ফাৰহান জাৱেদ
ইয়াত সকলো ঠিকেই আছে
খবৰৰ খুন্দাত মৰা নাই মানুহ, চিতাজুইত জাঁপ দিয়া নাই কোনো!
অনাত্মীয়ৰ তেজ দেখি নিজৰিছে এসোঁতা চকুলো
চাউল নাই দাইল নাই— জুহালত নাই জুই।
অথচ ভোকত এখন ৰুটী দিবলৈ এতিয়াও আছে এটা শীৰ্ণ মানুহ।
সিয়েই মানৱতাৰ বিশ্বাস।
এতিয়াও এটা মানুহ হৈ আছে মানুহ!
অনেক অমানুহ
তথাপি সকলো ঠিকেই আছে
ঔষধে মৰিবলৈ দিয়া নাই, অথচ চৰাদামে ভাঙিছে কঁকাল।
আমাজনৰ পৰা বাঘজানলৈ জুই লগোৱা কাৰো শাস্তি হোৱা নাই।
সংকুচিত হৈ আহিছে বনজ সম্পদ, বাঢ়ি আহিছে হাতীদাঁতৰ দাম।
ধৰ্ষণ কৰিও উন্মুক্ত যৌনাংগৰে খেদি অহা লোকৰ সন্ত্ৰাসে
চকুৰ টোপনি কাঢ়ি নিছে কোনো হতভাগা পিতৃৰ।
ধৰ্ষিতাই বুকু ডাঠ কৰিব পৰা নাই। আত্মহত্যা হৈ পৰিছে তেনেই সাধাৰণ।
ভালপোৱাৰ আৱেদন নাকচ কৰিলেই এচিড ছটিওৱা পশুৰ দুঃসাহস চৰিছে।
তথাপি সকলো ঠিকেই আছে
মন গ’লেই বিহ দি দিব পাৰি—
বায়ুত
জলৰাশিত
গৰ্ভৱতী ধৰণীৰ জৰায়ুত
মন গ’লেই কৃত্ৰিম উপগ্ৰহ সৃষ্টি কৰি তহঁত মৰ বুলি হুমকি দিব পাৰি।
কৃত্ৰিম ৰোগ সৃষ্টি কৰি শ শ মানুহ হত্যা কৰিব পাৰি। শাস্তি কোনেও কাকো দিব নোৱাৰি।
ঈশ্বৰে ভাল কৰিব বুলি আশ্বস্ত হ’ব পাৰি। নাস্তিক বুলি কাৰোবাক থুৱাই দিব পাৰি।
জাতীয়তাবাদী ৰাষ্ট্ৰীয়তাবাদী বুলি হুংকাৰ দিব পাৰি। সাম্যবাদী বুলি চাৱনি তিৰ্যক কৰিব পাৰি।
বুদ্ধিজীৱী বুলি বুদ্ধি বিক্ৰী কৰি চলি যাব পাৰি।
ভোকতকৈ ডাঙৰ পাপ আছে কি!
জীয়াই থাকিবলৈ কৰিব নোৱাৰি কি? মানুহ হ’ব নোৱাৰি!
কিন্তু সকলো ঠিকেই আছে বুলি টিভিৰ বাতৰিত ক’ব পাৰি।
খবৰ-কাকতত পৃষ্ঠা ভৰাই বিজ্ঞাপন দিব পাৰি।
আচলতে সকলো ঠিকেই আছে বাবেই
ইয়াত একো ঠিক হৈ ৰোৱা নাই!
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
