Written by sdblogs2011 2:45 am Poems

ছবিত নথকা কথাবোৰ

প্ৰাঞ্জল হাজৰিকা

বৰষুণ মানুহ

ছবিয়ে আপোনাক বিমোৰত পেলাব পাৰে

সঁচা-মিছাৰ মাজত

বলাৰ টুপী পিন্ধা কিছুমান অভিজাত মানুহ 

আকাশত ওপঙি আছে

খিৰিকী খুলিলেই 

আপোনাৰ মুখ তিয়াই পেলাব পৰাকৈ সিহঁত উলম্ব

ছবিৰ এই প্ৰলোভনক 

আপুনি বিশ্বাস কৰিব‌ই লাগিব

কাৰণ আপুনি তিতিছে 

বেশ্যালয়

যৌনতা উদযাপন কৰিবলৈ 

আপোনাক এপে’গ্ ভড্কাৰ প্ৰয়োজন

বেশ্যাবোৰ আছিল খুবেই ৰঙীন

মতা মানুহৰ দৰে আচৰণ

নিমিষতে নাঙঠ কৰিব পৰাকৈ

সিহঁতৰ ওচৰত সময় মুঠেই কম

আপুনি সূক্ষ্মভাবে ইংগিত দিলে

শুকান ওঁঠ আৰু ভোকাতুৰ দেহবোৰ

এতিয়াই জঁপিয়াই পৰিব ।

চিঞৰ

অসুস্থতা কি মুংখে জানে

আন্ধাৰৰ সৈতে চতুৰালি কৰিব পৰাকৈ 

তেওঁ বিছনাখনক বশ কৰিছিল স্বপ্ন নগৰীত

ছবিখনৰ বাহিৰত থকা আপোনালোকে

এই ভুলটো কৰিলেই

মুহূৰ্ততে শয্যাশায়ী হৈ পৰিব

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close