Written by sdblogs2011 12:32 pm Poems

চেঁকুৰি আহে ঘোঁৰাপুৱা

নীলিমা ঠাকুৰীয়া হক 

চেঁকুৰি আহে ঘোঁৰাপুৱা

স্ফটিক সেউজ ঘোঁৰাপুৱাটো শুভবাৰ্তা হৈ

চেঁকুৰি আহে

ঘোঁৰাপুৱাটো এখন সেউজ অৰণ্য

অৰণ্যৰ লেকাম নাই, দৌৰি আছে

অৰণ্যখন সোমাই আহিছে চহৰলৈ

প্ৰতিটো লাইটপোষ্ট উৰ্ধ্বমুখী লতাই সাবটি ধৰিছে

পুলিচ পইন্টবোৰ ঘন বেতৰ জাৰণি, বাঘৰ চোং

বিশাল গছবোৰৰ ঠাল-ঠেঙুলি আৰু শিপাবোৰ

সোমাই গৈছে অট্টালিকাবোৰৰ দুৱাৰ-খিৰিকীৰে

খটখটীৰে বগাইছে সাপ লতা কেৰ্কেটুৱাই

কোনোবাটো বাটেৰে বৈ আহিছে নদীখন

কোনোবাটোত হাতীৰ সমদল, বেনাৰহীন শ্লোগানত

হাতীৰ গগনফলা চিঞৰ

গঁড় গৌৰৱ আমাৰ, যানজঁটত দিশহাৰা

খৰ্গৰে চলাইছে তাণ্ডৱৰ আখৰা

আচলতে সেউজ ঘোঁৰাটো চেঁকুৰিছে

খৰাঙত চৌচিৰা হোৱা পাৰাপাৰহীন হোৱা প্ৰান্তৰলৈ

পোৰামাটিৰ কঠিন পথাৰ আৰু বালিময়

পাহাৰবোৰ সাবটি ল’বলৈ

চহৰবোৰেহে বিধি-পথালি দিছে

উশাহ ল’ব নোৱৰা ক্ৰংক্ৰিটৰ হাবি গচকি

চেঁকুৰি যোৱা ঘোঁৰাটো অকলশৰীয়া নহয়

মৰুভূ মাটিৰ ওঁঠ তিয়াবলৈ

মেঘ ঘোঁৰাবোৰো চেঁকুৰি আহিছে

বেলিৰ চকুত পটী

বৰষুণ দিব ।

টোকা :  ‘ঘোঁৰাপুৱা’ শব্দটো কবি অনুভৱ তুলসীৰ সৌজন্যত পোৱা ।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close