Written by sdblogs2011 8:20 am Poems

ড্ৰেছিং টেবুল

প্ৰাঞ্জল হাজৰিকা

এলাগী হোৱা টেবুলখনত

আজিকালি জেঠি বগায়, মকৰাই ঘৰ সাজে ।

কাঠেৰে সজোৱা দুটা দ্ৰয়াৰ আৰু মুখবোৰ দেখাপোৱাকৈ আইনা এখনৰ সৈতে 

এখন চাৰিঠেঙীয়া ভঙা পুৰণি ড্ৰেছিং টেবুল আমাৰ ঘৰতো আছে

এতিয়া ঘুণে ধৰিছে ।

আইতা থকালৈকে বেছ আলপৈচানৰ মাজেৰে টেবুলখনে আমাৰ ঘৰৰ এটা কোঠালিত দিন কটাইছিল, 

কথা পাতিছিল ঠিক মুখামুখিকৈ আৰু 

গোপন কথাবোৰ ফাদিল নকৰাকৈ নিজৰ মাজতে ৰাখিছিল ।

এতিয়া ঘুণে ধৰিছে

বয়সৰো থাকে কথা

লাহে লাহে সময়ক জুখিব পৰাকৈ এখন নতুন আটকধুনীয়া ড্ৰেছিং টেবুলে কোঠালিটো দখল কৰিলে 

আৰু পুৰণি টেবুলখনৰ বাবে এডোখৰ নতুন ঠাই যোগাৰ কৰিবলৈ আমিও চেষ্টা নকৰা নহয়

টেবুলখনক

এবাৰ এফালে আৰু এবাৰ আনফালে টানোতেই

এদিন আইতাৰ বয়সৰ  চাৰিঠেঙীয়া টেবুলখনৰ এটা ঠেং ভাঙিল  

তেতিয়াৰে পৰা ভগা টেবুলখনৰ আইনাত ঘৰচীয়া কুকুৰটোৱে ভুকে 

বনৰীয়া চৰাইবোৰ কাষ চাপি আহে 

কোনেও নেদেখাকৈ ।

শুনিছোঁ

বজাৰত পুৰণি আইনাৰ দৰ বাঢ়িছে

এটা গুজৱ ওলাইছে 

তাত হেনো নিজকে লুকুৱাব পাৰি ।

ঠিকনা :মৰিগাঁও

, ৱাৰ্ড নং ৮

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close