Written by sdblogs2011 7:11 pm Articles

ছল্ট ষ্ট’ৰী

 নীলোৎপল বৰুৱা


: চোৱাঁ…নিমখ মূল কথা। নিমখ অনুঘটক। নিমখ সংঘটক। নিমখ মেইন।

দুবদুবকৈ শ্ৰীযুত হাজৰিকাৰ হৃৎপিণ্ড‌ই শব্দ কৰিছে। তেখেতৰ সিৰা আৰু ধমনীবোৰৰ ভিতৰ ফালে ডাঠ চৰ্বীৰ আস্তৰণ পৰিছে। সেই প্ৰলেপৰ মাজৰে সৰকি যোৱা তেজৰ ফোৱাৰাবোৰে পৃথিৱীৰ পৰা লোৱা বতাহ সৰবৰাহ কৰিব নোৱাৰা হৈছে। শৰীৰৰ ভিতৰত বতাহৰ নিম্নচাপে তেওঁক তৃতীয় বিশ্বৰ কোনোবা কয়লা খনিৰ অতল তলীত ফিছফিছোৱা খনি মজদুৰৰ  ভংগিমা এটা দি দিছে চিৰকালৰ বাবে।

নতুবা তেওঁ চহৰৰ উপকন্ঠত থকা কমাৰশালৰ হাফৰটোৰ দৰে। হু হু শব্দ কৰি বতাহ নিৰ্গমনৰ কামত উছৰ্গিত সৰ্বতিকাল।

লকডাউনৰ চাৰিআলিটো উচ্ছিষ্ট পেলোৱা পাত্ৰৰ দৰে শৌৰ্যহীন। ৰক্ত পৰিশোধনৰ আয়ুৰ্বেদিক টনিকৰ ডাঙৰ হ’ৰ্ডিংখনত বালিৰ চামনি। মহামাৰীৰ আগতে পুৰ্কে গাখীৰৱালাই নাকী সুৰ এটাৰে হনুমানৰ কেবাটাও নাম আৰু তেওঁৰ বায়’ডাটাত সন্নিবিষ্ট ডাঙৰ আৰু মহান কামৰ তালিকা এখনেৰে ৰচনা কৰা ভজন এটাৰে চাৰিআলিটো সাৰ পোৱাই দিছিল। ইনছ’ম্নিয়াত ভোগা শ্ৰীযুত সোণোৱালৰ ডাঙৰটো পুতেকে ওৰে ৰাতি নিজৰ বিলাসী গাড়ীখনত উচ্চস্বৰে হাৰ্ড মেটেল বজাই ইফালে সিফালে টহল দি, সেইখিনি সময়তে ঘৰ সোমাইছিল।

খিৰিকীৰ ফাকত চেপা খাই শুকাই যোৱা জেঠী এটাৰ দৰে এতিয়া আলিবাটটো পৰি আছে…

: ইউ শ্বুড এডমিট ধনপোনা। ইউ শ্বুড এডমিট্…

এই কথাটোত সমৰ্থন দিব‌ই লাগিব। চানা, চিপছ্, চাওমিন, ছ’চেজ, চেণ্ড‌উইচ্, চিংৰা… যত্তচৱ জাংকফুডৰ বজাৰ, পৃথিৱীজোৰা। কি এইবোৰ কি??

প্ৰায় তিনিমোনীয়া হাফৰ এটাই বায়ু ঠেলিছে, মানুহ নোহোৱা পদপথটোত। অলপ পাছতে ৰাংকুকুৰৰ দৰে পুলিচৰ দল এটাই পিয়া-পি দিবহি মৰা জেঠীৰ দৰে আলিটোত।

: এইখন কি বুলি ভাবিছা!! এবছ’ল্যুটলি নিমখৰ বজাৰ। যিকোনো আৱৰণ এটাৰ তলত নিমখ ভৰাই বেচি আছে। অন্ন বস্ত্ৰ বাসস্থানৰ পাছতে- ম’ষ্ট ইম্পৰটেণ্ট্ থিং ইজ- দা নিমখ। এভ‌ইড কৰিব নোৱাৰাঁ। নিমখহীনতাৰে কোনো জীয়াই থাকিব নোৱাৰে।

শ্ৰীযুত হাজৰিকাক নিমখৰ এজন বিফল সদাগৰৰ দৰে দেখা গৈছে। অলেখ-অৰ্বুদ সফল নিমখ বেপাৰীৰ মাজত বিক্ৰী নোযোৱা নিমখৰ জাহাজ এখনৰ মালিক। নিমখৰ চাহিদা শেষ হৈ যোৱা পোতাশাল এটাত হাজাৰ বছৰ ধৰি পৰি আছে তেওঁৰ বণিজ।

শ্ৰীযুত হাজৰিকাৰ কপালেৰে নিমখৰ সৰু সৰু টোপাল বৈ আহিছে। চাৰিআলিৰ চুকটোতে ককাল ভঙা কুকুৰ এটা আছিল। এতিয়া নাই। মৰিল চাগৈ। লকডাউনৰ কেইদিন একো খাবলৈ পোৱা নাছিল।

