Written by sdblogs2011 4:27 am Articles

টিটিৰ বিচিত্ৰ অভিজ্ঞতা

নৱনীতা ভট্টাচাৰ্য্য

যোৱা কিছু দিন ধৰি আহি থকা নেৰানেপেৰা বৰষুণজাকে টিটিকে নহয় বনৰ সকলোকে কিছু সকাহ দিছে। উৎকট গৰমত টিটিৰ অৱস্থা পানীত হাঁহ নচৰা হৈছিল। এই গৰমত পুখুৰীটোৱেই আছিল তাৰ একমাত্ৰ আশ্ৰয়স্থল। গৰমত তাৰ সৰ্বশৰীৰ দুৰ্বল হৈ পৰিছে। সেইবাবে পুখুৰীটোৰ বাহিৰে আন ক’লৈকো সি যোৱা নাই। ওলাই যোৱাটো বাদেই, মনত কিবা এটা চিন্তা কৰিব পৰা শক্তিখিনিও যেন সি হেৰুৱাই পেলাইছে। আনকি কথাই কথাই গান গাই মনৰ ভাব প্ৰকাশ কৰি ভাল পোৱা টিটিয়ে এইকেইদিন গান গাবলৈও পাহৰি গৈছে। পিছে বৰষুণজাকে তাক আজি বহুত দিনৰ মূৰত পুনৰ সজীৱ কৰি তুলিছে। সেইবাবে তাৰ আজি আকৌ কিবা এটা কৰিবলৈ মন গ’ল। সি মূৰটো দাঙি বাহিৰলৈ চাই দেখে যে বতৰটো অলপ ফৰকাল হ’বলৈ ধৰিছে। সি উঠি আহি দুৱাৰডলিতে ৰৈ ইফালে-সিফালে চাবলৈ ধৰিলে। এনেতে সি দেখা পালে, তাৰ ওচৰতে থকা পৰুৱাৰ পৰিয়ালটোৱে আহাৰ বিচাৰি শাৰী পাতি বাহিৰলৈ ওলাই আহিছে। সি অতি মনোযোগেৰে পৰুৱাৰ লানিটোক নিৰীক্ষণ কৰিবলৈ ধৰিলে। লগতে সি এটা এটাকৈ পৰুৱাকেইটা গণনা কৰিও গ’ল। অশেষ কষ্ট কৰি সি পৰুৱাৰ লানিটো গণনা কৰি উঠিছেহে মাত্ৰ, এনেতে দেখিলে যে পখিলা এজাক উৰি আহি ওচৰৰে ফুলজোপাত পৰিছেহি। পখিলাকেইটাৰ গতি-বিধি লক্ষ্য কৰি কৰি সি পখিলাজাকত কিমানটা পখিলা আছে তাকো খৰ-খৰকৈ গণনা কৰি গ’ল৷ এনেদৰে সি ওচৰে-পাঁজৰে দেখা কীট-পতংগবোৰক নিৰীক্ষণ কৰিবলৈ ধৰিলে। লগতে এটা-এটাকৈ গণনা কৰিও গ’ল৷

টিটিয়ে অতি মনোযোগেৰে গণনা কৰি থকা সময়তে কেৰেলুৱা এটা আহি তাক মাত লগোৱাত তাৰ গণনাত আউল লাগিল আৰু এইখিনিতে সি তাৰ কাম সামৰিবলগীয়া হ’ল। সেইবাবে সি কেৰেলুৱাটোক মাতি আনি সুধিলে, “ক’লৈনো যোৱা। অকণ সময় ৰৈ মোৰ ওচৰতে জিৰাই যোৱাচোন।”

টিটিৰ কথা শুনি কেৰেলুৱাটো অলপ থমকি ৰৈ সুধিলে, “তুমি কিবা কামত ব্যস্ত থকা যেন পাওঁ। সেয়েহে বোলোঁ…”

