Written by sdblogs2011 5:13 am Poems

চৰাইবোৰৰ কথা

স্বপ্নালী কলিতা

আবেলি নীহাৰে বাৰাণ্ডাত বহি 

ককাকক মাতিলে আহাঁচোন বুলি।

হয়নে অ’ ককা! কথা এটা সুধিম মই

ভাবি-গুণি ক’বা।

ককায়ে বোলে সোণ মোৰ

সুধিবিচোন বাৰু,

উত্তৰটো জানিলে নক’মনে আৰু!

ককা ককা !

অসমত পোৱা চৰাইবোৰৰ

নামবোৰ মোক কোৱা।

সোণামুৱা মোৰ শুন তেনেহ’লে

      জনা চৰাইবোৰৰ নাম,

পাছত সুধিলে ক’ব  লাগিব কিন্তু

          নোৱাৰিলেহে চাম।

ভাটৌ, টুনি, কুলি, কপৌ

         ধনেশ, চিলনী, ফেঁচা,

হুদু, মাছৰোকা আৰু বাঢ়ৈটোকা

             বুলবুলি,বৰটোকোলা।

মৌপিয়া আছে পানীপিয়া আছে

           কেতেকী, সখিয়তী,

ঘৰচিৰিকা, দহিকতৰা

             আৰু যে চেক্চেকী।

হেঁটুলুকা চৰাই ঢেঁকীটোৰ দৰে

               হেঁটুলুক হেঁটুলুক কৰে,

ইঞ্জিনিয়াৰ বাবু টোকোৰা চৰাইক

                বনচকা বুলিও মাতে।

ফেচুলুকা আৰু আছে ফেঁহু চৰাই

               কুকুৰা, কুকুহা, ডাউক,

বাদুলী, বতা, মইনা চৰাই

              কাউৰী, শালিকা, শগুন।

যমডাকিনী, কৈৰা, কোঢ়া   

              কণামুচৰী আৰু কাইম, 

  বগলী, হাঁহ আৰু দেওহাঁহ

             পাৰ, কুকুৰাও পাম।

ময়ুৰ, পৰ্ঘূমা আৰু হাইঠা

             আছে যে ভদৰকলি,

কটাৰী-ডবুৱা আৰু ভীমৰাজ

             দেখিবা যে বালিমাহী।

সকলো চৰায়ে প্ৰকৃতিখনক

             ৰাখে যে ধুনীয়া কৰি,

কাউৰী পুৱাতে কিচিৰ-মিচিৰকৈ

             নাচে যে চালি ধৰি।

এতিয়া পিছে কিছুমান চৰাই

            পাবলৈ নোহোৱা হ’ল,

মানুহে কৰা ধ্বংসযজ্ঞত

            সবংশে হেৰাই গ’ল।

ঠিকনা:

বৰটিং নাওশলীয়া গাঁও

গোলাঘাট

ফোন নং–৯১০১৮৪০৭৫৭

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close