Written by sdblogs2011 7:49 am Poems

চাৰি মাহৰ মালিতা

প্ৰশান্ত মিশ্ৰ
১। মেঘৰ অশ্ৰুত গজালি মেলা সপোন

শাওণৰ দুপৰীয়া

ডোং এটাৰ পাৰত
ভেকুলী এটাই 
পোক এটা ধৰিছিল
সৰু ঢৌ

তড়িৎ বেগেৰে এডাল সাপ
পথাৰৰ আলিৰ বোকাত ভেকুলীটো
আৰু এটা দীঘল জাঁপ
ডাঙৰ ঢৌ

এহাল ফেঁচু চৰাই উৰি ফুৰিছিল

ধৰাত মেঘৰ চকুলো

বোকা পানীতেই আশা
শস্যৰ কোমল বুকুত
মেঘৰ অশ্ৰুত গজালি মেলা সপোন 
ফলি-পুথিৰ

শাওণৰ পথাৰ

ভেকুলী
পোক
সাপ
ফেঁচু আৰু
বোকা

শস্যৰ আশা
আৰু ৰ’দৰ তৃষা। 


২। শীতমঞ্জৰীৰ নিৰাগ ৰাগ: ২০২০ 


অচিন আহিন।
মেঘ নীথ। 
নীৰদিন্দু দূৰৈৰ পৰ্বত।

ক্লেদাক্ত আলি-পদূলি।
শীতমঞ্জৰীৰ নিৰাগ ৰাগ।

নিঃশব্দ নিয়ৰ। নিঃসংগ ৰুহা।

পাৰ্বতীপ্ৰসাদৰ সংগীত নিসাৰ

নিত-বাট প্ৰহেলিকা। 


৩। নুৰুদ্দিন

আঘোণৰ পথাৰ

ডাঙৰি আৰু কানমাৰি

নুৰুদ্দিন আৰু ডাঙৰি

ওচমান গণিৰ ঘৰ আৰু চোতাল ভৰা ডাঙৰি

কুঁৱলীৰ আচ্ছাদন 
আৰু নুৰুদ্দিনৰ কানমাৰিত ডাঙৰি

নৰাৰ বহাত এটি সপোন 
নুৰুদ্দিনৰ নিকাহ
বোৰ্খাৰ আঁৰৰ মুখখনিত হেঁপাহৰ শতদল

হৃদয়ত দুঃস্বপ্নৰ অস্থিৰ কঁপনি
এটা সৰল অংকৰ গজালি

পাঁচ কুৰি ডাঙৰিৰ চাৰি বিয়োগ গ’লে
কাছেমাৰ মণিমঞ্জীৰ দেওবৰীয়া হাটত

নুৰুদ্দিনৰ ওলোটা খোজ
এখোজ আগুৱায়  দুখোজ পিছুৱায়

কুঁৱলীৰ আঁৰত যেন ওচমান গণিৰ মেকুৰী চকু

আলি-কেঁকুৰিৰ জোপোহাৰ মাজত  ফোঁপনি
আঁৰালত ওচমান গণিৰ সৰুটো ল’ৰা

ডাঙৰি  আৰু নুৰুদ্দিনৰ পৰিকল্পনা
ওচমান গণিৰ সৰুটো ল’ৰা 
আৰু জোপোহাৰ আঁৰৰ ফোঁপনি

পাঁচকুৰি ডাঙৰিৰ মাত্ৰ এটা বিয়োগ 

ডাঙৰি  নে নুৰদ্দিনৰ সপোন
কাছেমাৰ মণিমঞ্জীৰ নে নুৰুদ্দিনৰ জীৱন
ওচমান গণিৰ চাবুকৰ কোব নে নুৰুদ্দিনৰ নিকাহ

জোপোহাৰ আঁৰৰ ফোঁপনি আৰু ডাঙৰি

নুৰুদ্দিনৰ পৰিকল্পনা
আৰু ওচমান গণিৰ সৰুটো ল’ৰাৰ অভিসাৰ

নুৰুদ্দিনৰ চকুত চকু ওচমান গণিৰ সৰুটো ল’ৰাৰ
হঠাৎ বাজিমাৎ

ওচমান গণিৰ সৰুটো ল’ৰা আৰু নুৰুদ্দিন
পাঁচ কুৰি ডাঙৰিৰ দহ বিয়োগ গ’ল

নুৰুদ্দিনৰ নিকাহ 
কাছেমাৰ মণিমঞ্জীৰ
খাৰু আৰু নাকফুলি 

কাছেমাৰ নয়নৰ নীড়ত আঘোণৰ ৰাতি নুৰুদ্দিন। 


৪। পৃথিৱীৰ প্ৰেমত পৰিছিলোঁ

ব’হাগৰ সতে কেতিয়াবা মই গান গাওঁ

তুমি আহি ক’লাহি— চোৱাচোন,
শিমলুৰ তুলাবোৰ কেনেকৈ উৰিছে

আমি দুয়ো আহুধানৰ ওপৰেদি বৈ যোৱা
ঢৌ খেলা চালোঁ
হঠাৎ আকাশখন গোমা হৈ আহিল
কিন্ কিন্‌কৈ‍ এজাক বৰষুণ

দুয়োজনে বৰষুণত তিতিলোঁ

এনেদৰেই এদিন 
পৃথিৱীৰ প্ৰেমত পৰিছিলোঁ। 


ঠিকনা:

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট। 

Visited 2 times, 1 visit(s) today
Website |  + posts
Close