“ব্যস্ততানো কি? ৰুগীয়া শৰীৰটো লৈ ক’লৈকো ওলাই যাব নোৱৰা হ’লোঁ। কাৰোবাক লগ পালে মনৰ কথা দু-আষাৰ পাতিবলৈ মন যায় দিয়াচোন! সেইবাবে ইয়াতে বহি সকলোৰে গতি-বিধি লক্ষ্য কৰি আছোঁ৷”

“বাঃ মনক আহ্লাদিত কৰাৰ কি এক অভিনৱ উপায়। কথাতে কয় নহয় অভাৱে আৱি‍ষ্কাৰৰ মূল বুলি৷”

“যিয়ে নোকোৱা কিয়, এনেদৰে সময় কটাই বতৰ সলনি হোৱালৈহে বাট চাই আছোঁ৷”

 “বাৰু ইমান সময়ে কিনো লক্ষ্য কৰিলা?”

“মোৰ ওচৰতে থকা পৰুৱাৰ সেই বৃহৎ চুবুৰি‍টোৰ এটা পৰিয়াল খাদ্যৰ সন্ধানত ওলাই আহিছিল। লক্ষ্য কৰিলোঁ— সিহঁতৰ জীৱন প্ৰণালী বৰ শৃংখলাবদ্ধ। প্ৰতিটো পৰুৱাই পৰিশ্ৰমী। আন পতংগৰ দৰে সিহঁতেও ছখন ভৰিৰে কাম কৰে। কিন্তু সিহঁতৰ শৰীৰৰ শক্তি আৰু দ্ৰুত গতি লেখত ল’বলগীয়া।”

“আন পতংগ বুলি ক’লা যে আৰু কাৰনো ছয়খন ভৰি আছে।”

“মই এতিয়ালৈকে পখিলা, মহ উঁইপৰুৱা, মৌ-মাখি আৰু ফৰিংকেইটাক দেখিলোঁ৷ প্ৰতিটোৰে ছখনকৈ ভৰি আছে৷”

“হয় দিয়াঁ, ছখনকৈ ভৰিৰে কেনেকৈনো ইমান কাম কৰিব পাৰে! আচৰিত কথা।”

কেৰেলুৱাটোৰ কথা শুনি টিটিয়ে ক’লে, “ইমান আচৰিত হ’বলগীয়া কিনো আছে। আমি বহুতো প্ৰাণীয়ে দেখোন দুখন ভৰিৰেই কাম কৰোঁ৷”

“হয় দিয়া ভগৱানৰ কি লীলা-খেলা। আমাকে চোৱাচোন কিমান ভৰি দিছে। তুমি গণনা কৰি শেষ কৰিব নোৱাৰা। ইফালে তোমালোকে মাত্ৰ দুখন ভৰিৰে সকলো কামকে কৰিবলগীয়া হয়। বৰ কষ্টকৰ নহয়নে?”

“কিয়নো হ’ব। আমাৰ তেনেকুৱা কোনো অনুভৱেই নহয়। ভগৱানে কিবা চিন্তা কৰিয়ে তেনে কৰিছে নিশ্চয়। আমাক যিদৰে দুখন ভৰি দিছে, ঠিক তেনেদৰে তোমালোকক অসংখ্য ভৰি দিছে। কিন্তু আমি সকলোৱে আমাৰ কামত পাৰ্গত। আমি কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। সেই পৰুৱাবোৰলৈকে চোৱাচোন, ছখন ভৰিৰে দিনে-ৰাতি অহৰহ কাম কৰি কেনেকৈ খাদ্য সংগ্ৰহ কৰি ফুৰে, যাতে আকালৰ সময়তো বিপদত নপৰে। আৰু আমাৰ নিচিনা বহুতো প্ৰাণী আছে, যাৰ মাত্ৰ দুখনেই ভৰি থাকে। এই দুখন ভৰিৰেই সকলো কাম কৰি ফুৰে। সিহঁত আকৌ আমাতকৈ বহুতো শক্তিশালী হয়। অৱশ্যে কিছুমান প্ৰাণীৰ আঠখনো ভৰি থাকে আৰু কিছুমানৰ চাৰিখনো হয়। সিহঁতেও নিজৰ কামবোৰ নিয়াৰিকৈ পালন কৰি আছে।”

