Written by sdblogs2011 5:05 am Poems

চাৰিটা কণ কবিতা

অৰুণ গগৈ

কাছ আছিল কণী লেখি

নদীৰ বালিত বহি,

এক দুইকৈ গণি শেষ হ’ল

বজাই দিলে বাঁহী৷

ভালুক আছিল হাবিৰ মাজত

খাম বুলি ভাবি মৌ,

বতাহ অহাত গাত পৰিলহি

ডাঙৰ ডাঙৰ ঔ৷

চাইকেল চলাই গঁড় ককাইটি

কাজিৰঙালৈ যায়,

লগতে গৈছে ঘৰচিৰিকা

বিয়া আছে হ’বপায় ৷

কেৰ্কেটুৱাই তামোল চোবায়

মুখখন ৰঙা কৰি,

গছৰ ডালত শুই আছেগৈ

মেলি লৈ দুই ভৰি ৷

ঠিকনা :

মৰিয়নী, যোৰহাট

ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close