Written by sdblogs2011 3:17 am Poems

চিয়ো কিটাহাৰাৰ কবিতা

মূল (জাপানী) : চিয়ো কিটাহাৰা

ভাষান্তৰ: গীতুমণি তালুকদাৰ

(১)

তলাৰ নাই

ধ্বংসও হ’ব পাৰে শেষ পৰিণতি

আন্ধাৰত লুকুৱাই ৰখা চক্‌মকীয়া চাবিটোৰ

সাৱধানেৰে ভিতৰলৈ খোঁচোতে

কিছু সৰু সৰু অংশ সিঁচৰতি হৈ পৰে

ভিতৰলৈ সোমা  

মাত এটাই চিঞৰে

লুটি খাই পৰি 

স্বৰসঙ্গতিহীন সংগীতৰ খটখটী এটাত

দলিয়াই দিয়া চাবিটো

নাইবা হয়তো মই শুই পৰোঁ

ময়ূৰ এটাৰ ডিঙিৰ পিছফালে বাহুবন্ধনতে সোমাই

বহুবেলি – প্ৰথমবাৰৰ বাবে মুখামুখি হৈ মোৰ এনেকুৱা লাগিছে

মই যেন সুগন্ধি সুন্দৰ এপাহ ফুল হৈ ফুলিব পাৰোঁ৷

(২)

বিচ্ছেদ, ব্যৱধানৰ পৰা আহে

ৰাতিপুৱা ঝৰ্ণাৰ পানী ভৰাই

টেকেলীটো সাৱটি

অনিশ্চয়তাৰে উভতিছিলোঁ

পাহাৰৰ নামনিত থকা জুপুৰিলৈ

বগামাটিৰে নিৰ্মিত মঙহাল টেকেলীটো ফুটি

বৈ আহিছে

জিল্‌মিলাই সৰি পৰা পানী

মন-খুকুৰিৰ অচিন কাঁইট

আঁতৰাব নোৱাৰি

শান্তিমন্ত্ৰ জপ কৰি

মাটিলৈ পানীৰ আধা অংশ

উলটি আহোঁতে

ওচৰ চাপি অহা  বুটজোতাৰ নিচিনা শব্দত

কঁপি থকা চকুবোৰ বহলকৈ মেলি

মৌন হৈয়ে আছিলোঁ

টেকেলীটো সাবটি

অনিশ্চয়তাৰ পৰা  মুক্ত হৈ

আমি সোনকালে লগ হ’ম

আৰু

তেতিয়াই দেখুৱাই দিম

মানুহৰ মুখ নেদেখাকৈয়ে টুপী৷

(৩)

চঞ্চল বতাহ 

সাগৰৰ পৃষ্ঠভাগ বুৰাই

হাতোৰা মেলি

ওপৰলৈ উৰি যায় বতাহ

ওঁঠৰ ফাকেৰে ঘোৰ্ঘোৰাই

যেতিয়া

বাহিৰলৈ ওলাই আহে

ঢৌবোৰ কঁপিবলৈ ধৰে

থিয় খুঁটাটো ঘূলি এটাত

পোত খায়  বাবেই

প্ৰতিনিয়ত নিয়মীয়া কাৰ্যক্ৰমত

বাধা আহে

আৰু ঠেলা-হেঁচা ভাল নাপায় বতাহে

পোহৰে উজলাই তোলা এটুকুৰা সমতলত

এবছৰীয়া শান্ত শুভ্ৰ বগলীৰে

 খেলে বতাহে৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close