Written by sdblogs2011 9:51 am Poems

জোখমাখ

 অন্বেষী বৰা

যুগলবন্দী বুলি ক’লে আপুনি বেজী-সূতাৰ কথা পাহৰিলে নহ’ব

সঠিক জোখ-মাখেৰে বেজীৰ ফুটাইদি সৰকি অহা এডাল সূতা

যুগলবন্দীৰ লক্ষ্য একেই, পথ একেই, ছন্দৰ লয়লাস গতিও একেই

এনে এযোৰ বেজী-সূতা তলুৱাত খামুচি আপুনি বন্ধ কৰি যাব পাৰে সকলো পথ

খালী পকেটবোৰ, তাপলি মৰা সপোনবোৰ অথবা কথা কোৱা মুখবোৰ,

সকলো আঁটি আঁটি চিলাব পৰা যায়

চিলোৱাৰ পাছত ওলাই দৌৰিব নোৱৰাকৈ সূতাই গাঁ‌থি লগাবও জানে

সূতাৰ মেৰপেঁচেই হওক বা অভিমন্যুৰ চক্ৰবেহুৱেই হওক,

আউল ভঙাৰ কাৰচাজি নাজানিলে সকলো বৃথা

কেতিয়াবা সূতাডাল বেজীৰ ছিদ্ৰইদি সৰকি যাব নোৱৰাকৈ চৰ্বিযুক্ত হয়

ৰৈ যোৱা সূতাডালত গুজি থোৱা বহুত কাহিনীও ৰৈ যায়,

কাৰো কাণত নপৰাকৈ

চৰ্বিযুক্ত সূতাৰ আঁহ-পাহত কাহিনীবোৰ ওলমি ৰয়,

সমজদাৰ শ্ৰোতাৰ আশাত

কেতিয়াবা মোটোহা বেজী একোটাই আঁ‌জুৰি ফুৰে দুৰ্বল, নিশকতীয়া সূতা একোডালক

মোটোহা বেজীৰ দুৰ্বাৰ গতিৰ লগত তাল মিলাব নোৱাৰি বাটে-পথে ছিগি ৰৈ যায় দুৰ্বল সূতাৰ একোটা টুকুৰা

কেনেবাকৈ গতি মিলালেও ছন্দ নিমিলি চিলাইবোৰ অভঁজা হয়

’কিনো চিলালি’ বুলি বেচেৰা চিলোৱাজন জবাবদিহি হয়

নক’লোনে সেয়েহে,

জোখমাখ বৰ জৰুৰী

এযোৰ ৰঙীন চশমা,

এখন ৰঙচঙীয়া মুখা,

এটা মিছা হাঁ‌হি অথবা

কিছুমান জীয়া কথা

এই সকলোবোৰ চিলাব পাৰে, সজাব পাৰে, ঢাকিব পাৰে,

সঠিক জোখমাখৰ এযোৰ বেজী-সূতাই

বেজী-সূতাবোৰ আমাৰ সকলোৰে হাতে-হাতে থাকে

জোখমাখবোৰহে সদায় সঠিক নহয়

                     ***

Visited 2 times, 1 visit(s) today
Website |  + posts
Close