Written by sdblogs2011 10:41 am Poems

টেঙা মৰ্টন (কবিতা)

অংকুৰিতা ফুকন

সিকি এটা মুঠিত লৈ
মই পৰিভ্ৰমণ কৰিছোঁ বৈয়ামৰ ব্ৰহ্মাণ্ড

সৌৰজগতৰ যিকোনো দৃশ্যমান জ্যোতিষ্কৰ দৰে দোকানৰ
‘গেৰেলা’ বৈয়ামকেইটাও মোৰ চকুত জিলিকি আছে 
 একো একোটা নক্ষত্ৰৰ দৰে

সিকিটোৰে এটা টেঙা মৰ্টন কিনিম 
কাণসমনীয়া হৰেনৰ চকুৰ আঁৰ হৈ
হাতৰ টিপতে ভনীয়েক সুৰৰ 
মুঠিত গুঁজি দিম…


 মোৰ খোজত  আজি বয়ঃসন্ধি প্ৰেমৰ উদ্যম…

 সপোন সুন্দৰী সুৰৰ মুঠিত  মৰ্টনটো গুঁজি দি
ঘৰলৈ উভতি দেখিছোঁ

 ‘গেৰেলা’ বৈয়ামকেইটাৰ দৰে 
আইৰ চকু দুটাও ওফন্দি আছে …শ্ৰব্য ৰূপ

Visited 3 times, 1 visit(s) today
Website |  + posts
Close