Written by sdblogs2011 7:34 am Poems

চিলিক’ছিছ

  স্বপ্নালী কলিতা

সোণাইৰ দেউতাকৰ থাকোতে

দহোটা আঙুলিয়েই আছে

কামতো পাৰ্গত

পিছে শিলবোৰে ছাঁ দিয়াৰ পৰা

দহোটা নখেই মৃত্যুবৰণ কৰিলে

লাহে লাহে

থাকোতে কাণদুখনো আছে

নিজৰ ঠাইতে

বাটে-ঘাটে খবৰো সোধে দুই-এজনে

কাণ এখন আগবঢ়াই দিয়ে 

সোধোঁতালৈ

শিলবোৰে যেতিয়া নিজৰ আকাৰ সলায়

কুৱেৰীত সপি দিয়ে নিজক

চিঞৰি চিঞৰি কান্দিবই

সেইবুলি সোণাইৰ বাপেকে 

আমনি পালে হ’বনে 

শিলেইটো অতকাল দি আছে ছাঁ

চকুদুটাৰ বিনামূলীয়া 

অস্ত্ৰোপ্ৰচাৰ কৰাব বোলে

কথাটো ল’ৰালৰিয়ে

অৱশ্যে একেলগে সপ্তাহৰ

ৰোজ যোগাৰৰ প্ৰসংগটো

আৰু ল’ৰালৰি

সোণাইৰ দেউতাকৰ

আক্ষেপো নাই

নাই ভ্ৰুক্ষেপো

শৰীৰৰ চমকাচমক দাগবোৰৰ 

পোৰণি বৰ বেছিদিন নাথাকে

থাকে ৰংটোহে

পেটৰ পোৰণি পিছে

বৰ আহুকলীয়া

সহিব নোৱাৰি

নেদেখি 

পোৰণিৰ পাছৰ ৰং

চলি যায় সকলো

মানে চলি আছিল সকলো

শিলবোৰ

শিলৰ তলৰ জুইকুৰা

শিলৰ কান্দোন

এই আটাইবোৰ মিলি 

সোণাইহঁতৰ মূৰৰ ওপৰত ছাতি

এটা হৈছিল

দেউতাকে কৈছিল–

“সেইখনেই সিহঁতৰ আকাশ”

পিছে সোণাইৰ দেউতাকে এইবাৰ

বুকুখন একাষৰীয়া কৰিব

নোৱাৰিলে

আঙুলি কাণ আৰু চকুৰ দৰে

চিলিকণে খামোচা মাৰি ধৰিলে

বুকুত

কথাবোৰ ছাতিৰ তলৰ পৰা

আঁতৰি আহিল

সোণাইৰ দেউতাকে

সপোনত দেখিলে–

সেই খামোচাটোত

জুইৰ  ফিৰিঙতিবোৰ 

উৰি ফুৰিছে 

চাৰিওফালে

গগন ঠিকাদাৰে কপালৰ ৰেখা

থুপ খুৱাই 

উচ্চাৰিলে

                          ***

 চিলিক’ছিছ – চিলিকাৰ ধূলি উশাহত সোমোৱাৰ ফলত হোৱা এটা দীৰ্ঘদিনীয়া হাওঁফাওঁৰ ৰোগ। বিশেষকৈ শিলৰ কুৱেৰীত শ্ৰমদান কৰা শ্ৰমিকসকল এনেৰোগৰ স্বীকাৰ হয়।

ঠিকনা :

বৰটিং নাওশলীয়া

গোলাঘাট

Visited 1 times, 1 visit(s) today
Website |  + posts
Close