Written by sdblogs2011 6:44 am Articles

ড° ৰুবুল মাউতৰ সৈতে অন্যযুগৰ এটি সাক্ষাৎকাৰ

 সাক্ষাৎকাৰ যুগুত : দেৱজিৎ ভৰালী


 ড° ৰুবুল মাউত, সুকীয়াকৈ তেখেতক পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই৷ ড° ৰুবুল মাউত অসমৰ এগৰাকী কেৱল সুসন্তানেই নহয়, নৱপ্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ নাম৷ দৰিদ্ৰতা আৰু অনেক প্ৰতিকূলতাক নেওচি জীৱনৰ ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ সক্ষম হোৱা ড° মাউতে ইতিমধ্যেই তেখেতৰ আত্মজীৱনী “মোৰো এটি সপোন আছে”-ত তেওঁৰ জীৱন সংগ্ৰামৰ কথা বিশদভাৱে বৰ্ণনা কৰিছে৷ আমি অন্যযুগ পৰিয়ালে তেখেতক যোগাযোগ কৰি আলোচনীলৈ কিবা এটি লেখা আগ বঢ়াবলৈ অনুৰোধ জনাইছিলোঁ আৰু তাৰেই সঁহাৰিস্বৰূপে তেখেতৰ এটি সাক্ষাৎকাৰ অন্যযুগৰ পাঠক সমাজলৈ আগবঢ়াই দিলোঁ৷

অন্যযুগ : ৰুবুল, অন্যযুগৰ মজিয়ালৈ তোমাক স্বাগতম জনাইছোঁ৷  তোমাৰ জীৱনৰ টাৰ্নিং পইণ্টটোৰ বিষয়ে অকণমান জনাবানে? মাষ্টাৰ্ছ কৰি থকাৰ সময়তে তোমাৰ জীৱনত অনন্য গতিময় কেঁকুৰিটো পাইছিলা, তাৰ বিষয়ে৷

ৰু. মা. : পোনপ্ৰথমে অন্যযুগ তথা তোমালৈ ধন্যবাদ৷ টাৰ্নিং পইণ্ট বহুত আছে৷ আচলতে জীৱনৰ প্ৰত্যেকটো ঢাপেই একোটা টাৰ্নিং পইণ্ট৷ হয়তো দুই-এক সাফল্যই বেছি গুৰুত্ব পায়; কিন্তু সকলোবোৰৰ সমাহাৰেই জীৱনটো৷ মেট্ৰিক পাছ কৰাটো এটা টাৰ্নিং পইণ্ট, কলেজ পাছ কৰাটো, গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ পোৱাটো, পুনেলৈ যোৱাটো, টি আই এফ আৰ (TIFR – Tata Institute of Fundamental Research )-ত চাকৰি পোৱাটো, আমেৰিকাত গৱেষণা কৰিবলৈ পোৱাটো ইত্যাদি ইত্যাদি…৷ সেই কেঁকুৰিবোৰ সলাই সলাই গৈ থাকিব লাগিব৷

অন্যযুগ : তোমাৰ জীৱনৰ এই বিজ্ঞানময় যাত্ৰাৰ আন এটি ডাঙৰ প্ৰত্যাহ্বান আছিল ইংৰাজী ভাষাৰে কথোপকথনত তোমাৰ দুৰ্বলতা৷ এই প্ৰত্যাহ্বান কিদৰে জয় কৰিছিলা?

ৰু. মা. :  মই ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাৰ ক্ষেত্ৰতে বহুত দুৰ্বল আছিলোঁ আৰু সেই কথা ইতিমধ্যে বহু ঠাইত উল্লেখ কৰি আহিছোঁ৷ ইংৰাজীৰ ক্ষেত্ৰত প্ৰথম বাহিৰলৈ ওলাই আহোঁতে সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ৷ অৱশ্যে ইচ্ছা থাকিলে সময়ে সকলো আনি দিয়ে৷ কিন্তু বহুত কষ্ট হয়৷ বহুতে সেই কষ্ট কৰিব নোৱাৰে বাবে নীৰৱে আঁতৰি যায়৷

ইংৰাজীৰ ক্ষেত্ৰত মোৰ প্ৰতিবন্ধকতা বহুতৰপীয়া আছিল৷ কথিত, লিখিত আৰু উচ্চখাপৰ সাহিত্য লিখাতো৷ এই আটাইকেইটাতে মোৰ কষ্ট কৰিবলগীয়া হৈছিল, কৰি আছোঁ, হয়তো কৰিয়েই থাকিব লাগিব৷

অন্যযুগ : অসমত “বিজ্ঞানমনষ্ক” চিন্তাধাৰা সন্তোষজনক বুলি তুমি ভাবানে? এই ক্ষেত্ৰত আগন্তুক সময়ত কিবা কৰিবলৈ ইচ্ছা আছে নেকি?

