Written by sdblogs2011 4:39 am Poems

চিনাকি চহৰখনৰ মাজেদি এদিন গুচি যাম

ৰণজিত গগৈ

কিবা থৈ যাব পাৰিম নে নোৱাৰিম একোতো নাজানো

চিনাকি চহৰখনৰ মাজেদি এদিন গুচি যাম।

যেনেকৈ উকি এটা এৰি থৈ গুচি যায় ৰেল গাড়ীখন

নদীৰ ঘাট এৰি পকনীয়াত পাকঘূৰণি খাই খাই পানী

এই চহৰে মোৰ কথা আৰু ক’ব নে নক’ব

একেজনী চৰায়ে একেটা গছৰ ডালতে বহি

একেটা সুৰেৰে গোৱা গীতটোৰেনো

কেইটা বসন্ত পাৰ কৰি দিব

এই চহৰ এৰি মই গুচি যোৱাৰ পাছত

আপোনালোক আকৌ আগৰ দৰে

কিদৰে বসন্তৰ বিয়লিবোৰ একগোট হ’ব

মই আৰু কাহানিও নাজানিম।

শুকান গছৰ পাতবোৰ সৰি সৰি

সাৰুৱা হৈ পৰা মাটিখিনিত আকৌ গজি উঠিবনে

ৰসাল ফলৰ গছবোৰ গছৰ ফেৰেঙনিৰে সৰকি অহা শুকান ৰ’দজাকি

একেদৰে হৈ থাকিবনে মিঠা আৰু সজীৱ

এই কথাবোৰ আৰু মই একো নাজানিম

মই যে চহৰখনক বিদায় জনাই গুচি যাম

এই কথাটোকে বাৰু চহৰখনে জানিবনে

কেতিয়াবা ? কেনেবাকৈ ?

শোকাকুল সময়বোৰত বুকুত শংকা এটাই লোদোৰ-পোদাৰকৈ

নোদোকাটি হৈ আহোঁতে আপোনজনৰ স্পৰ্শৰ ভয়ে

আমাক পিঠিয়া-পিঠি দি আছিল। এই কথাও আৰু কেতিয়াই

কাকো জনাব নোৱাৰিম। সময় সঁচাই কি যে স্পর্শকাতৰ

ভালপোৱাৰ তাগিদাতে কৰিব পৰা নাছিলোঁ প্রিয়জনকো অকণ স্পর্শ

মোৰ সেউজীয়া চহৰৰ বুকুলৈ ক্রংকিটৰ সপোনবোৰ

উবুৰি খাই পৰিছে। মেদময় চহৰ। মেদময় শৰীৰ।

শীতৰ কোমল পুৱাবোৰত চহৰৰ মাজ-মজিয়াৰ বাট-পথবোৰলৈ

আকৌ যৌৱন উভতি আহিছে। শৰীৰ সচেতন হৈ উঠা প্রতিজনৰে

পৰস্পৰৰ মুখামুখিত সৌজন্যৰ মুৰ দোঁ খাই পৰিছে।

বাটৰ সেউজীয়াবোবত কুঁৱলীৰ কোমল আবিৰ এটাই

বুকুখন কিবা ইমান টানি ধৰিছে।

অচিনা উলাহ এচিকুটে

জুবুৰিয়াই-জপতিয়াই প্রথম ভালপোৱাৰ জপনাখন

কিবা হেঁচা-ঠেলা কৰি তুলিছে।

এই চহৰৰ বাটতো এদিন ধূলি উৰুউৱা বতাহজাক

বৰকৈ বলিছিল; ইমূৰৰ পৰা সিমূৰলৈ

উৰি ফুৰিছিল যৌৱনমতীয়া ল’ৰা-ছােৱালীজাকৰ

বান্ধোনহীন কিৰীলিবোৰ।

চিনাকি চহৰখন এৰি যাম থৈ যাম

অচিনাকি বাট এটাৰে

চিনাকি মানুহখিনি এৰি থৈ যাম

অসহায় মুখ এখনেৰে। হাঁহিলা-হাঁহিলোঁ। মাতিলা মাতিলোঁ।

তাৰ বাদে এই চহৰৰ সতে মোৰ কোনো লেনা-দেনা নাই।

ঠিকনা :

ৰণজিত গগৈ

শব্দ প্রকাশ, থানা ৰ’ড 

যোৰহাট-১ ম’বাইলঃ ৯৮৫ ৪৩৫ ৪৮০২ 

e-mail-ranjit_jrt@rediffmail.com

ranjitgogoil4@gmail.com<!—next-prev and print–>

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close