শ্ৰীযুত হাজৰিকা তাতে অলপ ৰৈ দিলে। য’ত শাৰী শাৰী বমিৰ দাগ লৈ বগা ৰঙ দিয়া ডলফিন অঁকা ‘শতৰূপা’ নামৰ বাছ এখন ৰয়। বমিৰ ৰেখা চিত্ৰৰ দৰে চলমান সাগৰ এখনত মূৰ উলিয়াই উলিয়াই ডলফিনটোও গৈ থাকে খিৰিকীৰে মুৰ উলিওৱা ছোৱালী এজনীৰ থুঁতৰিৰ তলেৰে।

তেওঁ অলপ জিৰাই ল’বলৈ চেষ্টা কৰিলে।

ঠিক এই ক্ষণটোৰ আগলৈকে ধনপোনাৰ মগজুত নিমখৰ কোনো অস্তিত্বই নাছিল। শুকান আখৰোটৰ দৰে তাৰ কণমানি মগজুটোৰ কোনোবা এটা খাদত এজেবা নিমখ সুমুৱাই দিছে শ্ৰীযুত হাজৰিকাই।

ইয়াৰ আগলৈকে নৰম আখৰোটটোৰ সেই অংশটোত খুব বেছি- তানিয়াৰ বাঁও স্তনটো সোঁফালৰটোতকৈ সৰু …গৰমকালৰ আবেলি শুই উঠি তামবৰণীয়া আকাশখন দেখিলে মনটো বিষাদগ্ৰস্ত হয়- এই তত্ত্বটোৰ আৱিষ্কাৰৰ আনন্দ। …এদিন সি জুলীয়া সোণৰ পুখুৰী এটাৰ পৰা উঠি আহিব ঠিক চিনেমা এখনত দেখাৰ দৰে… গাৰ পৰা টপটপকৈ সোণ সৰি পৰিব.. হঠাৎ সুশ্ৰী আৰু সুঠাম হৈ পৰিব তাৰ দেহা.. চকুত ভৰ কৰিব সহস্ৰ সূৰ্যৰ দীপ্তি। সেই প্ৰভাৰ প্ৰখৰতাত চৌপাশৰ সকলো অনুজ্জ্বল হৈ পৰিব। যাৰ ফালেই চাব সিয়েই সন্মোহিত হ’ব।

ম’ষ্টলি সুন্দৰী আৰু ভৰুণ নাৰী। সেই নাৰী ধাঁ-কৈ নিবেদিতা হৈ পৰিব। বাটেদি দেখা অচিন নাৰীগৰাকী ( চিনাকিবোৰৰ কথা সি নাভাবে।) তাৰ সন্মুখত আঁঠু ল’ব। প্ৰণয়োজ্জ্বল আৰু সিক্ত মাতৰে কৈ উঠিব- আহাঁ… ঈশ্বৰ পুত্ৰ… মোক গ্ৰহণ কৰা। প্লিজ… প্লিজ…

মোক কেৱল তোমাৰ বাবেই ব্ৰহ্মাণ্ডৰ সমস্ত গন্ধ-বৰ্ণ-নিৰ্যাসেৰে তৈয়াৰ কৰা হৈছে। মোৰ এই সুমথিৰাৰ ৰসাল কোঁহ যেন ওঁঠত ওঁঠ থোৱাঁ – আৰু অমিতাৰ ঠাৰিৰে পানী শোহাৰ দৰে শুহি নিয়া অমৃতময় সমস্ত নিৰ্যাস…

…সি মুখ কোঁচাই আঁতৰি দিব! প্ৰচণ্ড নিৰাসক্তিৰে। সেই সুন্দৰী ৰমণী তাৰ পিছে পিছে আহিব…। কৰুণ সুৰত ডিঙিৰ তলিৰ পৰা ওলাই অহা মংগোলীয় লোকগীত এটা ভাহি উঠিব। ঠিক এৰাব নোৱৰাত পৰিহে কৰাৰ দৰে মুখভংগীৰে সি সেই নিতম্বিনীৰ সৈতে সুতীব্ৰ এক ৰমণৰ আনন্দ ল’ব (বছ ৰমণেই হে! প্ৰেম নহয়। প্ৰেম সি তানিয়াৰ সৈতেহে কৰে।)।

ঠিক এনেকুৱা ধৰণৰ আউল-বাউল চিন্তা।

তাকো এনেকুৱা ধৰণৰ ভাবৰ বিন্যাস লকডাউনৰ বাবেহে সম্ভৱ হৈছে। অন্য সময়ত তাৰ আখৰোটটোৰ খাদ বিলাক প্ৰায়েই খালী থাকে। শৰীৰৰ বিপ্ৰতীপ ক্ৰিয়া অভ্যাসবশতঃ চলি থাকে। ঘণ্টাৰ পাছত ঘণ্টা ধৰি আখৰোটৰ শূন্য খাদেৰে জীৱন গৈ থাকে ‘শতৰূপা’ নামৰ বাছখনৰ ডলফিনটোৰ দৰে।

শ্ৰীযুত হাজৰিকাই নিমখৰ কথা কোৱাৰ আগে আগে তানিয়াই তাৰ আখৰোটত তৰা ভৰাই দিছিল। লাখে লাখে তৰা।

লকডাউনৰ সুযোগ লৈ। আচলতে পাতিবলৈ কথাৰ অভাৱ হৈছে। হ’ল বুলিনো কিমান কথা পাতিব।

তানিয়াই তৰা ভাল লাগে বুলি কৈছিল।

( তাইৰ বয়সৰ ছোৱালীবিলাক ফুল, তৰা গানত কেনেকৈ ব্যস্ত হ’ব পাৰে, সেইটো তাৰ বাবে আশ্চৰ্যৰ বিষয়। )