ৰু. মা. :  বহুতে গ্ৰাউণ্ড লেভেলত কাম কৰি আছে৷ কিন্তু আৰু বহুত কৰিবলৈ বাকী আছে বুলি মোৰ ভাব হয়৷ আমি নিজে সক্ৰিয় বিজ্ঞানৰ সৈতে জড়িত হোৱাৰ বাবে ইচ্ছা থাকিলেও বহু কাম কৰিব নোৱাৰোঁ৷ অৱশ্যে তাৰ মাজতে পাৰোঁ মানে কৰি যোৱাটো আৱশ্যকীয়৷

অন্যযুগ : তুমি মাছাচ্যুছে’টছ্ বিশ্ববিদ্যালয়ত ডক্টৰেট সম্পূৰ্ণ কৰি উঠি ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষক হ’লা৷ তাত তুমি কৰা “প্ৰ’টিন ডিজাইন” সম্পৰ্কীয় গৱেষণাৰ বিষয়ে থূলমূল আভাস এটি দিবানে?

ৰু. মা. : “প্ৰ’টিন ডিজাইন” হ’ল পৰীক্ষাগাৰত কৃত্ৰিমভাৱে প্ৰ’টিন অণু সৃষ্টি কৰা৷ একোটা প্ৰ’টিন যৌগ শ শ অণু-পৰমাণুৰে গঠিত৷ তদুপৰি এই অণু-পৰমাণুৰ মাজত হোৱা হাজাৰ হাজাৰ আকৰ্ষণ-বিকৰ্ষণৰ ফলত প্ৰত্যেক প্ৰ’টিন যৌগই এক বিশেষ আকৃতি লয়, যাৰ ফলত ই এক বিশেষ কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হয়৷ আমাৰ দেহৰ কোষৰ ভিতৰত এনেকুৱা হাজাৰ-বিজাৰ প্ৰ’টিন যৌগই অহৰ্নিশে একো একোটা ক্ষুদ্ৰ যন্ত্ৰৰ দৰে কাম কৰি থাকে৷ সেইবাবে আমাৰ দেহৰ কোষবোৰ জীৱিত হৈ থাকে৷ বিৱৰ্তনৰ ফলত, কোটি কোটি বছৰৰ অন্তত এই যৌগবোৰ সৃষ্টি হৈছিল, কিন্তু পৰীক্ষাগাৰত এইবোৰ নিৰ্মাণ কৰি উলিওৱাটো প্ৰায় দুঃসাধ্য৷ তাৰ এটা মূল কাৰণ হ’ল যে প্ৰ’টিন যৌগৰ অণু-পৰমাণুবোৰৰ মাজত হোৱা আকৰ্ষণ-বিকৰ্ষণৰ প্ৰক্ৰিয়াক সম্পূৰ্ণভাৱে বুজি উঠাটো এতিয়াও বিজ্ঞানীসকলৰ বাবে সম্ভৱপৰ হোৱা নাই।

মই ৱাশ্বিংটন বিশ্ববিদ্যালয়ত থাকোঁতে এনে কিছুমান গৱেষণাই কৰিছিলোঁ, য’ত আমি কৃত্ৰিমভাৱে প্ৰ’টিন যৌগ তৈয়াৰ কৰি উলিয়াইছিলোঁ৷ এই যৌগবোৰ ব্যৱহাৰৰ সম্ভাৱনা অপাৰ৷ যেনে- এনে যৌগৰে আমাৰ প্ৰতিষ্ঠানে এটি ক’ভিড ভেকচিন্ তৈয়াৰ কৰি উলিয়াইছিল৷

