Written by sdblogs2011 10:22 am Poems

জী আছোঁ

 অনুৰাগ শইকীয়া

শান্তিৰ ভাও দি দি জী আছোঁ

ভাষণেৰে শান্তি ছটিওৱা যুদ্ধবাজ মানুহৰ আঙুলিত

নাচি আছোঁ

লাওখোলাবোৰত বিষাক্ত সাপ

খোঁটবোৰৰ পৰা কোনোৰকম বাচি আছোঁ

জী আছোঁ

কোনো বৃদ্ধই মৃত্যুৰ বুকুত মূৰ থৈও বজায় জীৱনৰ বীণ

গুপ্তাঙ্গত আঘাত লৈ কোনো শোষিত নাৰীয়ে বজায় ভায়’লিন

ৰজাৰ সিয়নিত শোৱা বুদ্ধিজীৱীৰ ব্যৱসায় এতিয়া বৰ ভাল

মানুহৰ কথা ভবা ভাওনাৰ তেওঁ সূত্ৰধাৰ

এনেকৈয়ে চলি আছে দেশ

ৰজাক বহুৱাই তেলেৰে মালিচ কৰিছে

প্ৰজাহে তেলত ফ্ৰাই হৈছে

হাতুৰীৰ কোব মূৰত মাৰি নিজকে বুলিছে মাইকেল এঞ্জেল’

ভয় নকৰা মানুহবোৰ নিৰুদ্দিষ্ট

ভয় নকৰাৰ ভাও দিয়াবোৰ নেতা

ডিঙিৰ ওপৰত নাৰিকল লৈ ফুৰা মানুহ বাঢ়িছে

মোৰো নাৰিকলটো কেইবাটাও বান্দৰে কিনিব খুজিছে

ৰেচনৰ দোকানতো কেৱল বাদী, বাদ

আৰু বিবাদ 

সঁচাকৈয়ে সঁচা কৈ থকা জিভাবোৰ ক’ত কটা গ’ল

এতিয়া গাধৰ দৰে ভাৰ কঢ়িয়াই নিজকে ঘোঁৰা বুলি কোৱাৰ বাদে 

আৰু আছেনো কি?

ঠিকনা :

গোলাঘাট

ফোন : ৭০০২৫৩৪৫৪

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close