লোপামুদ্ৰা ভট্টাচাৰ্য

প্লেটফৰ্মখন জনশূন্য। নিশা ন বাজিছে। সি আৰু তাৰ লগৰ দুজন গাড়ীৰ ভিতৰতে আছে। ট্ৰেইনখন হয়তো দহমান বজাতহে পাবহি। গাড়ীৰ পৰা নামিলেই মাস্কখন পিন্ধিব লাগিব। সেইখনে মুখখন ঢকাৰ লগতে যেন গোটেই পৰিৱেশটোকে চেপি ধৰে। এনেকুৱাতে ফিৰদৌছদাৰ ফ’ন আহিল।
— “কি কৰিছ ভাই? Busy নেকি?”
— “ফৰকাটিং ষ্টেচনত।”
— “বুজিলোঁ। ক’ৰ’না এক্সপ্ৰেছৰ কাৰণে খাপ দি আছ হ’ব পায়।”
— “সেই বুলিয়েই ক’ব পাৰে। কিন্তু সিহঁতো কিবা এটা আশাতেই গৈছিল। পৰিস্থিতিৰ কবলত পৰি ঘূৰি আহিবলৈ বাধ্য হৈছে। নিজৰ ঘৰলৈ৷”
— “তই যি কৱ। মোৰ সিহঁতলৈ তিলমানো বেয়া নালাগে। আৰে মোলৈ চাচোন। কিমান কষ্টত কামানি কৰোঁ। কেতিয়াও কিন্তু বাহিৰলৈ যোৱাৰ কথা মনলৈ নাহিল।”
— ‘‘প্রতিটো কথাতে নিজৰ লগত তুলনা কৰাৰ কিবা জানো প্রয়োজন আছে। আপুনি বা মই দেখা সপোনটো আনে নেদেখিবও পাৰে।”
— “কিন্তু এই যে পেটত গামোচা মাৰি এইকেইদিন লক্ডাউনত থাকি আমিবোৰ যে যেনে তেনে বাচি আছিলোঁ সেই সকলো নিৰৰ্থক কৰি সিহঁত সোপাই ভাইৰাছটো আনি ইয়াত মেলি দিয়াহি নাই জানো?
— “ভয়ৰ কোনো কাৰণ নাই ফিৰদৌছদা। তেওঁলোকক সম্পূৰ্ণ Quarantine-ত ৰখা হৈছে। ভাইৰাছটো ধৰা পৰাসকলক isolation ward-লৈ নিয়া হৈছে। আমি এতিয়ালৈকে নিৰাপদেই আছোঁ৷”
— “ব্যৱসায়ৰ চিন্তাই মনটোক কোঙা কৰিছে। হ’ব দে। যি হওক ভাল হ’লেই হয়। কিন্তু নাটকখনৰ কথা মনত পৰে অ’। আৰু দুদিন পাছত কথাবোৰ হোৱা হ’লে নাটকখনো হৈ গ’লহেঁতেন।”
সি নীৰৱ হৈ পৰিছে। নাটকখনৰ কথাই তাক বোবা কৰি তোলে৷ এটা সপোন ঠিক ফুলি উঠিব খোজোঁতেই চৌদিশ খৰাং হৈ পৰিল। নাটক তাৰ নিচা। কলেজত পঢ়া দিন ধৰি আজিলৈকে সি বহু নাটক কৰিলে। নাটকৰ মাজেদিয়েইতো চহৰখন তাৰ আপোন হৈছিল। এই নাটকখনৰ লগত তাৰ আৱেগ জড়িত হৈ আছিল। তাৰ গাঁৱৰ মুখ বাগৰি অহা ইতিহাসক সি এক জীৱন্ত ৰূপ দিব বিচাৰিছিল। তাৰ লুইতপৰীয়া গাঁওখন বছৰৰ কোনো সময়ত মেটেকাফুলীয়া হৈ ফুলি উঠে। কোনো সময়ত সৰিয়হবুলীয়া হয় আৰু কোনো সময়ত মদাৰ-পলাশৰ লগত মানুহবোৰো ফাগুনৰঙী হৈ পৰে। বানে ধোৱা গাঁওখনৰ তিৰোতাই নিজ হাতে বৈ উলিওৱা মচাং, এগে, ৰিঃবি গাচেং, গেৰঃ দুমৰি আৰু মিবু গালুকত তৰা ফুলবোৰ ফুলি উঠে, ৰঙা হালধীয়া, সেউজীয়া ৰঙৰ মাজত প্রকৃতিয়ে প্রাণ পাই উঠে। তাৰ বোপাককাৰ দিনতেই লুইতৰ সোঁতে গাঁওখনক পিছুৱাই আনিছিল। বহু স্মৃতি বৰ নৈৰ বুকুতে জাহ গ’ল। তথাপি তাৰ গাঁৱৰ মানুহবোৰে হাঁহিব জানে। তথাপি তাৰ গাঁৱৰ মানুহে কাচিং-কাতেং, দঃঞি-পঃলক আৰাধনা কৰি পৃথিৱীখন শস্য শ্যামলা হৈ সুখে-সন্তোষে বাস কৰাৰ সপোন দেখে। লৃগাঙত ডেকাবোৰে দেনদুম বজায়, ঐঃনিতমৰ সুৰত গাভৰুবোৰ পখিলা হৈ নাচে। আপঙৰ নিচাত নিশাবোৰ মাতাল হয়। বৰ নৈ, গেলাবিল আৰু ধনশিৰিৰ ধলৰ লগত জীৱনটোক মিলাই ল’বলৈ গাঁওবোৰে কোন কাহানিতে শিকি পেলালে। মনত কোনো ক্ষোভ নাই। সৰুতে আইতাকে গাছেং বৈ থকাৰ পৰা মাকক কোৱা কথা এষাৰ তাৰ মনত সাঁচ পাতি ৰৈ গ’ল— “বৰনৈয়ে নিয়ে যেনেকৈ দিয়েও তেনেকৈ। দুখ কৰিবলৈ একো নাই।”— সঁচাকৈ দুখ কৰিবলৈ একো নাইনে বাৰু?
