মূল : মহাদেৱ সাহা (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
তোমালোকৰ কথাই কথাই ইমান ব্যাকৰণউঠোঁতে-বহোঁতে তোমালোকৰ ইমান অভিধান,কিন্তু চঞ্চল নিজৰাৰ কোনো ব্যাকৰণ নাইআকাশৰ নাই কোনো অভিধান, নাই সমুদ্ৰৰ।ভালপোৱাই নামানে কেতিয়াও ব্যাকৰণহৃদয়তকৈ ডাঙৰ কোনো সংবিধান নাইহৃদয়ে যিখিনি পাৰে সেয়া জাতিসংঘয়ো নোৱাৰেকোনো ব্যাকৰণ বুজি নুফুলে গোলাপ ।প্ৰেমিকে বাৰু ছন্দ পিন্ধি সম্বোধন কৰেনে?নদী চিৰ ছন্দময়, কিন্তু সি জানো ছন্দৰ কিবা জানে,পখীয়ে গীত গায় কোনখন ব্যাকৰণ মানি?তোমালোকেই কোৱা কেৱল ব্যাকৰণ, কেৱল অভিধান!কোৱাঁচোন কোনখন প্ৰেমৰ শুদ্ধ কিতাপ, শুদ্ধ ব্যাকৰণকোনোবাই কেতিয়াবা বাৰু প্ৰেমৰ চিঠিত সঠিক বানান বিচাৰেনেকোনোবাই কেতিয়াবা বাৰু জানিব বিচাৰেনে প্ৰেমালাপ স্বৰত নে মাত্ৰাত?নীৰৱ চুম্বনকেই জানো পৃথিৱীৰ শ্ৰেষ্ঠ ছন্দৰীতি।
(মহাদেৱ সাহা বাংলাদেশৰ স্বাধীনতাৰ পৰৱৰ্তীকালৰ এজন অন্যতম প্ৰধান কবি। ৰোমাণ্টিক গীতি-কবিতাৰ বাবে জনপ্ৰিয় এইজনা কবি জীৱিকাসূত্ৰে এসময়ত সংবাদ সেৱাৰ সৈতে জড়িত আছিল। বাংলা একাডেমি পুৰস্কাৰ, একুশে পদক, আলাওল সাহিত্য পুৰস্কাৰ আদিৰে কবি বিভূষিত। অনুবাদ আয়োজনৰ অনুমতি সংগ্ৰহত সহায় কৰাৰ বাবে বন্ধু ৰাহাত ৰাব্বানীৰ প্ৰতি অনুবাদক কৃতজ্ঞ।)
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
