Written by sdblogs2011 8:20 am Poems

জন অৰণ্য

ৰুদ্ৰ সিংহ মটক

জন অৰণ্য 
জন অৰণ্য

উশাহ লোৱা টান উশাহ সলোৱাও টান
ভয়-অবিশ্বাস-ধৰ্ষণ, ক’লা দিন ক’লা ৰাতি

প্ৰায়ে ফাদিল নোহোৱাকৈয়ে থাকি যায় 
ৰাতিৰ সাধু বগাঘোঁৰাৰ পিঠিত বুঢ়া ডাঙৰীয়া

অসম্ভৱ  
অসম্ভৱ

অসহায় বনকৰা নাৰী, কাৰ আগত ৰটে বদনাম 
মালিক মহানগৰৰ নাম কৰা  উকীল কোম্পানীৰ  অভিযন্তা

কিবাকৈ ফাদিল হ’লেই যে বলিৰ পঠা 
ধপধপাই থকা জীয়া মঙহ  ৰঙা  তেজৰ পানীয়  উল্লসিত  
নৰখাদক

স্তন জিভা কাটি পেলায় ছুৰীৰে
গজালেৰে ফুটাই দিয়ে  আলজিভা 

মনোৰমা 
মনোৰমা

কচোন, কেনেকৈ সহিছিলি নৰক যাতনা
তীক্ষ্ণ, জোঙা দাঁত দীঘল নখৰ ধেমালি

আ: কনচেনট্রেশ্যন কেম্পতকৈও  জঘন্য
সভ্যতাৰ ইতিহাসত ক’লা অধ্যায় আদিম বৰ্বৰতা

যোনিত ৰাইফলৰ সংগীনৰ তপ্ত 
চুমা, বুলেটৰ  জুই-আঙঠিৰ  দাগ 

সন্মান বদনাম ৰঙাঘৰৰ ইমান ভয় পাপিষ্ঠৰ
ধৰ্ষিতাৰ পৰিয়ালৰ ওপৰতো ৰাতিৰ এন্ধাৰত  আক্রমণ চলে
দলবদ্ধ  হায়েনাৰ

জালত নপৰে ৰৌ-বৰালি, হাঁহি হাঁহি সাৰি যায় 
আইনৰ জলঙাৰে

নুনুমায় যাজ্ঞসেনীহঁতৰ দুখৰ চকুপানী যাতনাৰ জীয়াতু
সলনি  নহয়  ৰাতিৰ ইতিহাস

ঠিকনা :
লাৰিকা গ্ৰীনভেলী
আজাৰা, হাটখোৱাপাৰা
পিন-৭৮১০১৭, গুৱাহাটী
ফোন, ৭০০২৩০৩৮৮২

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 5 times, 1 visit(s) today
Website |  + posts
Close