গাঁওখনক ভাল পাইছিল যদিও সি কেতিয়াও সেই চাৰিসীমাতে সোমাই থকাৰ কথা ভাবিব পৰা নাছিল। সিহঁতৰ পূৰ্বপুৰুষ হেনো দুডাল লতা বগাই ভৈয়ামলৈ আহিছিল। সিও এডাল লতাৰ সন্ধান কৰিছিল। যিডালত বগাই সি সভ্যতাৰ ন ন পোহৰত উদ্ভাসিত হ’ব পাৰিব। বোকা-পানী খচকি হ’লেও সি স্কুললৈ গৈছিল। শিক্ষাৰ সোণালী লতাডালে তাক পোহৰৰ ফালে লৈ যাব। তাৰ বিশ্বাস আছিল। কিন্তু তাৰ বাবৈয়ে সি পঢ়াটো সমূলি বিচৰা নাছিল। কামৰ কিবা অভাৱ আছে নে? খেতি আছে, মাছ আছে, গাহৰি আছে। এইবোৰ চলাই খাবলৈ শিকিলে ওৰে জীৱন সুখত যাব। বাবৈৰ এনেবোৰ চিন্তাৰ বাবেই তাৰ তেখেতৰ লগত ঘনাই ঠোটা-মোজা লাগিছিল। তথাপি সি পঢ়িছিল। বংকোৱালৰ হাইস্কুলখনৰ পৰা মেট্ৰিক পাছ কৰি উঠি সি গোলাঘাটৰ কলেজত নাম লগালে। ভেলটো নগৰলৈ আহিলে যদিও মনটো তাৰ নৈপৰীয়াই হৈ থাকিল। সৰুৰে পৰা সি বুজন ল’ৰা আছিল। বেয়াৰ মাজৰ পৰা ভালবোৰ বুটলি ল’বলৈ সি জানিছিল। কলেজীয়া দিনতে পঢ়াৰ ফাঁকে ফাঁকে নাটক-কবিতাৰ ৰোমাঞ্চকৰ জগতখনত সি সোমাই পৰিছিল। গাঁওখনলৈ সি মাহেকত এবাৰ হ’লেও গৈছিল। মাথাউৰিত খোজ কাঢ়ি সন্ধ্যা পৰত সমনীয়া অজয়, ৰণ্টুহঁতৰ লগত গাঁওখনৰ কাৰণে কৰিব পৰা কামবোৰৰ আলোচনা কৰিছিল। কলা-সংস্কৃতিৰ চৰ্চাৰ বাবে এটা যুৱ সংঘও স্থাপন কৰি লৈছিল।
নতুন চিন্তাবোৰ গাঁওখনৰ কাষ চাপক। সন্ধিয়াবোৰ কেৱল আপঙৰ নিচাত ডুব নগৈ উন্নয়নমুখী হওক ৷ সেয়েই তাৰ আশা ৷ স্নাতক হোৱাৰ পাছত সি বিভিন্ন ঠাইত মূৰ গুঁজিবলৈ চালে। অৱশেষত উপায়ুক্তৰ কাৰ্যালয়তে চৰকাৰী চাকৰিটো হ’ল। কবিতা আৰু নাটকৰ লগত সি আৰু ঘনিষ্ঠ হৈ আহিবলৈ ধৰিলে। প্ৰায়েই তাৰ বুকুত গাঁওখনৰ সাধু কথাটোৱে খুন্দা মাৰে। আৰু এদিন সেই কথাবোৰ নৈ হ’ল। ‘কথা-বঙ্কোৱাল’ এটা কবিতাৰ জন্ম হ’ল। বংঙ্কোৱালৰো যে নিজাকৈ কিছু সুখ-দুখ, হা-হুতাস আছে পোহৰমুখী মানুহবোৰে বুজি পালে। গাঁওখনৰ বুকুত শুই থকা ইতিহাসক তেওঁলোকে চুই চালে। ইয়াৰ পাছতে তাৰ বন্ধু-শুভাকাংক্ষীৰ প্রচেষ্টাত ‘কথা বংকোৱাল’-ক নাট্যৰূপ দিয়া হ’ল। এমিলতা, অমো, কমলা, নৰহ, জীৱন, দলে, মিতা, পাম, তগৰ, মিবু আদি চৰিত্ৰৰ মাজেদি ‘কথা-বংকোৱাল’ মঞ্চত উঠিবলৈ সাজু হ’ল। ডেনডোম, তাপুং, ৰিঃবি গাচেং, গেৰঃ, মিবু গালুক সকলো যোগাৰ কৰা হ’ল। অফিচৰ কাম-কাজ শেষ কৰি ঘৰলৈ গৈ পেটত কিবা এটা পেলায়েই সি এমেচাৰ হললৈ আহে। সীমান্ত, ৰাজীৱ, শেৱালি, জয়ন্তী সকলোৰে সমান উৎসাহ। কোনোৱে ঐনিতম শিকিছে, কেনোৱে দেনদুম বজাইছে, কেনোৱে তাপুঙত নৈপৰীয়া সুৰ তুলিছে, কোনোৱে গুমৰাগ নাচিবলৈ শিকিছে। মুঠতে বংকোৱালৰ অতীতৰ কাহিনীক প্রাণ দিবলৈ সকলো উঠি-পৰি লাগিছে যেতিয়াই সি হলৰ প্ৰৱেশদ্বাৰত ৰৈ তন্ময় হৈ ‘কথা-বংকোৱাল’-ৰ সমগ্র প্ৰস্তুতি চাই তাৰ মন আৱেগিক হৈ পৰে। ফিৰদৌছদাই গামৰ চৰিত্ৰটো লৈছে, এমিলতা হৈছে বাবৌ ৷ এমিলতা হ’ব জয়ন্তী আৰু সি অমো। জয়ন্তী মিচিং ছোৱালী নহয়। তাইৰ মুখাৱয়বতো মিচিং সম্প্ৰদায়ৰ ঠাঁচ নাই। কিন্তু তাই এমিলতাৰ নিষ্পাপ, কুমলীয়া প্ৰেমক ফুটাই তুলিব পাৰিছে। কিয় জানো