Written by sdblogs2011 6:31 am Poems

ঢেঁকীথোৰা

(সাধুকথাৰ ভিত্তিত) 

পূৰৱী তালুকদাৰ

আছিল এজন দৰিদ্ৰ লোক নাম তেওঁৰ বাপুকণ,

খুদ-কণ এটি ঘৰত নাথাকিলেও অতিথি পৰায়ণ।

খং উঠে তেওঁৰ ঘৈণীয়েকৰ এই কথাটোক লৈ,

ভাগৰি পৰে বাপুকণৰ আগত অভাৱৰ কথা কৈ।

তথাপি বাপুকণৰ স্বভাৱত সালসলনি নাই,

যিদিনা ঘৰলৈ অতিথি নাহে পদূলিলৈ সঘনাই চায় ।

এদিন তেওঁ বাটৰ পৰা মাতি আনিলে দুজন লোক,

অতিথি পাই বাপুকণ বপুৰাৰ মন হ’ল হৰষিত।

ঘৰলৈ আহি পত্নীক ক’লে সোনকালে ৰান্ধা ভাত,

চোতালত আছে আলহী বহি লগাই আহাঁগৈ মাত।

কথা শুনি ঘৈণীয়েকৰ খঙে চুলিৰ আগ পালে,

বুধি সাজি তেওঁ বাপুকণক বজাৰলৈ পঠিয়াই দিলে।

অলপ সময় ভাবি বাপুকণে ক’লে অতিথিৰ আগত,

খোৱাৰ আগতে পূজা কৰি আহোঁ ওচৰৰ মন্দিৰত।

অতিথিক বহুৱাই থৈ ৰাওনা হ’ল বাপুকণ বজাৰলৈ,

পাছ পৰতেই সাজু হ’ল ঘৈণীয়েক অতিথি খেদিবলৈ ।

মজিয়ালৈ আনিলে ঢেঁকীথোৰা এটা তেল-সেন্দূৰ লগাই,

আলহীক মাতি ক’লে- আহকচোন প্ৰভু গোসাঁই।

ঢেঁকীথোৰা দেখি তেওঁলোকে সুধিলে এয়া কি কথা,

বাপুকণৰ ঘৈণীয়েকে ক’লে- এইটোৱে ডাঙৰ লেঠা।

ঘূৰি আহি সাজু হ’ব গিৰীহঁত সেইটো হাতত লৈ,

ভোজনৰ আগে কোবাব অতিথিক আঁঠু কঢ়াই থৈ।

কথা শুনি অতিথি দুজনে ভয়তে পলাই পত্ৰং দিলে,

অলপ পাছত ফোঁপাই-জোপাই বাপুকণো আহি পালে।

অতিথিৰ একো সাৰসুৰ নাপাই আচৰিত হ’ল বাপুকণ,

সুধিলে ঘৈণীয়েকক- তেওঁলোক ক’ত আছে কোৱাচোন।

উপস্থিত বুদ্ধি খটুৱাই ঘৈণীয়েকে ক’লে সকলো সাজি,

কাবৌ কৰিছিল তেওঁলোকে মোক ঢেঁকীথোৰাটো খুজি।

নিদিলোঁ মই সেইটো আপোনাৰ বৰ মৰমৰ বুলি,

খঙতে তেওঁলোকে দেখোন তেতিয়াই গ’ল গুচি।

ঢেঁকীথোৰাটো  লৈ বাপুকণে পত্নীক পাৰিলে গালি,

দৌৰাদৌৰিকৈ তেওঁ ওলাই গ’ল আলহীক বিচাৰি ।

অলপ দূৰত তেওঁ আলহীক দেখি চিঞৰি মাতিলে,

ঢেঁকীথোৰাটো দেখুৱাই সেইটো লৈ যাবলৈ ক’লে।

বাপুকণক দেখি অতিথিয়ে প্ৰাণটাকি দৌৰিলে ভয়ত,

ভাবিলে বাপুকণে লগ পালে কঁকাল ভাঙিব কোবত।

ভাগৰি পৰিল বাপুকণ বোপাই অতিথিৰ পিছত দৌৰি,

ঘূৰাই আনিব নোৱাৰিলে আলহীক বহু চেষ্টা কৰি।

                    * * *ঠিকনা :B-115,Sanvi Sankalpam,Nagondanahalli,Nonefield, Bengaluru,Karnataka 560067ভ্ৰাম্যভাষ: ৮৯৫১৮১৯২৬৭

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close