Written by sdblogs2011 1:58 pm Poems

ডি বল ষ্ট’ৰী

অংকুৰিতা ফুকন

The epistemology of loss, how to stand up

Knowing what every man must one day know…

                                                   –  John Berryman

এটা ৰংচঙীয়া বল ৰবৰৰ

ঘৰখনৰ একমাত্ৰ নবছৰীয়া ল’ৰাটোৰ বাবে বৰ আদৰৰ

বলটো সি মৰমেৰে ৰাখে

অতিসচেতন নগৰীয়া অভিভাৱকৰ

মনবোৰে সুখ লভে

হওক তেও, ল’ৰাটো চকুৰ সম্মুখতে থাকে

বলটোৰে সি ঘৰতে খেলে…

এদিন বলটো হেৰাল

ঘৰৰ ভিতৰ চলাথ কৰিও কোনো শুংসূত্ৰ নোলাল

তাৰ চকুৱে সাগৰ সামৰিলে

অভিভাৱকৰ স্বাচ্ছন্দ্যই এটি বিকল্প বিচাৰিলে

কিন্তু কথাবোৰ জানো তাতেই শেষ হয়…

যদি বিকল্পই হেৰুওৱাৰ বেদনাবোৰ

সান্ত্বনাৰে আৱৰি থয়

লভিবনে জীৱনে সুখ

পোৱাখিনি বুকুত সামৰি লৈ

অভিভাৱকে এটা কঠোৰ সিদ্ধান্ত ল’লে

বলটোৰ বিকল্প বিচৰাতকৈ

ল’ৰাটোক হেৰোৱাৰ বেদনাখিনি

উপলব্ধি কৰিবলৈ দিলে

সি শিকক বাস্তৱৰ আদিপাঠ

আৰু নিঃসংগ হোৱাৰ বেদনা

হেৰোৱা বলটোৰ পৰাই

সযতনে নাৰাখিলে সম্পৰ্কবোৰ যে

এনেকৈয়ে হেৰাই যায়…

(টোকা :   John Berryman-অৰ The Ball Poem-অৰ আধাৰত)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close