এমিলতাৰ লগত থকা প্ৰেমৰ সংলাপবোৰ তাৰ কিবা নিজৰ যেন লগা হৈছে। জয়ন্তীৰ কেনে লাগে সেই কথা কিন্তু সোধা হোৱা নাই। সি এই কথা জয়ন্তীক সুধিব বুলি মনতে ভাবি থৈছে। নাটকখন হৈ যোৱাৰ পাছতে সুধিব। এৰা নাটকখন হৈ যোৱাৰ পাছত তাৰ বহু কামেই কৰিবলগীয়া আছে। বংকোৱালৰ অতীতক লৈ নাটক হ’ব। কথাবোৰ গাঁৱতো ওলাইছে। ইজনে-সিজনে আলোচনা কৰিছে। কোনো একে কৈছে— “ডেকাটো চহৰলৈ গৈ গাঁওখন পাহৰি যোৱা নাই।”
গাঁৱৰ মানুহখিনিক সি নাটকখন দেখুৱাব, ‘কথা বঙ্কোৱাল’-ক সি আদিমূললৈ আনিব৷ মানুহৰ মনত ৰিণিকিয়াই থকা অতীতক সি সজীৱ কৰি তুলিব। নাটকৰ দলটোৰ উৎসাহ চৰি আহিছিল। এমেচাৰ হলত নাটকখন মঞ্চস্থ কৰি উঠি পূজাৰ সময়তে বংকোৱালৰ ফালে যোৱাৰ কথা।
কিন্তু হঠাতে সকলো স্তব্ধ হৈ পৰিল। মানুহবোৰ, দেনদুমটো, ঐঃনিতমবোৰ, গুমৰাগৰ চেওবোৰ, হলটো, চহৰখন সকলো স্তব্ধ হৈ পৰিল। কিছুমান নতুন শব্দ, অভ্যাস চহৰখনৰ গলিয়েদি সোমাই আহিল। একেলগে কথা পতা, হাঁহি-স্ফূৰ্তিৰ অৱকাশবোৰৰ দুৱাৰ এখন এখনকৈ বন্ধ হৈ আহিল। ‘কথা-বংকোৱাল’ নিমাত হৈ পৰিল। নিদ্ৰাহীন ৰাতিবোৰত সি বিছনাত চট্ফটাবলৈ ধৰিলে৷ চাকৰিৰ কৰ্তব্য বাঢ়ি আহিল৷ দলে দলে ডেকাবোৰ বাহিৰৰ ৰাজ্যৰ পৰা ঘৰলৈ উভতিবলৈ ধৰিলে। বিদেশী ভাইৰাছটোৱে লাহে লাহে গোটেই দেশ ছানি ধৰিবলৈ আৰম্ভ কৰিলে। প্ৰাণৰ শঙ্কাত আপোন ঘৰখনেই আশাৰ সুৰক্ষিত স্থলী হৈ পৰিল। কৰ্তব্যৰ তাড়নাত সি নিয়মীয়াকে ফৰকাটিং ষ্টেচনলৈ লগত অফিচৰ দুজনমানক লৈ এনে শ্রমিকসকলক আনিবলৈ গৈ আছে। কেতিয়াবা ৰাতি দহ বাজি যায়। ট্ৰেইন আহি পোৱাত পলম হয়। মুখত মাস্কখন অনৱৰতে পিন্ধি থকাটো অস্বস্তিকৰ হৈ পৰে। ঠিক এনে এক সময়তে ফিৰদৌছদাৰ এই ফ’নটো আহিছে। নাটকখনত ফিৰদৌছদাৰ অভিনয় দুৰ্দান্ত হৈছিল। সেয়েহে তেখেত হয়তো মানসিক পীড়াত ভুগিছে। সি ফিৰদৌছদাক শুভৰাত্ৰি জনাই ফ’নটো থৈ দিয়ে।
তাৰ বয়সে এতিয়া সাতাইছ চুইছে। বয়সতকৈ তাৰ মুখাৱয়ব অধিক বয়স্ক যেন লাগে। কথাবোৰতো সি বেচ পৰিপক্ক। আচলতে সৰুৰে পৰা সি বহু ভাবি-চিন্তিহে কথা কয়। জীৱনটোক সি কোনোদিনে পাতলকৈ ল’ব পৰা নাই। সেয়েহে হয়তো তাৰ অন্তৰঙ্গতা বয়সত জ্যেষ্ঠসকলৰ লগতহে বৃদ্ধি পায়। প্ৰেমক লৈও সি গভীৰ। যদিও প্ৰেমৰ ছবিখন এতিয়াও তাৰ মনত এক ছয়াময়া ৰূপতহে বিদ্যমান।
“মই কাপুৰুষ নহওঁ। কোনো মানুহ জীয়াই নাথাকিলেও তই-মই জী থাকিম। আমি আকৌ দুয়োখন গাঁৱক একাকাৰ কৰিম। এই নৈখনক সাক্ষী কৰি জীয়াই থাকিব লাগিব যিখন নৈক লৈ দুইখন গাঁৱৰ বিভেদ আৰম্ভ হ’ল। আকৌ আমি আগৰ দৰে হ’ম।”
মিতাৰ দাৰ ঘাপত প্রাণ যোৱাৰ আগতে অমোৰ মনত এনে আশাবাদে ক্ৰিয়া কৰি আছিল। প্রেমৰ বৰষুণত কিমান সিক্ত হ’ল বাৰু এইদৰে মৃত্যু উপত্যকাৰ মাজতো আশাবোৰ জীয়াই থাকে? সি মুখৰ ভিতৰতে বচনটো আওৰাইছে। পূবত মেঘে গৰজিছে। দুই এটোপাল বৰষুণো পৰিছে। জয়ন্তীৰ প্রতি তাৰ প্ৰেমক লৈ সি সম্পূৰ্ণ নিশ্চিত হ’ব পৰা নাই। হয়তো প্ৰেম নহ’লৈ ক্ষণিক আকৰ্ষণ৷ কিন্তু আকৰ্ষিত নহ’লে প্ৰেমৰ পৰাণে ফুলৰ বুকু চুৱে জানো!
