Written by sdblogs2011 7:48 am Poems

চৰহা পোকৰ দৰে

জয়ন্ত দত্ত

চৰহা পোকৰ দৰে

একুৰা জুইৰ দৰে

মহাজনী হাতবোৰে

আমাৰ সপোনবোৰ

কাকো বিশ্বাসত ল’ব নোৱাৰোঁ

মোৰ তেজেই মোৰ শৰীৰ এৰি গুচি যায়

মিছিলৰ সন্মুখত যেতিয়া তিনিজাঁই গুলী

বুকুৰ আৰ-পাৰ কৰি মচিছিলোঁ

এই মাটিক ভালপোৱাৰ পাপ

তেতিয়া তোমালোক ক’ত আছিলা

যেতিয়া ভাইটোক হেৰুৱাই মচিছিলোঁ

এই মাটিক ভালপোৱাৰ পাপ

আৰু তেওঁলোক অজস্ৰ ভাইৰ বুকুৰ তেজ গচকি  উভতি আহিছিল জলফাই ৰঙৰ পোছাক খুলি…

এতিয়া আমাৰ ভোকৰ নক্সা আঁকিছা

তোমালোকৰ জোখত

( আমাৰ ) পিঠিৰ ছাল চেলাই চিলাই দিছা মোনা..

চকু মুদিলেই দেখো এবাহ কঁদোৱে নেফানেফ

কৰা এপাহ ফুল

চকু মেলিলে চাৰিওফালে মাৰ শতচ্ছিন্ন কাপোৰ

দেউতাই কয়

“এই অপ্ৰাপ্তি এই দীনতা…

সজ হ ইটো জনমত সুখ পাবি

হাত নাদাঙিবি

চাপৰি বজা

তেওঁলোকে আঁকি লৈছে আমাৰ ভোকৰ ছবি

শাৰীত থিয় হৈ থাক”

Visited 2 times, 1 visit(s) today
Website |  + posts
Close