অন্যযুগ : তুমি অসমতে ডাঙৰ-দীঘল হৈ দৰিদ্ৰতা নেওচি নিজৰ কষ্ট, একাগ্ৰতাৰে এক বিশ্বমুখী যাত্ৰাৰ সফল যাত্ৰীৰূপে চিনাকি দিবলৈ সক্ষম হৈছা৷ তোমাৰ জীৱনৰ এই ব্যতিক্ৰমী, বিচিত্ৰ অভিজ্ঞতাই কেতিয়াবা তোমাক আচৰিত কৰি তোলেনে? অসমখন আগ বাঢ়ি যাব পৰাকৈ সকলো সমল থাকিও আজিৰ অসমৰ যি দুৰ্দশাগ্ৰস্ত পৰিৱেশ, আমেৰিকাত থকাৰ সাপেক্ষে সেই কথাই তোমাৰ মনত কেনেদৰে ক্ৰিয়া কৰে?

ৰু. মা. :  নিশ্চয়। আচৰিত কৰি তোলে কেতিয়াবা৷ অসমৰ যি হতাশাগ্ৰস্ত পৰিৱেশৰ কথা আমি কওঁ, ই বহু সময়ত আমাৰ নেৰেটিভৰ বাবে সৃষ্ট এটা পৰিৱেশ৷ এই নেৰেটিভবোৰ সলনি কৰিব পাৰিলে বা নতুন নেৰেটিভৰ সৃষ্টি কৰিব পাৰিলে মোৰ বোধেৰে আমাৰ পৰিৱেশ-পৰিস্থিতি যথেষ্ট উন্নীত হোৱাৰ অৱকাশ আছে৷

অন্যযুগ : বৰ্তমানে তুমি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত চলাই থকা “Stem Cell Program” সংক্ৰান্তীয় গৱেষণা আৰু জিন সম্পাদনা (genom editing)-ৰ বিষয়ে চমুকৈ কোৱাঁচোন৷

ৰু. মা. :  ষ্টেম চে’লৰ কথা কৈনো কৈ থাকিলে ওৰকে নপৰে! গতিকে অতি থূলমূলকৈ দুটামান কথাকে ইয়াত উল্লেখ কৰোঁ৷

ষ্টেম চে’ল (বা অসমীয়াত কাণ্ডকোষ) হৈছে এনে কিছুমান কোষ যাৰ পৰা বেলেগ বেলেগ ধৰণৰ কোষ সৃষ্টি হয়৷ যেনে আমাৰ জীৱনটো এটা কোষৰ পৰাই আৰম্ভ হয়৷ এই কোষটোৱেই বিভাজন হৈ নতুন কোষ হয়, তাৰ পৰা আৰু নতুন নতুন ধৰণৰ কোষ৷ জীৱনৰ এই আৰম্ভণিৰ কোষবোৰক এম্ব্ৰিয়নিক ষ্টেম চে’ল (Embryonic Stem Cell) বোলা হয়৷ ইয়াৰ বিপৰীতে আমাৰ দেহৰ পৈণত কোষ (যাক Somatic Cell বোলা হয়) বোৰ বিভাজন হৈ বেলেগ বেলেগ কোষ হ’ব নোৱাৰে, এইবোৰ বিভাজিত হ’লে একে ধৰণৰ কোষেই হ’ব পাৰে৷ উদাহৰণস্বৰূপে ছালৰ কোষ এটা বিভাজন হ’লে ছালৰ কোষেই হ’ব৷

ষ্টেম চে’ল যিহেতু বিভাজিত হৈ বেলেগ বেলেগ চৰিত্ৰৰ কোষ হ’ব পাৰে, সেয়েহে চিকিৎসা বিজ্ঞানত ইয়াৰ প্ৰয়োগৰ অপাৰ সম্ভাৱনা আছে৷ আমি আমাৰ বিভিন্ন ৰোগত কেতিয়াবা বহুতো কোষ হেৰুৱাওঁ, যেনে Type-1 ডায়েবেটিছ হ’লে আমাৰ অগ্ন্যাশয়ৰ বিটা কোষবোৰ হেৰুৱাওঁ, পাৰ্কিনচন’ছ হ’লে মগজুৰ কিছুমান স্নায়ুকোষ হেৰুৱাওঁ ইত্যাদি ইত্যাদি৷ এতিয়া ষ্টেম চে’লক যদি বিশেষ প্ৰথাৰে বিভাজিত কৰি এই পৈণত কোষবোৰ প্ৰস্তুত কৰিব পাৰোঁ (পৰীক্ষাগাৰত) তেন্তে এনে কোষবোৰ ৰোগীৰ দেহত সংৰোপণ কৰিব পাৰিলেই এই ৰোগসমূহ নিৰ্মূল কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিব৷