ট্ৰেইনখন আহি ষ্টেচনত ৰৈছেহি। মানুহবোৰ এজন এজনকে নামিছে। তেওঁলোকৰ বাবে দুখন বাছ সাজু কৰি থোৱা আছে। সকলোৱে মাস্ক্ পিন্ধি আছে। খোজবোৰ ভাগৰুৱা। চকুত দুঃচিন্তা। এৰি থৈ যোৱা ঘৰখনক পুনৰ দেখা পোৱাৰ এক ভাৱনাই তেওঁলোকৰ মুখমণ্ডল ভৰি আছে। বুজাই দিয়া মতেই তেওঁলোকে কামবোৰ কৰি গৈছে। কিন্তু তাৰ মাজতে কিছু সংখ্যকৰ চকুত যেন অলপ খং-অভিমান থুপ খাই আছে। নগৰত থকা অস্থায়ী swab center-ত তেওঁলোকৰ নমুনা সংগ্ৰহ কৰা হ’ব। তাৰ পাছত তেওঁলোকক নিজ নিজ ঘৰৰ ওচৰৰ প্ৰতিষ্ঠানিক কোৱাৰেণ্টিন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব। নাইবা চহৰৰ মাজ-মজিয়াৰ বিবাহ-ভৱন, বিদ্যালয়, মহাবিদ্যালয়ৰ কোৱাৰেণ্টিন কেন্দ্ৰত ৰখা হ’ব। পাছত পৰীক্ষাৰ ফল ক’ভিড পজিটিভ অহাসকলক গোলাঘাটৰ ক’ভিড হস্পিটেললৈ লৈ যোৱা হ’ব।
মানুহখিনিক বাছত তুলি সকলো নিৰ্দেশনা দি সি নিজৰ গাড়ীখনত উঠিলেহি ৷ ছেনিটাইজাৰেদি তিনিওজনে হাত মোহাৰি লৈছে। বাছ দুখনৰ আগে আগে তেওঁলোকৰ গাড়ী গৈ আছে। নিশা দহ বাজি চল্লিছ মিনিট গৈছে। এটা ভাগৰুৱা হুমুনিয়াহ মুখৰ পৰা ওলাই আহোঁতেই ফ’নটো বাজি উঠিল। জয়ন্তীৰ ফ’ন। এসপ্তাহৰ পাছত তাই ফ’ন কৰিছে। স্কীনত আঙুলিটো থোৱাৰ সময়ত তাৰ ভিতৰখনত এটা মৃদু কম্পন অনুভৱ হৈছে।
— “ক’ত আছ প্রাঞ্জল? মানুহবোৰ আনিবলৈ আজিও গৈছ নেকি?”
— “ওঁ। এতিয়া উভতিছোঁ। তোমাৰ ভাল নহয়?”
জয়ন্তীয়ে তাক চিনাকি হোৱাৰ কিছু দিনৰ পিছৰ পৰাই ‘তই’ বুলি মাতিবলৈ লৈছিল৷ সমবয়সীয়া হোৱা বাবে হয়তো। তাতে ছোৱালীজনী একেবাৰে খোলা মনৰ । সি কিন্তু এতিয়াও ‘তুমি’-তে ৰৈ আছে।
“কিমান যে সপোন আছিল নাটকখনক লৈ ৷ ক’ৰ পৰা যে ক’ৰ’না ভাইৰাছৰ এই জঞ্জালখন আহিল। এনেদৰে থাকিলে কিন্তু মই পাগল হৈ যাম।”— জয়ন্তীৰ কণ্ঠত এক অস্থিৰতা প্রকাশ পাইছে। সঁচাকৈ তাই মানসিকভাৱে ভাগি পৰিছে নেকি? সৰুৰে পৰা নাটক-ভাওনা-ৰাস আদি কৰা ছোৱালী। এইদৰে ঘৰত খুউব কমেইহে তাইৰ সোমাই থকা হয়। সি তাইৰ মানসিক অৱস্থাটো বুজি পাইছে। সি বুজনি দিয়াৰ সুৰতে ক’লে, “সকলো ঠিক হৈ যাব। আৰু কিছু দিন ধৈৰ্য ধৰ৷ আমি নাটকখন নিশ্চয় কৰিম৷”
— “কিন্তু কেতিয়া?”