মানুহ মৰিলে তৰা হয়!! কি ফটুৱা কথা। পৃথিৱীজুৰি এই ফাঁকিটো চলি আছে। মানুহ এটা নোহোৱা হৈ যোৱাৰ পাছত, শিশুৰ স্বাভাৱিক কৌতূহলৰ উত্তৰ দিবলৈ যিকোনো প্ৰাপ্তবয়স্ক‌ই এই ফাঁকিটোকে মাৰে।

প্ৰেমত পৰিছে বাবেহে সি এনেকুৱা অবালচন্দ কথা শুনিব পাৰিছে। অন্য কোনোবাই ক’লে টিঙিচকৈ মাৰিব।

মানুহ মৰাৰ কথা কোৱাৰ লগে লগে গঙাদাৰ কথা মনলৈ আহিল তাৰ।

অৱশ্যে গঙাদা আৰু জীয়েকৰ ক্ষেত্ৰত তাৰকা নিৰ্মাণৰ কাৰবাৰটো তাৰ বাবে অলপ স্বস্তিদায়ক হ’ল।

গঙাদাৰ ছোৱালীজনী ওফন্দি উঠিছিল। মাছে ফুটাই পেলাইছিল গাল দুখন। কিমানে কতবাৰ কৈছিল, পদূলিতে পুখুৰীটো নাৰাখিবি। বেয়া। অপস্তাৰত দেও-দেৱতা ওলায়। গঙাদাৰ ছোৱালীজনী মিলাই মুঠ সাতজনক পুখুৰীটোৱে গিলিছে। ক্লাছ নাইনলৈ পোৱা ছোৱালীজনী পানীত নিজ ইচ্ছাৰে পৰিল নে পিছল খাই পৰিল কোনেও নাজানিলে। কাৰো সৈতে কথা-বতৰা বৰকৈ নপতা ছোৱালীজনী কাল হ‌ওঁতে বহুতে নিজেই পৰা বুলিয়েই ধৰি ল’লে।

আৎচা… গঙাদাই ভাবিছিল নেকি ছোৱালীজনী তৰা হ’ল!! অ’ৰায়ন নেবুলাত ট টকৈ জিলিকি থকা তৰা। বৃশ্চিকৰ ফালে তৰোৱাল টোঁৱাই অথৱা ধনু এখন টোঁৱাই থকা তৰা।

ভাৱিছিল। পাক্কা ভাবিছিল। গঙাদাৰ হাতত বিকল্প নাছিল। জুপুকা মাৰি বহি বহিও গঙাদাই বিকল্প উলিয়াব নোৱাৰিলে।

ঘুৰি বছৰটোতে গঙাদাও ওফন্দিছিল।

সেইদিনা গঞাই পূজা দিবলৈ যাওঁতে গঙাদা নগ’ল।

… ঔম খ্ৰীংৰাজা দেউতা… খ্ৰীংৰাজা ধৰণী…

… গজাই গুৰু ঢাকনি…

গঙাদাই নীৰৱে তৰা হোৱাৰ যো-জা চলাইছিল। পানীৰ পিছল পিঠিৰে জিলিকিবলৈ লৈছিল… শতৰূপা বাছৰ ডলফিনটোৰ নিচিনাকৈ নিথৰ চকু এহালৰ প্ৰস্তুতি…

… আপুনি অয়লাসত ফুৰিছে…

আপুনি অয়লাসত চাকিয়ে…

দিন খায় দিন দেখিছে…

ৰাতি খায়… ৰাতি দেখিছে..

ঔম… খ্ৰীংৰাজা দেউতা…

গঙাদা তৰা হ’ল…

ধেৎ… যা-তা মানে। লকডাউনে মানুহৰ মূৰবোৰ খাই পেলাইছে। কিচ্ছু কাম-বন নোহোৱা হৈছে। আখৰোটৰ খাদত যি-তি সোমাবলৈ লৈছে।

শ্ৰীযুত হাজৰিকাৰ নিমখ ‘বিষয়’টোৰ প্ৰতিয়ে অনীহা আছে! তাৰ অৰ্থ এইটো নহয় যে তেওঁ নিমখ নাখায়। খায়। তেওঁ যাষ্ট্ নিমখ সংলগ্ন পৃথিৱীজুৰি চলা কাৰচাজিবোৰ ভাল নাপায়। তেওঁৰ মতে নিমখ পুঁজিবাদৰ এপাট শক্তিশালী অস্ত্ৰ। শোষণৰ হাঁথিয়াৰ। শ্ৰেণী শত্ৰু।

নিমখেই পৃথিৱী শাসন কৰি আছে। যত্তচব যুদ্ধ-বিগ্ৰহ, কেলেংকাৰী সকলো নিমখ সংলগ্ন।

আনকি পৃথিৱীৰ ঐতিহাসিক চহৰবোৰৰ স্থাপনো নিমখ সংলগ্ন।

: নাৰী আৰু নিমখ, একদম ছে’ম ছে’ম। ইপিঠি সিপিঠি। নাৰী লুণীয়া। নিমখৰ নিচিনা।

নিঃছিদ্ৰ লকডাউন। বাটত নৰমনিচ এটা নাই। কাহিলি পুৱা দুই-এটা ভয়ে ভয়ে ওলাই আহিছে। সন্দিগ্ধভাৱে ইফালে-সিফালে চাইছে।