মোৰ নিজা গৱেষণাত মানুহৰ ছালৰ কোষ লৈ এইবোৰ ষ্টেম চে’ললৈ ৰূপান্তৰিত কৰি পাছত মানুহৰ তেজৰ কোষ যেনে- Hematopoietic Stem Cell আৰু T-Cell আদি প্ৰস্তুত কৰোঁ৷ অতি সম্প্ৰতি এনে এটা পদ্ধতি উদ্ভাৱন কৰি পেটেণ্ট ফাইল কৰা হৈছে৷

আনহাতে জিন এডিটিং হৈছে মানুহৰ ভিতৰত থকা জিনীয় ভুলবোৰ সংশোধন কৰা৷ ষ্টেম চে’ল আৰু জিন এডিটিং দুয়োটা লগাই ভৱিষ্যতে মানুহৰ হাজাৰ হাজাৰ জেনেটিক বা বংশানুক্ৰমিক ৰোগ নিৰ্মূল কৰাৰ সম্ভাৱনা উজ্জ্বল৷ এই বিষয়বোৰত ইতিমধ্যে বহু বিজ্ঞানীয়ে কাম কৰি আছে আৰু অগ্ৰগতিও লাভ কৰিছে৷

অন্যযুগ : আমি জানো যে তোমাৰ এই গৱেষণাময় যাত্ৰাত তুমি কেইবাগৰাকীও ন’বেল বঁটা বিজয়ী বিজ্ঞানীৰ সান্নিধ্যলৈ আহিছা বা তোমাৰ সহকৰ্মী/ তত্ত্বাৱধায়কৰূপে হয়তো একেলগে কাম কৰিছা৷ তোমাক প্ৰভাৱিত কৰা কোনোবা এগৰাকীৰ নাম তথা কাৰণৰ বিষয়ে অন্যযুগৰ পঢ়ুৱৈ সমাজক অকণমান জনাবানে? 

ৰু. মা. :  ন’বেল বঁটা বিজয়ী বুলি কথা নাই৷ ন’বেল বঁটা নোপোৱাকৈও বহু বিজ্ঞানীৰ অৱদান অপৰিসীম৷ উদাহৰণস্বৰূপে মোৰ পূৰ্বৰ মেণ্টৰ ডেভিদ্ বে’কাৰে এতিয়ালৈকে ন’বেল পোৱা নাই কিন্তু তেওঁ বিজ্ঞানলৈ যি অৱদান (প্ৰ’টিন ডিজাইনৰ ক্ষেত্ৰখন তেওঁৰেই সৃষ্টি) সেয়া হয়তো এটা বঁটাতকৈ বহু ওপৰত৷ ডেভিদৰ সৈতে কাম কৰা অভিজ্ঞতা অনন্য সেয়া এটা বা দুটা বাক্যৰে ব্যক্ত কৰাটো সমীচীন নহ’ব যেন লাগে৷

অন্যযুগ : বিজ্ঞানৰ ছাত্ৰ, গৱেষক হোৱাৰ উপৰি তোমাৰ সাহিত্য চৰ্চাতো ৰাপ আছে বুলি আমি জানো৷ তোমাৰ আত্মজীৱনীৰ ইংৰাজী সংস্কৰণ লিখি উলিয়াইছা৷ ইয়াৰ উপৰি সদ্যহতে নতুন কিবা সাহিত্য প্ৰকল্প হাতত লৈছা নেকি?

ৰু. মা. :  মোৰ ঘনিষ্ঠসকলে জানে যে সাহিত্যত মোৰ অতিশয় ৰাপ আছে; নিয়মীয়াকৈ লিখিব নোৱাৰিলেও অন্ততঃ এজন পাঠক হিচাপে৷  “মোৰো এটা সপোন আছে”-খন ইংৰাজীত লিখি উলিয়ালোঁ যদিও এতিয়ালৈকে প্ৰকাশ হোৱা নাই৷ ইয়াৰ পাছত অন্য এখন আৰম্ভ কৰিছিলোঁ, ইংৰাজীতে৷ কিন্তু সময়ৰ অভাৱত বৰ বেছি আগ বঢ়া নাই৷