— “তুমি প্ৰয়োজনতকৈ বেছি অধৈৰ্য হৈছা নেকি? অলপ খোজ কাঢ়িবলৈ লোৱা, ৰাতিপুৱা ব্যায়াম আৰু ধ্যান কৰা।”
তাৰ এই উপদেশবাক্যত যে ইমান ইন্ধন সোমাই আছিল, সি ভবাই নাছিল। জয়ন্তী একেবাৰে ফট্কা ফুটাদি ফুটিবলৈ ধৰিলে।
“তোৰ দৰে ধৈৰ্যৰ ঠিকাদাৰ হোৱাৰ কথা মোক নকবি। মই সদায় ময়েই হৈ থাকিম। মিচিং কাপোৰকেইযোৰ সদায় ৰাতিপুৱা জাপৰ পৰা মেলি গাত দি চাওঁ। এমিলতাৰ ৰূপটো মুখত চৰিছে নে নাই। বাচন ধুই থাকোঁতেও দেখোন মুখত ঐনিতমকেইফাঁকিহে আহে। মই কি কৰিম ক? কিমান ভাবিছিলোঁ তহঁতৰ বংকোৱাললৈ গৈ পুৰণি কথাবোৰ ক’ম। পথাৰৰ মানুহৰ লগত নামচিং খাম। এতিয়া বাৰু সেইবোৰ আশা কৰিব পাৰি নে?”
জয়ন্তীক তাৰ সৰু ছোৱালী এজনীৰ দৰে লাগিলে। সি যিমান পাৰে ধীৰ-স্থিৰ ভাবে ক’লে— “আশা কেতিয়াও শেষ নহয়। হৃদয়ৰ নিভৃত কোণৰ পৰা জুইফুলৰ দৰে ফুলি উঠা নিষ্পাপ আশাবোৰ এদিন পূৰ্ণ হয়। মই তাকেই বিশ্বাস কৰোঁ। আমাৰ সপোনবোৰ পূৰ হ’ব। প্রতীক্ষা কৰা।”
সি আৰু বিশেষ নকৈ ফ’নটো ৰাখিলে। ভিতৰি ভিতৰি সি পুলকিত হৈছে। জয়ন্তীয়ে তাৰ গাঁওখনক, সমাজখনক ইমান আপোন কৰি লৈছে। তাই তাক বাৰু আপোন…? সি দীঘলীয়াকৈ কথাবোৰ ভাবিব বিচাৰিছে। নভবাকৈয়ে সি আজি কি কথা ক’লে বাৰু “আমাৰ সপোনবোৰ পূৰ হ’ব।” সেই সপোনবোৰৰ পৰিসীমা জয়ন্তীয়ে অনুভৱ কৰিছেনে? যদি কৰিছে তাইৰ আজি ৰাতি টোপনি আহিব নে? তাৰ বুকুখনত এটা মিঠা বিষে গজালি মেলিছে।
…………………………………………………………………..
এই কথাবোৰৰ আজি চাৰি-পাঁচ মাহেই পূৰ হ’ল। সি কোৱা মতে কথাবোৰ কিন্তু ঠিক হৈ যোৱা নাই। বৰঞ্চ দৃশ্যপট ঘনাই সলনি হ’বলৈ ধৰিছে। অলিয়ে-গলিয়ে ভাইৰাছৰ উৎপাত বাঢ়িছে। মৃত্যুৰ হাৰ বাঢ়িছে। হস্পিটেলত বিছনাৰ সংখ্যা কমিছে। অক্সিজেনৰ যোগান কমিছে। সকলো মুকলি হৈ পৰিছে। বাটে-পথে, দোকানে-পোহাৰে মানুহৰ ভীৰ বাঢ়িছে। মাস্ক নিপিন্ধিলে জৰিমণা বিহাৰ আইন বিফল পৰিণত হৈছে। জীৱনৰ প্রতি মোহ বাঢ়িছে নে চগাৰ দৰে সকলোবোৰ জাহ যাবলৈ ওলাইছে। আচলতে মানুহবোৰে এটা গতি বিচাৰিছে। পূৰ্বৰ ছন্দ ঘূৰাই আনিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। কিন্তু ভেকচিন, হাৰ্দ ইমিউনিটি আদি কথাবোৰ তাৰ এতিয়া মৰীচিকাৰ দৰে যেন লাগিছে। তাৰ কাষেদি পাৰ হৈ যোৱা মাস্ক পিন্ধা দীঘল চুলিৰ ছোৱালী এজনীৰ চকুযোৰ তাৰ খুব চিনাকি যেন লাগিছে। তাৰ জয়ন্তীলৈ মনত পৰিছে। জয়ন্তীয়ে আজিকালি নাটকৰ কথা সুধি ফ’ন নকৰে। কেইদিনমান ফেইচবুক আৰু ইন্স্টা (Insta)-ত মিচিং চাদৰ-মেখেলা পিন্ধি ফট’ দিছিল। কেইদিনমান ফুলনিবাৰীৰ ফট’ দিলে। আৰু তাৰ পাছত মানুহজনী অন্তৰ্ধান হৈ পৰিল। সি ফোন কৰিলে। তাই হেনো ঘৰৰ ওচৰত পাচলি বিকিবলৈ লৈছে। চলিবলৈ কষ্ট হৈছে। হঠাতে তাৰ বুকুখন পুৰি আহিছিল। জয়ন্তীক সি লগ কৰিব লাগিব। কিন্তু আজিৰ এই সময়লৈকে কিন্তু তাৰ তাইক লগ কৰা হোৱা নাই। এইকেইদিন সি ক’ভিদ-১৯ৰ বিভিন্ন ব্যৱস্থাত লগা গাড়ীবোৰৰ বন্দোৱস্তৰ কামত লাগি আছে। তেনেকুৱা এখন গাড়ীৰ চালক এজনক লগ কৰিবলৈকে সি এতিয়া বাটা চাৰিআলিত এমেচাৰ হলৰ সন্মুখত ৰৈ আছে। হলটোৱে যেন ক্ৰমাৎ তাক পিছফালৰ পৰা টানিবলৈ ধৰিছে। সি ফাইজুৰ দা, অনুপ, জয়ন্তীহঁতৰ চিঞৰবোৰ, হাঁহিৰ খিলখিলনিবোৰ শুনিবলৈ পাইছে। ফ’নটো বাজিছে। বহু দিনৰ মূৰত ফাইজুৰ দাৰ মাত। তেখেতৰ আগৰ প্ৰাণোচ্ছ্বল, বিন্দাচ মাতটো কিন্তু নাই।
— ‘‘প্রাঞ্জল, তই ঠিকে আছ নে? তোৰ অফিচৰে বহুতৰে ওলোৱা বুলি শুনিছো দেখোন?”
