Written by sdblogs2011 10:44 am Poems

চাৰি প্ৰহৰৰ মালিতা

প্ৰশান্ত মিশ্ৰ 

বেলি চোৱা বেলিকা 

চকুপতাত নিয়ৰৰ কণাবোৰ গোট মাৰিছিল 

জাৰ লাগিছিল চকুত 

লানিকৈ ৰোৱা সেউজীয়াৰ মাজত 

শিৰীষৰ পাত সৰকি নামি আহিছিল বেলিটো 

আৰু চকুপতাৰ বৰফত 

বিচ্ছুৰিত পোহৰৰ প্ৰতিফলন 

হাওঁফাওঁৰ ভিতৰলৈ দীঘল উশাহত 

হাতৰ মুদ্ৰাত বুদ্ধ

শোক নাই  

আনন্দৰ আকুতিও নাই 

কেৱল অননুভৱনীয় শীতলতা

শিৰৰ পৰা ভৰিপতালৈ

ভূমাস্পৃহা

বেলি চোৱা বেলিকা। 

ভৰশূন্য পোৰা দুপৰীয়া 

দ পানীৰ মাজৰ

পিতনিৰ অন্ধকাৰত

পোৰা দুপৰীয়া

অবিধেয় তৃষ্ণা

অন্তৰ্দাহী  প্ৰাণ

মহানগৰীৰ বিভ্ৰম

পোহৰৰ চাট মৰা অভিপ্ৰায়

ওপঙি ৰোৱা দোমোজা

জখলা বগোৱা বাটত 

কঠিন ৰূপৰ ভাৱৰীয়া

সলনি হাট বজাৰৰ প্ৰতিটো কৌশলত

শীতল কফিনত 

অনেক হিচাপ-নিকাচ 

ভৰশূন্য পোৰা দুপৰীয়া। 

গধূলি পৰত বাতাল 

গধূলি পৰত ভিজা গোন্ধ 

পোহৰ অভিমুখে বাতাল 

হাফলুৰ অন্ধকাৰ

আড়ষ্ট পাতাল জীৱন 

মাটিৰ সেমেকা সোৱাদ জিভাত 

পোহৰলৈ ঘৃণা

অথবা অগ্নিভীতি 

অন্তিম সময়

আলোক ধিয়াই উৰে

পোৰা দেহত শেষ নৃত্যৰ ছেও

পাখি সৰি নিঃশেষ হ’ব 

নতুবা নৱজীৱন। 

নিশাৰ ৰঙামেঘ

এই বাটেদি গৈছিল নে তেওঁ

যি বাটত সহস্ৰ বুদ্ধৰ ছাঁ পৰিছিল 

অথবা যি বাটত নৈয়ে 

সলাইছিল বৰণ 

নিশাৰ ৰঙামেঘে কঢ়িয়াই আনিছিল 

শকুন্তলাৰ অভিজ্ঞান 

হয়তো কুঁহিপাতৰ সুবাস লৈ

গছ এজোপাৰ আঁৰত

তেওঁ ৰৈ আছিল কাৰোবালৈ

চেঁচা বতাহত সেমেকি থকা

শিল এছটাত বহি

বুকুৰ ভিতৰত 

কঢ়িয়াই ফুৰিছিল 

বহুতো ঘৰ। 

(টোকা : ‘বাতাল’ – উঁইপৰুৱা)

ঠিকনা :

অসম কৃষি বিশ্ববিদ্যালয়

যোৰহাট ৭৮৫০১৩।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close