Written by sdblogs2011 2:20 am Poems

তিনিটা কবিতাৰ কথা

নীলাভ সৌৰভ

এটা কবিতাই খুন্দা মাৰিলে আন এটাক

মুখলৈ চাই দুয়ো দুয়োকে চিনি পালে

এটা প্ৰেমৰ আনটো বিচ্ছেদৰ

বজাৰ-সমাৰ ইত্যাদিৰ মাজত

কবিতাই কবিতাক লগেই পোৱা নাছিল বহুদিন

কাৰোবাৰ ঘৰৰ বুকছেল্ফত বা

বিক্ৰী নোহোৱা কিতাপৰ মাজৰ পৰা সুৰুঙা পালে

কেতিয়াবাহে বাহিৰলৈ আহে

এটা কবিমেলৰ মাইক্ৰ’ফোনৰ পৰা

আনটো মেলি থোৱা কিতাপৰ পৰা

ওলাই আহি ভ্ৰমি আছিল চহৰ

হঠাতে আহি এটা উচ্ছেদৰ কবিতাৰ সৈতে মুখামুখি হ’ল

প্ৰেমৰ কবিতাই প্ৰেয়সীৰ কথা ক’লে অলেখ উপমাৰে

বিচ্ছেদৰ কবিতাই প্ৰেমৰে পিছে পিছে বাট বুলিলে

কাহানিবা প্ৰেম আৰু বিচ্ছেদ এনেকৈ

লগ হ’ব বুলি ভবাই নাছিল কোনেও

সময়ৰ তীব্ৰতাই কমাই আনিলে দুয়োৰে দুৰত্ব

উচ্ছেদৰ কবিতা ঘামত তিতি আছিল

প্ৰেমৰ হৰ্ষ আৰু বিচ্ছেদৰ চকুপানীত বঁটা-বাহন

আনন্দমেলা আৰু শোকসভাত উচ্ছেদৰ ঠাই চুৱাপাতনিত

পথাৰৰ মাটিৰ নদীৰ পুখুৰীৰ

বোকাৰ শব্দৰেও উচ্ছেদে মিতিৰালি কৰিব নোৱাৰিলে

প্ৰেম আৰু বিচ্ছেদৰ সৈতে

প্ৰেমক সাবটি ধৰে প্ৰেমে

বিচ্ছেদক সাবটি ধৰে সহানুভূতিয়ে

উচ্ছেদে শীতত কঁপি কঁপি এটা কলিজা বিচাৰি থাকে

প্ৰেম আৰু বিচ্ছেদৰ কবিয়ে সভা সামৰি এসাঁজ খায়

কলম সামৰি শোৱে

চাকৰি-বাকৰি কৰে পঢ়া-শুনা কৰে সময় কম

আৰু অলপ বেখবৰ…

উচ্ছেদৰ কবি

ৰ’দত শুকাই ছাল ক’লা পৰে

বানত পৰি কঁকাল ভাগে

শীতত থৰথৰকৈ কঁপে

মাটিৰ খেতি আৰু পানীৰ মাছেৰে মিতিৰালি কৰিও

এথানি-এবানি উচ্ছেদৰ কবি

মানৱীয়তাৰ আলোচনাত চকী খালি কৰি

পুতৌ তোষামোদৰ সভাত কবি বহি থাকোঁতে

কবিতা পলাই গ’ল বহুতৰ

আৰু তদাৰকী কৰা বহু সমালোচকৰ একেডোখৰ ঠাইতে

খজুৱাই থকা খৰ

তিনিওটা কবিতা এৰাএৰি হ’লত

দুটা ঘৰাঘৰি হ’ল

উচ্ছেদ পৰিল খালত

আমাৰো মহে কামুৰিলে গালত

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close