— “ঠিকে আছোঁ ফাইজুৰ দা। কেইজনমানৰ হৈছে। কিন্তু সেইদৰে সুস্থও হ’ল। আপোনাৰ কেনেকুৱা?”
— “মোৰ? মোৰ এতিয়ালৈকে ক’ভিড হোৱা নাই। কিন্তু ধাৰত পোত গৈছোঁ। ব্যৱসায় বন্ধ হৈ যাব যেনেই পাইছোঁ। মূৰে কাম নকৰা হৈছে।”
ফাইজুৰ দা তাতকৈ জ্যেষ্ঠ যদিও সম্বন্ধত বন্ধুৰ দৰে। জীৱনৰ উঠা-নমা সকলো কথা মানুহজনে তাৰ লগত পাতে। নগৰখনৰ টোকানী পাৰ্কৰ চাৰিআলিটোতে তেখেতৰ মনোহাৰী বস্তুৰ দোকানখন। টুক্টাক্কৈ সংসাৰখন চলি আছিল। কোনোদিনে নিজৰ ব্যৱসায়ক লৈ কোনো দুখ বা অভিযোগ সি আজিলৈকে ফাইজুৰ দাৰ মুখত শুনা নাছিল।
— “কেইদিনমান ধৈৰ্য ধৰক। দিন এতিয়া সকলোৰে বেয়া৷ গাঁৱৰ খেতি-বাতিতে এইবাৰ লাগিব পাৰে দেখোন।”
সি ফাইজুৰ দাৰ নাহৰণিৰ ফালে থকা গাঁৱৰ ঘৰলৈ আগতে গৈছে। ককাই-ভাই চাৰিজন। খেতিৰ মাটিও বহুত আছে।
— “গাঁৱৰ মাটি-বাৰীনো ক’ত আছে এতিয়া। ককাই-ভাইৰ মাজত ভাগ হ’ল। মোৰ ভাগৰখিনি বিক্ৰী কৰি ইয়াত ঘৰটো বনালোহি।”
সি ফাইজুৰ দাক বুজনি দিবলৈ উপায় বিচাৰি পোৱা নাই।
— “পৰিস্থিতি আগৰ দৰে হ’বলৈ কিছু দিন লাগিব হয়তো। এই বছৰটো এনেদৰেই যাব।”
— “সেইটো ময়ো গম পাইছোঁ। কিন্তু প্ৰয়োজনবোৰ জানো এটা বছৰ পাৰ হোৱালৈ ৰ’ব? ছোৱালীজনী দশমমানত। স্কুলৰ পৰা অনলাইন ক্লাছ হৈ আছে। যেনে-তেনে এইকেইদিন ৰিচাৰ্জ কৰাই তাইৰ পঢ়াটো চলোৱাই আছিলোঁ। জানই নহয় তাইৰ ওপৰত মোৰ কিমান আশা। কিন্তু…”
— ‘‘কিন্তু কি হ’ল?”
“যোৱা সপ্তাহত ম’বাইলটো বেয়া হ’ল। এঠাইত ভাল কৰিবলৈ লৈ গ’লোঁ নতুন এটা কিনাৰ কথাহে ক’লে। এতিয়া কচোন এই অৱস্থাত ভাল ফ’ন এটা মই কেনেকৈ কিনিম? তাই মনটো মাৰি আছে।”— শেষলৈ ফাইজুৰ দাৰ মাতটো থুকাথুকি হৈ আহিছে। হয়তো তেখেতে তাৰ পৰা কিছু সহায় আশা কৰিছে। সি হাতত লৈ থকা ফ’নটোৰ কথাই ভাবিলে। এই ফ’নটোৰে তাৰ কামবোৰ ঠিকে চলি আছে। ছাউণ্ড্টো অলপ বেয়া হোৱা বাবে নতুন এটা কিনাৰ কথা সি ভাবি আছিল। এতিয়া ভাবিছে যে সি এইটোৰেই চলাই নিব পাৰিব। নতুন ফ’ন এটা সি ফাইজুৰ দাৰ ছোৱালীজনীৰ কাৰণেই কিনিব।
— “ফাইজুৰ দা, নতুন ফ’ন এটা কাইলৈয়েই আপোনালোকৰ ঘৰত দি থৈ আহিম। যি কোনো প্রকাৰে। ভনীৰ পঢ়া চলাই নিব লাগিব।”
— “নতুন ফ’ন নহ’লেও হ’ব। ক’ৰবাৰ পৰা পুৰণা ফ’ন এটা যোগাৰ কৰিব পাৰিলেও হয়। মিছাতে ইমান পইচা তই খৰচ কৰিব নালাগে।”
— “আপোনাৰ ছোৱালী মোৰ ভনী। তাইক পৰীক্ষাত ভাল কৰোৱাটো মোৰো দায়িত্ব ।”
কথাষাৰ কৈ ফ’নটো থোৱাৰ ঠিক পাছতেই তাৰ মনলৈ আহিলে যে ফাইজুৰ দাই আজি নাটকৰ কথা এবাৰো নুলিয়ালে। পেটৰ কামোৰণিৰ ওচৰত মনৰ ৰংবোৰ ধোঁৱা হৈ পৰে। এতিয়া নাটকখন কৰিব পাৰিলেও বাৰু কিমান মানুহে চাব? দিনবোৰ, মনবোৰ একে হৈ থাকিবগৈ নে? গাড়ীৰ চালকজন এতিয়াও অহা নাই। কোনোবা এজনে থিয়েটাৰ হলটোৰ দুৱাৰখন খুলিছে। তাৰ ভৰি দুটা সেই দিশত অগ্ৰসৰ হ’ল। মঞ্চখন এবাৰ সি চাই আহিব।