অন্যযুগ : আমাৰ অন্যযুগ আলোচনীখনে পঞ্চম বৰ্ষত ভৰি দিলেহি৷ ডা° ধ্ৰুৱজ্যোতি বৰা, ড° পোনা মহন্ত, প্ৰয়াত হোমেন বৰগোহাঞি ছাৰকে মুখ্য কৰি তেওঁলোকৰ সহযোগিতা, সহমৰ্মিতা, মাৰ্গদৰ্শনত; ড° বসন্ত কুমাৰ গোস্বামী (প্ৰাক্তন) আৰু ড° মৃদুল শৰ্মাৰ সম্পাদনাত আলোচনীখনে নবীন আৰু প্ৰবীণসকলৰ চিন্তাক সামগ্ৰিকভাৱে প্ৰাধান্য দি কলা-সাহিত্য-বিজ্ঞানকে ধৰি সকলো বিষয়তে আলোকপাত কৰিবলৈ চেষ্টা কৰি আহিছে৷ বিজ্ঞান বিষয়ক তোমাৰো এটি পৰামৰ্শ বিচাৰিছোঁ৷

ৰু. মা. :  আমাৰ অসমত বিজ্ঞানৰ নেৰেটিভ্ নাই বুলিবই পাৰি৷ উদাহৰণস্বৰূপে যোৱা এশ বছৰত আমাৰ পাঠ্যপুথিত আমি এজনো অসমীয়া বিজ্ঞানীৰ নাম নাপালোঁ৷ আমাৰ ৰাস্তা-ঘাট-দলং অসমীয়া বিজ্ঞানীৰ নামেৰে নামকৰণ হোৱাৰ নজিৰ নাই৷ আমাৰ সমাজত আমি অসমীয়া বিজ্ঞানীৰ কথা নাপাতোঁ৷ অসমীয়া বিজ্ঞানীক আমাৰ সমাজ ব্যৱস্থাই স্বীকৃতি দিয়াৰ কোনো ব্যৱস্থা নাই৷ এক কথাত, আমাৰ অসমত বিজ্ঞানক ইমান উপেক্ষা কৰি আহিলোঁ যে আমি সমগ্ৰ অসমীয়াই বিশ্বৰ দৃষ্টিত উপেক্ষিত হৈয়েই ৰলোঁ৷ মোৰ বোধেৰে অসমৰ বৌদ্ধিক সমাজে বিজ্ঞানৰ এটা প্ৰৱল নেৰেটিভ্ বা ধাৰা গঠনৰ সময় আহি পৰিছে, অন্ততঃ আমাৰ উত্তৰপুৰুষক বাট এটা দেখুৱাই দিবলৈ৷ আমাৰ অস্তিত্ব সংকটৰ কথাটো ইয়াতে সংযুক্ত হৈ আছে৷

অন্যযুগ : অন্যযুগৰ মাধ্যমেৰে বিজ্ঞানৰ জনপ্ৰিয়কৰণ তথা বিজ্ঞান মনষ্কতা বৃদ্ধিৰ দিশত উপদেশমূলক দুআষাৰ বিচাৰিলোঁ৷

ৰু. মা. :  মই ভাবোঁ প্ৰত্যেক আলোচনীয়েই বিজ্ঞানৰ প্ৰসাৰ আৰু প্ৰচাৰৰ দায়িত্ব লোৱাৰ সময় আহি পৰিছে৷ এইটো সঁচা যে প্ৰত্যেকে প্ৰকৃত আৰু মানবিশিষ্ট বিজ্ঞানৰ বিচাৰ কৰিব নোৱাৰে৷ সেয়েহে তেনে বিচাৰ কৰিব পৰা ব্যক্তিক আলোচনী এখনৰ সৈতে জড়িত কৰোৱাটো অতি প্ৰয়োজনীয়৷ শেষত কওঁ যে, আমি বিজ্ঞানক অৱহেলা কৰিব নোৱাৰোঁ৷ নহ’লে বিশ্বই আমাক অৱহেলা কৰিব৷

অন্যযুগ : অন্যযুগ পৰিয়ালৰ তৰফৰ পৰা তোমালৈ আন্তৰিক ধন্যবাদ। তোমাৰ প্ৰতিটো উদ্যমে সফলতা অৰ্জন কৰক।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 5 times, 1 visit(s) today
Website |  + posts
Close