প্ৰাতঃভ্ৰমণৰ দৰে অকণমান খোজ দিছে। পোহৰ হোৱাৰ আগে আগে মানুহবোৰ আকৌ সোমাই পৰিছে। মহামাৰীৰ ভয়তকৈ মানুহবোৰ ভীতিগ্ৰস্ত হৈছে ৰাংকুকুৰৰ দৰে পুলিচৰ ভয়ত।

শ্ৰীযুত হাজৰিকাই ধনপোনাৰ সৈতে তাল মিলাবলৈ অলপ অসুবিধা পাইছে। কিয়নো ধনপোনাই মানুহজনক এৰি যোৱাৰ ভাৱেৰে অলপ বেগাই খোজ কাঢ়িছে। প্ৰায় দৌৰাৰ দৰে।

: জন্তু!! জংঘলী জানোৱাৰ। জন্তুক বশলৈ আনিবলৈ যেনেকৈ নিমখ খুৱায়, ঠিক একেদৰেই তুমি নাৰীকো নিমখ খুৱাই বশীকৰণ কৰিব পাৰাঁ।

… কৰ্প’ৰেটবিলাকে কি কৰে… বিভিন্ন প্ৰকাৰৰ নিমখীয়া সোৱাদৰে নাৰীক বশীকৰণ কৰি লয়। বছ… কোটি কোটি ডলাৰৰ ব্যৱসায় কৰি আছে।

প্ৰায় কুকুৰ লৰ এটা মাৰি শ্ৰীযুত দুৱৰা ঘৰৰ ভিতৰলৈ সোমাই গৈছে। কোনো ধৰণৰ ৰিস্ক ল’ব নোখোজে তেওঁ। কালি ভাগিনীয়েকক পুলিচে কোবাই বাউসীৰ সিৰ ফালি দিছে। খুৰাকৰ সৰু বাচ্ছাটোৰ বাবে চেৰেলেক আনিবলৈ গৈছিল।

: মেইন টাৰ্গেট হ’ল নাৰী। কোনজন পুৰুষে চানা, চিপছ্ কিনি লপলপকৈ চোবোৱা দেখিছা! ডাঙৰকৈ মুখ মেলি প্ৰকাণ্ড ফুচকা মুখত ভৰোৱা দেখিছা? 

… নিমখ মেইন। নিমখ বুলি ক’লেই নাৰীৰ পেটৰ ভিতৰৰ সেই আদিম প্ৰবৃত্তিটো জাগ্ৰত হৈ আহে। জিভালৈ ডাইৰেক্ট ট্ৰেন্সমিশ্যন হয়। ক্ৰমে মন-মগজু ধৰাশায়ী হৈ আহে। এসময়ত লেবেজান হৈ পৰে সমগ্ৰ স্নায়ুবৰ্তনী।

বনৰীয়া গোনামহ… দুবাৰ ক’লা নিমখ খুৱাই দিয়াঁ… চাবা তোমাৰ পিছে পিছে কেনেকৈ দৌৰিব।

বনৰ সুগৰী পহু..! কেনেকুৱা ছুইফট্। কি প্ৰচণ্ড গতিবেগ। কোনো কাষ চাপিব নোৱাৰে।কিন্তু নিমখ অকণ চেলেকাই দিয়াঁ… চাবা… তুমি মাতিলেই দৌৰি আহিব।

মেথোন কেনেকৈ ঘৰ লগায় জানা?

আলৱৎ নিমখ চেলেকাই। মাইকীৰ জাতটোৱেই নিমখ লুভীয়া। নিমখ খুৱাই দিয়াঁ… ফেলফেলকৈ ভৰি মেলি দিব। 

ধনপোনাৰ অকণমান খং উঠি গৈছে। কাহিলিপুৱাই হাজৰিকাৰ পাল্লাৰ পৰিছে। কেনেকুৱা নিম্নৰুচিৰ মানুহ। কোনোবা ভাল মানুহৰ পাল্লাত পৰিব লাগে । অলপ ভালকৈ পঢ়া-শুনা কৰা নাৰীবাদী মানুহৰ পাল্লাত। চোবাই পেলাব। গুৰিদাঁতত পেলাই চোবাব। জীৱনত দ্বিতীয়বাৰ আৰু লোণপুৰাণ নেমেলে।

অস্বস্তি পাইছে ধনপোনাই। নিমখতকৈ তৰা ভাল আছিল। নিটোল। আলফুলীয়া। ঢুকি নোপোৱা অথচ চকুৰ কাষতে থকা।

গল্ফ ষ্টিক এডালেৰে শ্ৰীযুত হাজৰিকাই ধনপোনাৰ আখৰোটটোৰ দ খাদত থকা তৰাবিলাক এটা এটাকৈ ঈগল শ্বট মাৰি ওফৰাই দিছে। এতিয়া তাত জেবা জেবাকৈ নিমখ।

ধানখেতিৰ আলি দিয়া ডৰাবোৰৰ দৰে চাৰিআলিটো ভাগ ভাগ হৈ গৈছে। সাগৰৰ লুণীয়া পানী সোমাই চপচপীয়া হৈ গৈছে ডৰাবোৰ। লাহে লাহে তাত নিমখৰ দানা ভৰি আহিব। ক্ৰমশঃ চাৰিআলিটো নিমখে পুতি পেলাব।