— “অ’ প্ৰাঞ্জল, ভাল নে তোমাৰ?”— মাস্ক পিন্ধি থকা ৰবীন দাক সি প্রথমে ধৰিব পৰা নাছিল।
— “ভালেই। দুৱাৰখন খোলা দেখি মঞ্চখন এবাৰ চাই যাওঁ বুলি আহিলোঁ।”
— “ভাল কৰিলা, এই মঞ্চতে তোমালোকে কিমান নাটক কৰিলা! আজি এই মঞ্চ খালী। ৰ’বা, মই লাইটকেইটা জ্বলাই দিছোঁ৷”
মানুহজন চিৰিয়েদি নামি যোৱাৰ খোজৰ শব্দই আন্ধাৰ নিজান সভাগৃহটোক যেন জগাব খুজিছে। তেখেতৰ পিছে পিছে আগবাঢ়ি যাওঁতে তাৰ এনেকুৱা লাগিছে যেন সি নিজৰেই হৃদয়ৰ কোনো গভীৰতম কোণতহে প্রৱেশ কৰিছে। বিজুলীবাতিৰ পোহৰত মঞ্চখন জিলিকি উঠিছে। সি ৰৈ গৈছে খালী চকীবোৰলৈ তাৰ চকু গৈছে। আৰু কিমান দিন এনে হ’ব। মনৰ কিছু কৰ্ষণ কৰিবলৈয়েতো মানুহবোৰ আহিছিল। ইজনে সিজনক সম্বোধন কৰিছিল, হাঁহিছিল, কথা পাতিছিল আৰু এটা সময়ত মঞ্চত দৃষ্টি নিৱদ্ধ হৈছিল। সৌৱা, মঞ্চত অমো আৰু এমিলতা। দুখন গাঁও শেষ হৈ গৈছে। ৰাতিৰ আন্ধাৰত নাৱৰ দিশ ভুল হৈ নিজৰ বঙহৰ তেজেৰেই মানুহবোৰ লুতুৰি হৈছে। অমোৱে এমিক কৈছে যে সি জীৱনক মাৰি পেলাব যিহেতু তাৰ কাৰণেই দুখন গাঁও ধ্বংস হ’ল। এমিলতাৰ বাবৈ গ’ল, নানে গ’ল। নিজৰ মানুহৰ মাজতেই কাজিয়া হ’ল। ককাই, ভাই সকলো গ’ল। তাৰ কথা শুনি এমিয়ে কৈছে, “নেলাগে তই সেইবোৰ নকৰিবি। দেৱতাই বেয়া পাব। সিহঁতে চাগে দেৱতাৰ ওচৰত জগৰ লগাইছিল।”
বাহিৰত কুকুৰৰ মাত ডাঙৰ হৈছে। অমোৱে বাহিৰলৈ চাইছে।
এমি : অমো কোনোবা আহিছে।
অমো : আহক দে ভয় নকৰিবি।
এমি : নহয়, সিহঁতে তোক পালে মাৰি পেলাব। তই ভিতৰলৈ যা।
অমো : মৰিলে দুয়োটা একেলগে মৰিম। আমাৰনো এতিয়া হেৰুৱাবলৈ কি বাকী থাকিল। মাত্ৰ তই আৰু মই।
শব্দবোৰ প্ৰেক্ষাগৃহত প্ৰতিধ্বনিত হৈছে। এই সময়ে আচলতে কি শিকাব খুজিছে? সময়ৰ কোনো অসীম বিন্দুৰ দিশত সি গৈ আছে। নাটক আৰম্ভ হৈছে। পুখুৰী খান্দোতে ওলোৱা লাওখোলাটোৱে কথা কৈছে।
— “কিয় আঁজুৰিছ তোৰ আজুককাৰ হাড়? এনেয়ে ভাঙিছে আমাৰ বুকুৰ ঘৰ।”
সৌৱা, মঞ্চত এগৰাকী বৃদ্ধা । তেখেতে কৈ গৈছে এখন গাঁৱৰ তেজলগা সাধু কথা৷ এদিন ৰাতিটোৰ ভিতৰতে আপঙৰ ৰাগীত এখন গাঁও উতনুৱা হৈছিল। ছন্দোময় নৃত্যৰ গতি ক্রমে উদ্দাম হৈ উঠিছিল। নদীখনে গভীৰ ৰাতি ঢৌ ঢৌ খেলিছিল আৰু পৰ্বতটো কঁপি উঠিছিল।
— “প্ৰাঞ্জল, হ’ল নে তোমাৰ? মই দুৱাৰ বন্ধ কৰি যাব খুজিছিলোঁ৷”
সি বাস্তৱলৈ ঘূৰি আহিছে। প্ৰেক্ষাগৃহৰ নিৰ্জনতাই তাক যেন গিলি পেলাব ধৰিছে। যিমান পাৰে খৰ খোজেৰে সি বাহিৰলৈ ওলাই আহিছে। গাড়ীৰ চালকজন হয়তো আজি নাহিব সি ঘৰলৈ বুলি বাইকখনত উঠিব খোজোঁতেই ফ’নটো বাজিলে। সি নিশ্চিত যে এয়া গাড়ীচালকজনেই হ’ব। নহয়, জয়ন্তীয়ে ফ’ন কৰিছে। বুকুখন তাৰ ধপ্ধপাইছে। মনৰ ভিতৰত কিবা কথা গোপনে ৰাখিলে হয়তো এনেকুৱাই হয়।
— ‘‘প্রাঞ্জল! তোৰ ভাল নে? বহু দিন তোৰ খা-খবৰ নাই যে? মোক পাহৰিলি ন?”
