ৰানু বৰুৱা গগৈ
এজাক শীতল বতাহৰ
বাবেই জী আছোঁ
প্ৰতিনিয়ত
পুৱাৰ তপত ঢৌ খেলা ৰ’দ
আৰু
মাটিৰ মৰমত জী আছোঁ
ইয়াত অস্থাৱৰ সকলো
দেহ
মন
আৰু
সমস্ত চৰাচৰ
জী আছোঁ
এজাক শীতল বতাহৰ বাবেই
প্ৰাণত যি দি আছে
অম্লজান
যি দি আছে জীৱনৰ জোখেৰে সমস্ত বিহ
এজাক পছোৱাৰ প্ৰয়োজন
জী মোক উৰাই নিব পাৰে
এখন জগতৰ পৰা আন এখনলৈ
যি মোক লৈ যাব পাৰে
এখন কল্পনাৰ পোহৰে আবৃত প্ৰদেশলৈ
মই সেই শেষ পথৰ যাত্ৰী
য’ত মৃত্যুও শিল্প
এচলু পানীও য’ত মুক্ত
মই জী আছোঁ
সেই বতাহজাকৰ বাবে
যি মোক শান্ত শয়নত দিব পাৰে বিনিময় ৰহিত
এছাটি সুঘ্ৰাণ
আৰু মুক্ত এলান্ধুৰ এখন চামিয়ানা।
ঠিকনা :
দুলীয়াজান
৮৬৩৮৭০৮৭৯৪
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