নিমখে ৰঙীয়াল কৰি তুলিব বিমৰ্ষ হৈ ওৰেটো জহকাল ঊণসূতাৰ বল লৈ ছুৱেটাৰ গুঠি থকা প্ৰাক্ ঋতুনিবৃত্তিৰ মহিলাসকল। পলকা ডটেড্ ফ্ৰক্ পিন্ধা ফুটফুটীয়া ছোৱালীবোৰে চোলাৰ কোঁচত ভৰাই ল’ব গুড়ি গুড়ি নিমখ। … আৰু লাহে লাহে… নিমখৰ সদাগৰবোৰে সিহঁতক লৈ যাব জাহাজত ভৰাই অন্য দেশলৈ। নিমখৰ সপোনেৰে সিহঁত ফুৰফুৰীয়া হ’ব।

সৌৱা সৌৱা… ‘জাৰা’ৰ নকল বেগ এটাত চকচকীয়া নিমখ ভৰাই লচপচকৈ গুচি গৈছে শ্ৰীমতী লহকৰ!..

সুদৃশ্য গাড়ীখনৰ কাষত লতা এডালৰ দৰে হালি-জালি ৰৈ থকাজনী শ্ৰীমতী অনন্যা ভূমিজ। তাইক নিমখ দিবলৈ ৰৈ থকা অলেখ মানুহৰ মাজত বিলাতী গাড়ীৰে অনবৰত ছেনছেক্স চাই থকাজনক বাছি লৈছে। শ্ৰীমতী অনন্যা ভূমিজ নিমখ লুভীয়া বুলি বদনাম আছে চাৰিআলিটোত। ছেকেণ্ড কপি ‘গুচ্চি’ৰ বেগটোত ঠাহ খাই আছে চোকা নিমখ।

… নিজৰ ভাগৰ নিমখখিনি সামৰিব পৰা নাই শ্ৰীমতী বৰা এম. এ. (অনাৰ্ছ) বি. এডে। দূৰৈৰ গাঁও এখনৰ পৰা আহি চাৰিআলিটোতে ভাড়া লৈ থকা পাহোৱাল জুনিয়ৰ ইঞ্জিনীয়াৰ এজনৰ সহায় লৈছে। নিয়মীয়া শৰীৰ চৰ্চা কৰা ডেকা ইঞ্জিনীয়াৰে সামৰি দিছে শ্ৰীমতী বৰাৰ নিমখৰ দ’ম। ডেকা ইঞ্জিনীয়াৰে শ্ৰীমতী বৰাৰ পাটগাভৰু জীয়েককো নিমখৰ যোগান ধৰে। নিৰ্ভৰযোগ্য নিমখ যোগনীয়াৰ হিচাপে তেওঁৰ নাম চাৰিআলিটোত ফাটি ফুটি গৈছে।

হাৰ্ডৱে’ৰৰ দোকানখনৰ সন্মুখত ছাগলীশিঙীয়া বেঙেনা বেচা শ্ৰীমতী হালৈ নিমখহীনতাত ভুগি শেঁতা পৰি গৈছে…

… চহৰখন হঠাতে নিমখ নিমখ হৈ পৰিছে।

… নিমখ আমাৰ জন্মস্বত্ত…

… আমাৰ দাবী নিমখ নিমখ…

বুকুৰ অৰ্ধাংশ মুকলি কৰি ব্লাউজ পিন্ধা শ্ৰীমতী বৰঠাকুৰে নিমখাসক্ত এজাক মহিলাক লৈ এটা দীঘলীয়া মিছিল উলিয়াই ধাৱমান হৈছে নিমখ কোম্পানীৰ ডাঙৰ অফিচ এটাৰ ফালে। পুলিচ এজনে চাধা মোহাৰি মোহাৰি একেথিৰে লক্ষ্য কৰি আছে মিছিলটোলৈ- বিভিন্ন আকৃতিৰ নিমখ প্ৰয়াসী নাৰীৰ মাজত তেওঁৰ নিমখ নিৰাসক্ত ঘৈণীয়েকৰ কথা ভাবি  স্বস্তি আৰু কিবা হেৰুউৱাৰ বিষাদ দুইটাকে অনুভৱ কৰিছে।

পুৱা সোনকালে উঠি ধনপোনাই অকণমান দৌৰি দিয়ে। অলপ দেৰী হ’লেই মহামাৰী নিবাৰণৰ অৰ্থে মেলি দিয়া পুলিচে নেফানেফ কৰিব। ভয়ংকৰ এক আদেশ পালনৰ স্থিতপ্ৰজ্ঞতাৰে পুলিচে বাটলৈ ওলোৱা মানুহক কোবাইছে।

শ্ৰীযুত হাজৰিকাও পুৱা আৰু মধ্যৰাতি ভ্ৰমণত ওলাই দিয়ে। প্ৰায় অৰ্ধৰাতি এটা ভূতৰ দৰে শ্ৰীযুত হাজৰিকাক এডিডাছৰ হাফপেণ্ট এটা পিন্ধি তেওঁৰ বাঁওফালৰ ভিম্বাকাৰ হৈ ফুলি যোৱা অণ্ডকোষটো লৰাই লৰাই লাহে লাহে খোজ দিয়া দেখা যায়। কুবেৰৰ দৰে ধনী শ্ৰীযুত হাজৰিকাই হাইড্ৰ’ছিলৰ সাধাৰণ ছাৰ্জাৰীটো কিয় কৰাই লোৱা নাই সেয়াও চিন্তাৰ বিষয়‌।

