Written by sdblogs2011 6:31 am Poems

চিনাকি হৈছিল নিশাটিৰ সতে

মূল: Robert Frost-অৰ  Acquainted With The Night

অনুবাদ : ড° ৰঞ্জিত দত্ত

এটি নিশাৰ সতে

চিনাকি হৈছিল মোৰ৷

এজাক বৰষুণৰ মাজতে

ওলাই গৈছিলোঁ বাহিৰলৈ

আৰু বৰষুণজাকৰ  মাজতেই

উভতিও আহিলোঁ৷

ওলাই  গ’লোঁ মই

পোহৰ নগৰীৰ

বহু দূৰলৈ,

চাই ৰ’লোঁ নগৰখনিৰ বিষাদগ্ৰস্ত গলিবোৰলৈ,

এজন প্ৰহৰীক

পাৰ হৈ গ’লোঁ

তেওঁৰ  চকীখনতে

মই  তলমূৰ কৰিলোঁ

কোনো কথা কবলৈ

ইচ্ছাও নকৰিলোঁ,

খোজৰ  শব্দও

স্তব্ধ হ’ল৷

থৰ হৈ ৰ’লোঁ যেতিয়া

দূৰৰ এটি গলিৰ

কোনোবা এটি  ঘৰৰ  পৰা

অহৰহ ভাহি আহিছিল

এটি কৰুণ কান্দোনৰ ধ্বনি,

কোনোৱেচোন  মোক

মাত-বোল কৰা নাই,

জনোৱা নাই বিদায় সম্ভাষণো৷

মাটিৰ পৰা  বহু ওপৰত

স্থিৰ হৈ থকা

আকাশৰ সেই উজ্জ্বল ঘড়ীটোৱে

মোকেই  যেন

কৈছিল বাৰে বাৰে

সময়বোৰ

শুদ্ধও নাছিল 

ভুলো নাছিল৷

চিনাকি হৈছিল মোৰ

এটি নিশাৰ সতে৷

Visited 4 times, 1 visit(s) today
Website |  + posts
Close