজ লাগিব৷ 

বৰকৈ লাজ লাগিব জানা,

তোমাৰ বাবেই

তেজৰ ডোঙাৰ তলত এই দেশ 

ইউক্ৰেইন ! ইউক্ৰেইন !/ 

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close