Written by sdblogs2011 5:19 am Poems

চোৰ

 খনিন্দ্র ভূষণ মহন্ত

চিকিমিকাই থকা ছুৰিখনৰ দৰে ধাৰাল দুচকুত

শেষ নিশাৰ এন্ধাৰৰ ৰং এমুঠি ছটিয়াই

নৈঃশব্দ্যৰ ধ্রুপদী তালত খোজ দি গুচি যায় এটি বাট

এনে কি আহুদি লগা মন্ত্রৰ আৱাহন

লালায়িত হৈ পৰে বাসনাৰ সমস্ত আকুলতা

আৰু প্রসাৰিত দুহাতে আঁজুৰিব খোজে হৰিষ-মণি

কি হেৰাল কি হেৰাল

সুমিষ্ট সুধা নে সোণসেৰীয়া সুৰ

বতাহে বিৰবিৰালে: কণা চকু লৰফৰ, হাত-লৰ, হাত-লৰ

জুইৰ আঙুলি কঁপাই থকা হে’ অস্থিৰ উশাহ

শূন্যতাই কোঙা কৰা এই অনাহুত কাৰকবোৰক

মই কি উপমাৰে সামৰোঁ?

________

ভ্ৰাম্যভাষ নং – ৯১০১৯৮৬১৪০

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close