Written by sdblogs2011 4:17 am Poems

তুমি ভাল নহয়

তুমি ভাল নহয় (You’re No Good)

মূল  : ব’ব ডিলান * (২৪ মে, ১৯৪১-)

অনুবাদ : ড° ৰঞ্জিত দত্ত

জানা, মই নিজেই নাজানো

কিয় মই বিচৰা ধৰণেই

ভাল পাওঁ তোমাক;

পৃথিৱীৰ  কোনোৱেই 

পাব নোৱাৰিব তোমাক 

এনেকৈ অতি একান্তভাৱে,

তোমাৰ হয়তো এনে লাগিছে 

এটা অসুৰহে যেন শুই আছে 

এটি সিংহৰ  গাঁতত অতি সন্তপৰ্ণে,

যোৱাৰাতি মই

ঘৰলৈ আহিছিলোঁ আৰু 

তুমি মোক ঘৰৰ ভিতৰত 

সোমাবলৈকে নিদিলা,

মই বুজি নাপাওঁ কিয় 

কেতিয়াবা তুমি সকলোৱে 

বিচৰাৰ দৰেই সুমধুৰ হৈ পৰাঁ

আকৌ কেতিয়াবা

পাগলৰ দৰে জঁপিয়াই পৰা

মোৰ  ওপৰত অনাহকতে 

অতি হিংসুকভাৱে,

মোৰ এনে ভাব হয় জানা

মোক বেদনাৰ ফতিকা পান কৰোৱাই

তুমি খুউব ভাল পোৱাঁ,

তুমি দুখ দিলে কিন্তু 

মোৰ মৰি যাওঁ যেন লাগে,

প্ৰচণ্ড শীতত যেতিয়া 

তোমাৰ ভৰিত পিন্ধিবলৈ 

এজোৰ জোতা  নাছিল

ময়ে পিন্ধাই দিছিলোঁ তোমাক 

সেই আৰামদায়ক জোতাযোৰ,

খাদ্যৰ অভাৱত যেতিয়া

তুমি লঘোণে আছিলা

ময়ে তোমাক খাবলৈ দিছিলোঁ,

তুমি যে সঁচাকৈ

কেনেকুৱা নাৰী 

মই অকণো বুজিকে  নাপাওঁ!

মোৰ টকা-পইচা সকলো

মোৰ পৰা আত্মসাৎ কৰি

দি দিলা এজন পৰপুৰুষক,

তুমি এনে এগৰাকী নাৰী

যি এজন পুৰুষৰ মগজু

শেষ কৰি দিব পাৰে ক্ষন্তেকতে,

বলিয়া কৰিব পাৰে

কাৰোবাক  নিমিষতে,

মই নিজেই নাজানো 

তুমিনো মোক দুখ দি 

কিয় ভাল পোৱাঁ?

তুমি মোক দুখ দিয়াঁ

যি কৰাঁ কৰাঁ 

মই কিন্তু মৰিব পাৰোঁ

তোমাৰ বাবে হেলাৰঙে।

***

* ২০১৬ চনৰ সাহিত্যৰ ন’বেল বঁটা বিজয়ী।

ফোন : ৯৪৩৫৫ ৯৩৫৪২

Visited 2 times, 1 visit(s) today
Website |  + posts
Close