তানিয়াহঁতৰ বাট পাই ধনপোনাই শ্ৰীযুত হাজৰিকাৰ পৰা ভাৱলেশহীনভাৱে বিদায় ল’লে। কেইটামান ঘৰ পাৰ হ’লেই তাৰ ঘৰ।

… আৰু বেছি সময় নিমখময় হৈ থকাত বিপদ আছে। লকডাউনে এনেয়েও চিন্তাৰ বিন্যাস জঠৰ কৰিছে।

শ্ৰীযুত হাজৰিকা হঠাৎ হোৱা ধনী। অভিজাত হোৱাৰ চেষ্টাত যিকোনো ধনাঢ্য মানুহৰ আচাৰ-আচৰণ নকল কৰাত ব্যস্ত। তেওঁৰ পিতাকে কোনোবা এটা ষ্টেশ্যনত মণিহাৰী মালৰ দোকান দিছিল। কলেজ আধাতে এৰি ইফালে সিফালে পিটপিটাই থকা পুতেকে ষ্টেশ্যন মাষ্টৰৰ লগ লাগি ৰে’লআলিৰ ভঙা-টুটা লোহা চুৰি কৰি বেচিবলৈ ল’লে। পাছলৈ ৰে’লৰ ঠিকা কৰি অগাধ ধন ঘটিলে।

ধনপোনাহঁতৰ চুবুৰীটোলৈ অহা বেছি দিন হোৱা নাই। মাটিডোখৰ লৈয়েই প্ৰকাণ্ড দালান এটা সাজিলে। দুখনকৈ গাড়ী। কেইবা ঠাইতো মাটি। তামাম ধনী মানুহ।

শ্ৰীমতী হাজৰিকা আকৌ তেনেই নিমাখিত। বিষাদমগ্ন। কিন্তু অত্যধিক সুন্দৰী। সুদৃশ্য দালানটোৰ কোনোবা কোণত অদৃশ্য হৈ থাকে। দেখাই পোৱা নাযায়।

শ্ৰীমতী হাজৰিকাক দেখিলে- (এই ‘দেখিলে’টো শ্ৰীযুত হাজৰিকাই ধনপোনাৰ মূৰৰ আখৰোটত নিমখ এজেবা সুমুৱাই দিয়াৰ পাছৰ।) এখন ঘুৰ্ণায়মান কাঁহী যেন লাগিব। নিমজ কাঁহৰ এখন নিঃশব্দে ঘুৰি থকা কাঁহী। সাধুকথাৰ দৰিদ্ৰ বুঢ়া-বুঢ়ী এহালে এবাৰ হেৰাই পোৱা কাঁহীখন। ঘুৰি ঘুৰি নিমখ উলিয়াই থাকে। সেই নিমখ বেচি বুঢ়া দম্পত্তি ধনী হৈ পৰে। মৰাৰ আগে আগে কাঁহীখন সাগৰত পেলাই দিয়ে। তাৰ পাছৰ পৰাই সাগৰৰ পানী লুণীয়া।

ঠিক সেই কাঁহীখনৰ দৰে।

তেওঁ নিমখীয়া কৰি তুলিছে সমস্ত চহৰ।

দুটা সন্তানৰ মাক যদিও শ্ৰীমতী হাজৰিকা অকণো পোটোকা পৰা নাই। ক’তো এক ইঞ্চি ওপৰঞ্চি মেদ নাই।

এসময়ত বৰ ভাল নাচনী আছিল বোলে।

: তাই নাচিলে হেনো দেহাৰ সমস্ত অংগ‌ই কথা কৈছিল… চাই থকা ডেকা বুঢ়া সকলোৰে লেলাৱতি বৈ আহে…

এয়া তিলকা বৰমাৰ কথা। বুঢ়ীৰ হাতত চব ডাটা মজুত থাকে।

খুব সৰুতে বিয়া হোৱা শ্ৰীমতী হাজৰিকা, হাজৰিকাতকৈ বহুত বছৰৰ সৰু। দৰিদ্ৰ ঘৰৰ আছিল বাবে ধনী জোঁৱাই পাই বাপেকে বান্ধি-কুন্ধি দিয়াদি দি পঠালে‌।

ধনপোনা, ঋতু, নীলাভ আটাইকেইটা মিলি শ্ৰীযুত হাজৰিকাৰ ঘৰটোৰ আশে পাশে কেতিয়াবা টহল দিয়ে, শ্ৰীমতী হাজৰিকাক দেখে বুলি।

নাঃ। নেদেখি। নোলায়েই ভিতৰৰ পৰা।

ঋতুৱে কয়- বুঢ়াই পায়সৰ বাটি পালে বুইছ। আঙুলি চেলেকি খাইছে।

এইচাট্ কম পায়স হেঁ।

আগৰ চৰকাৰৰ সময়ত শ্ৰীযুত হাজৰিকাৰ ওপৰমহলৰ লগত তামাম দহৰম মহৰম আছিল। ঠিকা-ঠুকলি ঢেৰ কৰিলে।সোঁৱে-বাঁৱে ঘটিলে।