জয়ন্তীৰ এনে খাৰাংখাচ কথাবোৰে তাক অস্বস্তিত পেলায়। আজি কিন্তু সি চিন্তিত হৈছে। জয়ন্তীৰ মাতটো বৰ দুৰ্বল যেন লাগিছে।
— “জয়ন্তী, তুমি ঠিকে আছা নে? কি হৈছে তোমাৰ?”
— “মই কালি ক’ভিড হস্পিটেলত ভৰ্তি হ’লোঁ। তিনি দিনমান একে লেথাৰিয়ে জ্বৰ উঠি আছিল। পৰীক্ষা কৰিলত পজিটিভ আহিলে।” জয়ন্তীৰ ক্ষীণ কণ্ঠস্বৰে তাক জোকাৰি পেলাইছে। ক’ভিড, আই.চি.য়ু., অক্সিজেন আদিৰ বিভিন্ন খবৰৰ টুকুৰাবোৰে তাৰ চকুৰ আগত এতিয়া এটা চাকনৈয়াৰ সৃষ্টি কৰিছে। এই চাকনৈয়াত সি জয়ন্তীক সোমাই যাবলৈ দিব নোৱাৰে।
— “তোমাৰ ভাল হ’ব। তুমি চিন্তা নকৰিবা। মনটো শক্তিশালী কৰা।”
— “তই চিন্তা নকৰিবি। মই নিজক চাম। তই খালি মোৰ মা আৰু ভাইটিৰ খবৰ ৰাখিবি। মোৰ ঘৰখনক লৈহে চিন্তা হৈছে। কাক ফ’ন কৰিম বুলি ভাবোঁতে প্রথমে তোৰ মুখখনেই মনলৈ আহিলে!”
— “তুমি চিন্তা নকৰিবা। মই ঘৰখন চাম৷ এতিয়াই তালৈ গৈ আছোঁ।”
— “আমাৰ ঘৰত হয়তো তই সোমাব নোৱাৰিবি।”
মই বুজিছোঁ। তোমাৰ মা, ভাইটি containment zone-ত আছে। মই কৰিবলগীয়াখিনি সকলো কৰিম তুমি চিন্তা নকৰিবা৷”
“মই বেছি দেৰি কথা নাপাতোঁ। ভাগৰ লাগে। কাইলৈ আকৌ কথা পাতিম।”— জয়ন্তীয়ে ফ’নটো কটাৰ পাছত সি এক মুহূৰ্তও নোৰোৱাকৈ কাষৰ বজাৰখনত সোমাল। মোনা দুটাত চাউল-দাইল, পাচলি আদি প্রয়োজনীয় বুলি ভবা বস্তুখিনি কিনি সি তাৰ বাইকত উঠিলে। ধনশিৰিৰ নৈ দলঙৰ ফালে থকা জয়ন্তীৰ ঘৰৰ দিশত সি গৈ আছে। জয়ন্তী ভাল হ’ব লাগিব। ভাল হ’ব তাইৰ। সিহঁতে একেলগে নাটকখন কৰিব। এই শৰততে কৰিব। কাইলৈ সি তাইৰ লগত কেৱল নাটকৰ কথা পাতিব। বংকোৱালৰ মুকলি পথাৰত, শুকুলা ডাৱৰৰ তলত ৰূপালী জোনাকৰ মাজত সিহঁতে নাটকখন কৰিব। গাঁৱৰ মানুহবোৰে নিজৰেই অতীতক জী উঠা দেখিব। ঐনিতমৰ সুৰত বৰনৈৰ পাৰৰ কঁহুৱাবোৰ হালি-জালি নাচিব। পাছদিনা জয়ন্তী মিচিং কানেংজনী হৈ তাৰ লগত গাঁওখন চাবলৈ যাব। সপোন যেন লগা কথাবোৰ শুনি জয়ন্তীয়ে হয়তো বৰ ভাল পাব। ক’লা ডাৱৰৰ তলেদি পশ্চিমলৈ গৈ থকা বেলিটোৱে সোণালী বালিচন্দা এমুঠি ধনশিৰিৰ বুকুত সিঁচি দিছে। সি আশাবাদী হৈ উঠিছে। জয়ন্তীয়ে গাটো ভাল পালেই সি নাটকৰ পাছত সুধিম বুলি ভাবি থকা কথাটোও হয়তো সুধি পেলাব।
(কবি পলাশ লয়িঙৰ কবিতাৰ আলমত প্ৰয়াত অজিত দত্তৰ নাটক ‘কথা বংকোৱাল’-ৰ উদ্ধৃতি অনুমতি সাপেক্ষে দিয়া হৈছে।)
ভ্ৰাম্যভাষ: ৭০৮৬৭-২৮৬৬৭
