Written by sdblogs2011 5:36 am Poems

ঠেঙালপঁজা

মিণ্টুল হাজৰিকা


মহাদেশৰ এটা অংশত
এঘৰত
খাচি ডেকাৰ স্বৰটিৰ সুৰত জোনাক সৰিছে

আন্ধাৰ ফুটাই
খিৰিকীয়েদি সোমাই আহি ৰিণি ৰিণি
সেই সুৰে বুকুত সাজিছে

তেজ আৰু মঙহৰ
ৰংমহল

ছাই সনা মুখৰ গধূলিয়েদি
জ্যামিতিক উৰুলি এটাৰ স’তে
আকাশত ওজা উঠা মেঘৰ ভাৱৰীয়া চেও

“যশোদা মাও মথনি থোৱাঁ
কৃষ্ণই কান্দিছে কোলাত লোৱাঁ”

সাতামপুৰুষীয়া লাঙিজালখনে
দাঁত ছিঙা শ’লমৰা বৰশীৰে সাজিছে
তোৰণ

তুঁহজুইৰ উমত
সেলেঙিমুখৰ সাধুটোৱে সেকি সেকি পূৰঠ কৰিছে
লাইখুঁটা-ঘাইখুঁটা দিন

জ্বলাবটা জেতুকীবাইৰ দুই কোৱাৰিয়েদি
ঘৰেপতি বৰষিছে
কথাবটা ভাওনাৰ
এটা-আধা সংলাপ

বাইৰ আঙুলিৰ মূৰত
আঙুলিয়ে নাচিছে
সাগৰীয় মুদ্ৰাৰ
ধ্ৰুপদী নাচ

“তাতা থৈথৈ, তাতা থৈথৈ”

সুগন্ধিময় ৰাতিৰ চেতাৰ
নেইল পলিছত উজলিছে
ঠেঙালপঁজাৰ ডিঙিৰ পাজাৰ !


ভ্ৰাম্যভাষ : ৮৬৩৮২৫৯০৭৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close