ল’ৰাৰ বাৰ্থডে’ পাৰ্টিলৈ আনকি মন্ত্ৰী-এম এল এ-ও আহে।

এতিয়াৰ ৰুলিং পাৰ্টিটোত বুঢ়াই বৰ বিশেষ ঠিকনা লগাব নোৱাৰিলে।

ৰুলিং পাৰ্টি অহাৰ পাছৰ পৰাই শ্ৰীযুত হাজৰিকাই কথাই প্ৰতি কমিউনিষ্ট আদৰ্শৰ কথা কয়। কাৰোবাৰ হতুৱাই, মাৰ্ক্স, এংগেলছ, লেনিন বিষয়ক কিতাপ অলপো অনাই লৈছে।

দেৱালত মাৰ্ক্সৰ ফটো এখনো বন্ধাই থৈছে।

বলছেভিক, পেট্ৰ’গ্ৰাড, কচাক আদি দুই চাৰিটা শব্দ জিভাৰ আগতে ৰাখে।

চৰকাৰৰ যিকোনো নীতিৰে সমালোচনা কৰিব‌ই। যিয়েই নহ‌ওক লাগে।

শ্ৰীযুত হাজৰিকাই বাইবেলৰ আদম-ঈভৰ কাহিনীটোকো নিজা ধৰণেৰে সংযোজন কৰি বনাই লৈছে। সেইটো বোলে বাইবেলৰ পৃথিৱী আৰম্ভ হোৱা কাহিনীটোৰ “হাজৰিকা সংযোজন”।

: শুনা ধনপোনা… ইডেন গাৰ্ডেনত যেতিয়া আদম আৰু লিলিথক ঈশ্বৰে ৰাখিছিল তেতিয়া সিহঁত এটা ক্লাছলেছ্‌ ছ’চাইটিত আছিল। আনকি মতা মাইকীৰ মাজতো শ্ৰেণী বিভাজন নাছিল। কিমান সুখৰ সমাজ আছিল সেইখন। কিন্তু যত্তচৱ গণ্ডগোলৰ গুৰি এই মাইকীটো, – লিলিথ।

ঈশ্বৰে আদেশিলে- হে’ অমৃতৰ সন্তান। পৰম অভিপ্ৰেত, ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰায়তন প্ৰোত্থিত বীজ। যিয়েই নকৰাঁ, সেই ফল নাখাবা যি ফলে তোমাক লজ্জাবোধ, ঔদ্ধত্য আৰু মৃত্যুচেতনা প্ৰদান কৰিব। ইউ উইল বি ন’ ম’ৰ ঈশ্বৰ সন্তান।

ছন্ অফ গড!

লিলিথে ঈশ্বৰৰ আদেশ নামানিলে। পকা আপেলটো নিজে খালে খালেই, আদমকো খুৱালে।

ঈশ্বৰে যেতিয়া গম পালে, তেওঁৰেই সৃষ্টি, তেওঁৰেই নিম্নমানৰ সংস্কৰণে তেওঁৰ আদেশ অমান্য কৰিছে। তেওঁ ব্যথিত হ’ল। কিন্তু সৃষ্টিৰ গতি অক্ষুণ্ণ ৰক্ষাৰ স্বাৰ্থত এটা উপায় উলিয়ালে। আদম আৰু লিলিথক মাতি আনি ক’লে- যি হ’ল হ’ল… তোমাহঁতৰ পাপ মোচনৰ অৰ্থে মোৰ বিধান শুনা।

সৌ পাহাৰৰ টিঙত নিমখৰ পুং। তালৈ যোৱাঁ আৰু শীঘ্ৰে সেই লৱণ সেৱন কৰা। সি তোমাহঁতৰ অভ্যন্তৰত থকা মলিনতা বিপাক কৰিব আৰু বৰ্জ্য কৰি ৰেচন কৰিব। আদম গ’ল। লিলিথ নগ’ল।

তাই উভতি ধৰিলে- পৰম পিতা মোৰ… বহু ভাগ্যৰ গুণে এই বোধ লভিছোঁ। হজম নকৰোঁ।

বছ… ঈশ্বৰ নাৰাজ

খেদি দিলে লিলিথক। লিলিথ নৰকলৈ গৈ লুচিফাৰক বিয়া কৰালে। লিলিথ আৰু লুচিফাৰৰ সন্তানবোৰেই চয়তান…

তাৰ পাছত ঈশ্বৰে বিকল্প ভাবিলে আৰু আদমৰ বাওঁকান্ধৰ হাড়ৰ পৰা ঈভক সৃষ্টি কৰিলে।

ঈভ ভাল। ঈশ্বৰৰ কথা শুনে। আপেল খাই উঠি নিমখ চেলেকিলে। ঈভজাত সকলো নাৰীয়েই সেয়ে আজিও নিমখ চেলেকে।

বাইবেলৰ হাজৰিকা সংস্কৰণ ধনপোনাৰ মূৰৰ ওপৰেদি পাৰ হৈ গ’ল।

টকা-প‌ইচা হোৱাৰ পাছত শ্ৰীযুত হাজৰিকাই কবিতাও লিখিবলৈ লৈছিল।

নচলিল।

মানে একেবাৰে নচলিল।

কবিতাৰ ভয়ত পিজ্জা খুৱালেও সন্ধিয়া যুতি, তানিয়া, নিৰ্জুহঁত তেখেতৰ ঘৰলৈ নোযোৱা হ’ল।

