মূল: Daffodils (William Wordsworth)
ভাবান্তৰ : পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ
ডাৱৰৰ দৰে অকলশৰে মই ফুৰিছিলোঁ ভ্ৰমি
সুউচ্চ পাহাৰ আৰু উপত্যকাৰ ওপৰেৰে ওপঙি,
আৰু তেনেতেই হঠাৎ দেখা পাইছিলোঁ এটা ভিৰ
জাকৰুৱা এজাক সোণালী ডাফ’ডিলৰ;
হ্ৰদৰ দাঁতিত আৰু ছাঁ দিয়া গছৰ ছায়াত,
কঁপি কঁপি নাচিছিল মৃদু মলয়াত৷
একেৰাহে তিৰ্বিৰাই আকাশ পোহৰ কৰি
হাতীপটিৰ লানি পতা তৰাৰ দৰে জিলিকি,
সিহঁত বিয়পি আছিল এটা অন্তহীন শাৰীত
সাগৰ তীৰৰ দাঁতিত;
চাঁত কৰে দেখিছিলোঁ দহ সহস্ৰাধিক ফুলে মূৰ নচুৱাই
উদ্দাম নৃত্য কৰিছিল উলাহ দেখুৱাই৷
ঢৌবোৰো আছিল কাষতে নৃত্যৰতা হৈ : পিছে
নাচি থকা ঢৌবোৰকো চেৰ পেলাইছিল সিহঁতে উলাহত গৈ
তেনেহ’লে কবি জানো আনন্দিত নহৈ পাৰে
এনে সুখময় সুচল সহচৰ পালে;
তধা লাগি মই মাথোঁ চায়েই আছিলোঁ,
কিনো ঐশ্চৰ্য দৃশ্যটোৱে মোলৈ আনিলে ক্ষণিক ভাবিছিলোঁ৷
কাৰণ আৰামী চকীত মই যেতিয়াই বাগৰোঁ প্ৰায়ে
শূন্য চিন্তাৰে বা ভাব ঘন মনেৰে,
গহন মনৰ চকুত সিহঁত উঠে ভাহি
নিজান নিৰ্জনতাৰ আশীৰ্বাদ হৈ জিলিকি;
আৰু তেতিয়াই অন্তৰ ভৰি উঠে অময়া সুখত,
আৰু নাচি উঠে হিয়া মোৰ ডাফ’ডিলবোৰৰ লগত৷
ঠিকনা :লাকুৱা, শিৱসাগৰ ৭৮৫৬৯৮ভ্ৰাম্যভাষ: ৭০০২১৭১৮১২
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