টিটিৰ কথা শুনি কেৰেলুৱাটোৱে ক’লে, “হয় দিয়া! ভৰি যিমানে নাথাকক কিয়, আটাইতকৈ ডাঙৰ কথা হ’ল আত্মনিৰ্ভৰশীল হৈ জীৱন যাপন কৰাটো।”

এনেতে সিহঁতৰ ওচৰতে থকা কেঁচুটোৱে মাত লগালে, “ইমান সময়ে তোমালোকৰ কথা শুনি মোৰো এষাৰ ক’বলৈ মন গৈছে।”

“আহা! আহা! তুমিও আমাৰ কথাত ভাগ লোৱাহি। কিজানিবা কিবা নতুন কথা শিকিবলৈ পাওঁ।”— টিটিয়ে কেচুটোলৈ চাই ক’লে।

দুয়ো আদৰ-সাদৰকৈ মতা দেখি কেঁচুটোৱে অঁকাই-পকাই ওচৰলৈ আহি ক’লে, “তোমালোকে ইমান সময়ে কাৰ কিমান ভৰি আছে তাকে আলোচনা কৰি আছা নহয় জানো? পিছে এটা কথা মন কৰিছানে? কিছুমান এনে প্ৰাণীও আছে যাৰ এখনো ভৰি নাই, কিন্তু সিহঁতেও নিজৰ কাম কৰি অতি সুখেৰে জীয়াই আছে।”

কেঁচুটোৰ কথা শুনি দুয়ো আচৰিত হৈ ক’লে, “এনে প্ৰাণীও আছে, যাৰ ভৰি নাই। কিন্তু ক’ত?” 

“হেৰা বেছি দূৰলৈ যাব নালাগে, মোলৈকে চোৱা। আমাক ভগৱানে ভৰি নোহোৱাকৈয়ে স্ৰজন কৰিছে। পিছে তাৰ বাবে আমাৰ অকণো অসুবিধা নহয়। আমি শৰীৰটোৰে বগাই বগাই ইঠাইৰ পৰা সিঠাইলৈ অহা-যোৱা কৰি খাদ্যৰ সন্ধান কৰি ফুৰোঁ।

কেঁচুটোৰ কথা শুনি টিটিয়ে ক’লে, “এ’ হয়চোন! তোমালোকৰতো ভৰিয়েই নাই।”

“অকল আমিয়ে নে? আমাৰ দৰে এনেকুৱা বহুতো প্ৰাণী আছে যাৰ ভৰি নাই। অৱশ্যে ভৰি নাই বুলি সেই প্ৰাণীবোৰক দুৰ্বল বুলিও নাভাবিবা।”

কেঁচুটোৰ কথা শুনি টিটিয়ে ক’লে, “এই জগতখন বিচিত্ৰতাৰে ভৰপূৰ। আজি তোমালোকক লগ পাই ময়ো বিচিত্ৰ জ্ঞান লাভ কৰিলোঁ। বিচিত্ৰ জগতৰ বিচিত্ৰ প্ৰাণীৰ বিচিত্ৰ কথা।”

টিটিৰ কথা শুনি কেৰেলুৱা আৰু কেঁচুটোৱে মিচিকিয়াই হাঁহি বিদায় ল’লে আৰু টিটি নিজৰ কামত লাগিল।


 লেখিকাৰ ভ্ৰাম্যভাষ: ৯৮৬৪২৩৩৩৫০

Visited 3 times, 1 visit(s) today
Website |  + posts
Close