Written by sdblogs2011 7:27 am Poems

জোন

হিল্লোলজ্যোতি সিংহ

নিঃশব্দে উৰি আহি বাদুলী কলথোকত পৰাৰ দৰে

এঢোক গধূলি গিলি

হতাশাই জপটিয়াই ধৰি কাবু কৰি পেলাইছিল মোক

আৰু মই হৈ পৰিছিলোঁ

কণা কলা বোবা কোঙা ক্লীৱ

ক্ষোভ আৰু দুখৰ এলান্ধু জালত ওলমি থাকিলোঁ

এযুগৰো ওপৰকাল…

এদিন ইকৰাৰ বেৰৰ জলঙাৰে

সোমাই অহা জোনে

জোকাৰি দিলে মগজৰ স্নায়ুৰ স্পন্দন

আৰু মই হৈ পৰিলোঁ

কণা কলা বোবা কোঙা জীৱ

এতিয়া মোৰ দুচকুত জীপাল জোনাক─

জোনৰ বাহিৰে একো নেদেখোঁ

এতিয়া মোৰ কাণত বাজি থাকে কেৱল

জোনৰ মৰমিয়াল মাত─ বাকী একো নুশুনো

জোনে আহি কাষত বহিলেই

ইথাৰত কঁপি উঠে ওঁঠ─ ভাষা হেৰায়

জোনে পাৰি দিয়া বিছনাত সাৰে শুই থাকোঁ

বাগৰ নসলোৱাকৈ

ঠিকনাঃ

Prof. Hilloljyoti Singha

Department of Zoology

Bodoland University

PO Rangalikkhata (Debargaon)

KOKRAJHAR 783370

BTR, Assam

Email: singha.hilloljyoti@gmail.com

Phone: 9435120076, 9101165234

Visited 1 times, 1 visit(s) today
Website |  + posts
Close