মাজতে জিলাভিত্তিত বাপধন হাজৰিকা সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা এখনো আয়োজন কৰিলে। একদম নিজা খৰচত। চলন্ত বঁটা আৰু নগদ ধন দি।

‘ষ্টালিনৰ শাসননীতি সম-সাময়িক ছোভিয়েট প্ৰদেশত জৰুৰী আছিল’ বিষয়ক।

প্ৰতিযোগী নহ’ল।

দুই-এক আহিছিল।

তামাম সোঁপন্থী ছাত্ৰ সংগঠনৰ ল’ৰা আছিল।

ভাৰতৰ স্বাধীনতা আন্দোলনত যে কমিউনিষ্টবিলাকৰ একো অৱদান নাছিল মুখেদি ফেন ওলাই যোৱাকৈ চিঞৰি চিঞৰি ক’লে।

যোগ্য প্ৰতিযোগীৰ অভাৱ বুলি শ্ৰীযুত হাজৰিকাই জাজক কৈ প্ৰাইজটো কাকো নিদিয়ালে। ৰাতিলৈ আয়োজক ধনপোনাহঁতে খাঁহী মাংস, মাছৰুম চালাড আৰু ক্ৰীম দি বনোৱা পাস্তাৰে এটা ইলাহী খানা দগৰি দগৰি খালে।

ঋতুৱে শ্ৰীমতী হাজৰিকাক খানালৈ আনিবলৈ জোৰ দি ধৰিছিল।

নিজেই বাইকখন লৈ আনিবলৈ যাবলৈকে ওলাইছিল। শ্ৰীযুত হাজৰিকাই আকৌ খুৰীয়েৰাই পাৰ্টি কালছৰটো একদম পচণ্ড নকৰে বুলি কৈ তাক বাইকৰ পৰা নমাই থ’লে।

                                                                            ◆◆◆

ধনপোনাই ভাতকেইটা খাই বিছনাত পৰি তানিয়াৰ সৈতে ৱাটছএপ্ কৰি আছিল।

হঠাতে তানিয়াৰ মেছেজ আহিল… 

: ইমান চিপছ খাবৰ মন গৈছে। লকডাউন দিয়াৰ পৰা  মুখতেই দিয়া নাই। লৈ আহানা।

প্লিজ প্লিজ…

ধনপোনা ধৰপকৈ উঠিল বিছনাৰ পৰা। ঘৰৰ মানুহ শুই নিঃপালি দিলে। সি খিৰিকীখন খুলি তানিয়াহঁতৰ ঘৰৰ ফালে চাই পঠিয়ালে।

এন্ধাৰ।

নিমাওমাও।

তানিয়াৰ ৰূমৰ খিৰিকীৰে পাতল পোহৰ এছাটি ওলাই আহিছে।

ধনপোনাহঁতৰ কাষৰ নীলাভহঁতৰ শাক-পাচলিৰ সৰু বাগিচাখনৰ সিপাৰেই তানিয়াৰ খিৰিকীখন।

লুংলুঙীয়া বাট এটা আছে।

ধনপোনাৰ শিৰশিৰণি উঠিল।

ডিঙি শুকাই কাঠ।

ইমান সম্ভাৱনাময় মেছেজ সি আগতে পাই পোৱা নাই।

কিন্তু চিপছ…

চিপছ্ ক’ত পাব এই দোভাগ ৰাতি।

মজ্জা … লোচনৰ দোকান। লোচন দোকানতে শোৱে।

সন্তৰ্পণে ধনপোনা ঘৰৰ পৰা ওলাই আহিল। সিটো কোঠাত খুড়াক নাক বজাই শুই আছে।

বাটত উঠিয়েই ধনপোনাৰ কুকুৰ লৰ দিলে লোচনৰ দোকানৰ ফালে।

ঘপকৈ ৰৈ দিলে সি, সিফালে টৰ্চ লৈ হাজৰিকা খুড়া নাইট ৱাকলৈ ওলাইছে।

ভাগ্যেহে বাচিল সি।

দেখা হ’লে বাৰ বজালেহেঁতেন।

লোচনৰ খং উঠিল। নাক মুখ মোহাৰি ওলাই আহিয়েই সেমেনা সেমেনিকৈ ধনপোনাক দেখিলে!!!

: আৰে… হৈছে কি বালক। এই মাজ ৰাতি তহঁত চবকে চিপছ্ কিয় লগা হ’ল ? এই মাত্ৰ এটাই আহি আটাই কেইপেকেট চিপছ লৈ গ’ল।

… হৈছে কি হাঁ ? আধাৰাতি চবকে চিপচ্ লাগে।

লোচনৰ মুখখন অষ্টম আশ্চৰ্যত মেল খাই গ’ল।

ধনপোনাই আমন জিমনকৈ বাট ল’লে।

মাথা চাথা গৰম হৈ গৈছে। হাততে হেৰুৱাব এতিয়া  স্যমন্তক মণি। … ছেঃ !

হাজৰিকা খুড়াৰ ঘৰৰ সন্মুখ পাই সি আকৌ এবাৰ চক খাই গ’ল।

ৱালখনৰ কাষতে  ছায়ামুৰ্তি এটা ।

অলপ জোৰকৈ চকুহাল মেলি দিলে এন্ধাৰতে।

আৰে… সেইটো ‌ঋতু। ৱালখন বগাইছে।

হাতত চিপচৰ পেকেট!!

….

ভ্ৰাম্যভাষ – 9854566429

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close